নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহানগৰীৰ বজাৰত ফলমূলৰ অস্বাভাৱিক দামবৃদ্ধি

নিয়মীয়া বাৰ্তা ১৯ এপ্ৰিলঃ  গুৱাহাটী মহানগৰীৰ বজাৰত অস্বাভাৱিক হাৰত বৃদ্ধি পাইছে ফলমূলৰ দাম৷ ৰমজানৰ ৰোজাৰ গইনা লৈ একাংশ অসাধু ব্যৱসায়ীয়ে মহানগৰীৰ বজাৰত ফলমূলৰ দাম দুগুণে বৃদ্ধি কৰি গ্রাহকক মাধমাৰ শোধাইছে৷ পাইকাৰী বজাৰত ফলমূলৰ কৃত্রিম নাটনি দেখুৱাই অসাধু ব্যৱসায়ী চক্রই ফলমূলৰ দাম দুগুণ বৃদ্ধি কৰি ৰমৰমীয়া ব্যৱসায় চলাই থকাৰ পিছতো কামৰূপ মহানগৰ জিলা প্রশাসন আৰু গুৱাহাটী পৌৰ নিগমে এইক্ষেত্রত বিহিত ব্যৱস্থা গ্রহণ কৰা পৰিলক্ষিত হোৱা নাই৷

বিশেষকৈ মহানগৰীৰ ফাঁচীবজাৰ, লাখটকীয়া, উলুবাৰী, পল্টনবজাৰ, গণেশগুৰি, ছয়মাইল, চানমাৰি, বামুণীমৈদাম, নুনমাটি, নাৰেংগী, বৰবাৰী, পাঞ্জাবাৰী, হাতীগাঁও, সিজুবাৰী, বেলতলা, ভেটাপাৰা, বশিষ্ঠ, লখৰা, গড়চুক, জালুকবাৰী আৰু মালিগাঁৱত ৰমজান মাহ উপলক্ষে গঢ়ি উঠিছে শ শ ফলমূলৰ অস্থায়ী দোকান৷ পদপথৰ দাঁতিত গঢ়ি উঠা এনে ফলমূলৰ দোকানত ব্যৱসায়ীসকলে নিজৰ ইচ্ছা অনুসৰি ফলমূলৰ দাম বৃদ্ধি কৰি গ্রাহকসকলক মাধমাৰ শোধাইছে৷

তদুপৰি, এইসকল অসাধু ব্যৱসায়ীয়ে চৰা দামত গ্রাহকসকলক ভেজাল ফলমূল বিক্রী কৰাৰ অভিযোগ উত্থাপন হৈছে৷ খাদ্য সুৰক্ষা বিভাগৰ চকুৰ আগতে মহানগৰীৰ বজাৰত অসাধু ব্যৱসায়ীয়ে চৰা দামত ভেজাল ফলমূল বিক্রী কৰি গ্রাহকক মাধমাৰ শোধাই থকাৰ সমান্তৰালকৈ জনস্বাস্থ্যলৈ ভাবুকি কঢ়িয়াই আনিছে যদিও বিভাগীয় কর্তৃপক্ষই মৌনতা অৱলম্বন কৰা পৰিলক্ষিত হৈছে৷ সেয়েহে এনে অসাধু ফলমূল ব্যৱসায়ীৰ বিৰুদ্ধে খাদ্য সুৰক্ষা বিভাগক বিহিত ব্যৱস্থা গ্রহণ কৰিবলৈ ভুক্তভোগী গ্রাহকে আহ্বান জনাইছে৷

You might also like