গুৱাহাটীত ষট পূজা উদযাপন, মুখ্যমন্ত্ৰীৰো অংশগ্ৰহণ
মুখ্যমন্ত্ৰী ড০ শৰ্মাই ব্ৰহ্মপুত্ৰৰ পাৰত উপস্থিত ভক্তসকলক শুভেচ্ছা জ্ঞাপন কৰে
আজি পবিত্ৰ ষট পূজা উপলক্ষে গুৱাহাটী মহানগৰীত দেখা গ’ল উখল-মাখল পৰিৱেশ। বিহাৰী সম্প্ৰদায়ৰ লোকসকলে ভক্তিপূৰ্ণভাৱে পালন কৰিলে এই ধৰ্মীয় উৎসৱটি।
গুৱাহাটীৰ পাণ্ডু ঘাটত আজি পুৱাতে হাজাৰ হাজাৰ ভক্তৰ উপস্থিতিত উদযাপন কৰা হয় ষট পূজা। সূৰ্য দেৱতাৰ পূজা-অৰ্চনা চলি থকাৰ সময়তে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ঘাটত উপস্থিত হৈ সূৰ্য দেৱতাৰ আশীৰ্বাদ লয়।
মুখ্যমন্ত্ৰী ড০ শৰ্মাই ব্ৰহ্মপুত্ৰৰ পাৰত উপস্থিত ভক্তসকলক শুভেচ্ছা জ্ঞাপন কৰে।
পাণ্ডু ঘাট আৰু পাণ্ডু কলনীৰ বিভিন্ন স্থানতো অনুষ্ঠিত হয় পূজা-পার্বণ। শুক্লা ষষ্ঠীৰ দিনটোত অনুষ্ঠিত এই ধৰ্মীয় উত্সৱত গুৱাহাটীৰ লগতে ৰাজ্যৰ বিভিন্ন স্থানৰ পৰা ভক্তসকলে অংশগ্ৰহণ কৰে।
নিয়মীয়া বাৰ্তা ডেস্ক, ২৮ অক্টোবৰ