গুৱাহাটী টেষ্টত পৰাজয়ৰ দুৱাৰত টীম ইণ্ডিয়া… হ’ব নেকি কিবা মিৰাকল…
গুৱাহাটীত চলি থকা দ্বিতীয় টেষ্ট মেচত টীম ইণ্ডিয়া পৰাজয়ৰ গ্ৰাসত পৰিছে। দুখন মেচৰ টেষ্ট ছিৰিজৰ প্ৰথমখন মেচ জিকা দক্ষিণ আফ্ৰিকাই দ্বিতীয় টেষ্টতো একেধৰণে আধিপত্য বিস্তাৰ কৰিছে। দ্বিতীয় টেষ্টৰ প্ৰথম ইনিংছতেই দক্ষিণ আফ্ৰিকাই ২৮৮ ৰানৰ লীড লয়। ফলত ভাৰতে ক্লীন–ছুইপৰ মুখামুখি হোৱাৰ আশংকা সৃষ্টি হৈছে।
ভাৰতৰ বেটিং অত্যন্ত বেয়া আছিল। টেষ্ট ক্রিকেটৰ বাবে প্ৰয়োজনীয় মনোবল আৰু সংযম দুয়োটাই অভাৱ আছিল। কিছু ভাল বলিং হৈছিল, কিন্তু বেটচমেনসকল কঠিন স্পেলৰ মুখামুখি কৰিবলৈ সাজু নাছিল। দ্রুতগতিত লক্ষ্য অর্জনৰ মনোভাব দেখিবলৈ পোৱা গৈছিল, যি টেষ্ট মেচত অবাস্তৱ। এনে দীঘল স্কোৰ লাহে লাহে গঢ়ি তুলিবলৈ লাগে। ভাৰতে সেই ধৈৰ্য্য প্ৰদৰ্শনেই নকৰিলে।
প্ৰথম ইনিংছত ২৮৮ ৰানৰ ডাঙৰ লীড লোৱাৰ পিছত দক্ষিণ আফ্ৰিকাই তৃতীয় দিনৰ অন্তত কোনো উইকেট নেহেৰুৱাকৈ ২৬ ৰান কৰে। এতিয়া তেওঁলোকৰ মুঠ লীড ৩১৪ ৰান। দক্ষিণ আফ্ৰিকাৰ বাবে এতিয়ালৈকে আটাইতকৈ শ্ৰেষ্ঠ খেল দেখুৱাইছে মাৰ্কো জনচনে। তেওঁ প্ৰথমে ৯৩ ৰান কৰাৰ বিপৰীতে বলিঙত ৬টা উইকেট লৈ ভাৰতক বিপদত পেলাইছে।
উল্লেখ্য যে দক্ষিণ আফ্ৰিকাই প্ৰথম ইংনিংছত ৪৮৯ ৰান কৰাৰ বিপৰীতে ভাৰতে মাত্ৰ ২০১ ৰানতে অলআউট হৈ যায়।
ডিজিটেল ডেস্ক, ২৪ নৱেম্বৰ