নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উত্তৰ–পূবৰ তিনি ৰাজ্য ত্রিপুৰা, নাগালেণ্ড আৰু মেঘালয়ত নির্বাচনৰ দিন ঘোষণা

নিয়মীয়া বাৰ্তা, ১৯ জানুৱাৰী: উত্তৰ–পূর্বাঞ্চলৰ তিনি ৰাজ্যৰ বিধানসভাৰ দিন আজি ঘোষণা কৰিলে দেশৰ নির্বাচন আয়োগে৷ নির্বাচন আয়োগৰ ঘোষণা অনুসৰি ত্রিপুৰাত ১৬ ফেব্রুৱাৰী, নাগালেণ্ড আৰু মেঘালয়ত ২৭ ফেব্রুৱাৰীত ভোটগ্রহণ কৰা হ’ব৷ তিনিও ৰাজ্যৰ নির্বাচনী ফলাফল অর্থাৎ ভোটগণনা দুই মার্চত অনুষ্ঠিত হ’ব৷ উল্লেখ্য যে ত্রিপুৰাত চলিত বর্ষৰ ২২ মার্চ, নাগালেণ্ডত ১২ মার্চ আৰু মেঘালয়ত ১৫ মার্চত চলিত বিধানসভাৰ কার্যকাল সামৰণি পৰিব৷ প্রতিখন ৰাজ্যতে ৬০টাকৈ বিধানসভা সমষ্টি আছে৷ নির্বাচন আয়োগৰ মুখ্য নির্বাচন আয়ুক্ত ৰাজীৱ কুমাৰে সংবাদ মেলযোগে তিনি ৰাজ্যৰ বিধানসভা নির্বাচনৰ দিন আৰু ভোটগণনাৰ দিন ঘোষণা কৰাৰ লগতে তিনিওখন ৰাজ্যতে মিলি ৬২.৮ লাখ ভোটাৰ থকা বুলি প্রকাশ কৰিছে৷ লক্ষণীয় যে ত্রিপুৰাত দ্বিতীয়বাৰৰ বাবে শাসনৰ গাদীত অধিষ্ঠিত হোৱাৰ লক্ষ্যৰে বিজেপিয়ে ইতিমধ্যে নির্বাচনী প্রচাৰ আৰম্ভ কৰিছে৷ বাঁওপন্থীৰ দুর্গ উৎখাত কৰি ত্রিপুৰাত ইতিহাস সৃষ্টিৰে প্রথমবাৰৰ বাবে চৰকাৰ গঠন কৰা বিজেপিৰ বাবে এইবেলি বিধানসভা নির্বাচন সহজ হৈ নুঠিব বুলি সূত্রত প্রকাশ৷ মেঘালয় আৰু নাগালেণ্ডতো নেচনেল পিপলছ পার্টী আৰু নেচনেলিষ্ট ডেমক্রেটিক প্রগ্রেচিভ পার্টীৰ নেতৃত্বাধীন নেডাৰ সন্মিলিত চৰকাৰ শাসনৰ গাদীত আছে৷ তিনিওখন ৰাজ্যতেই বিধানসভা নির্বাচনৰ দিন ঘোষণা কৰাৰ লগে লগে ৰাজনৈতিক দলসমূহৰ তৎপৰতা বৃদ্ধি পাইছে৷ নির্বাচন আয়োগৰ ঘোষণা অনুসৰি ত্রিপুৰাত ২১ জানুৱাৰীত অধিসূচনা জাৰি কৰা হ’ব৷ ৩০ জানুৱাৰীত নির্বাচনৰ মনোনয়ন–পত্র দাখিলৰ অন্তিম দিন, মনোনয়ন নিৰীক্ষণৰ দিন ৩১ জানুৱাৰী আৰু প্রার্থীৰ মনোনয়ন প্রত্যাহাৰৰ অন্তিম দিন ২ ফেব্রুৱাৰী৷ মেঘালয় আৰু নাগালেণ্ডত ৩১ জানুৱাৰীত নির্বাচনী অধিসূচনা জাৰি কৰাৰ পাছত ৭ ফেব্রুৱাৰীত মনোনয়ন দাখিলৰ অন্তিম দিন, মনোনয়ন নিৰীক্ষণৰ দিন ৮ ফেব্রুৱাৰী আৰু প্রার্থীৰ মনোনয়ন প্রত্যাহাৰৰ অন্তিম দিন ১০ ফেব্রুৱাৰী৷ দুয়োখন ৰাজ্যতে ২৭ ফেব্রুৱাৰীত ভোটগ্রহণ হ’ব৷ নির্বাচন আয়োগে প্রকাশ কৰা মতে ই চি আই সুবিধা প’র্টেলত অনলাইনযোগে মনোনয়ন আৰু শপতনামা দাখিলৰ সুবিধা লাভ কৰিব ৰাজনৈতিক দল আৰু প্রার্থীয়ে৷ নির্বাচনী সভা, সমদলকে ধৰি বিভিন্ন নির্বাচনী প্রচাৰ কার্যসূচীৰ ক্ষেত্রত এই প’র্টেলযোগে ৰাজনৈতিক দলসমূহে অনলাইন আবেদন কৰিব পাৰিব৷

You might also like