৫০০০+ খেলুৱৈ, ৪০০টা পদক…, আৰম্ভ খেল’ ইণ্ডিয়া ইউনিভাৰ্ছিটী গেমছ
জয়পুৰৰ SMS ষ্টেডিয়ামত খেল’ ইণ্ডিয়া ইউনিভাৰ্ছিটী গেমছৰ উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হৈছে। খেল মন্ত্রী মনসুখ মাণ্ডৱিয়া আৰু ৰাজস্থানৰ মুখ্যমন্ত্রী ভজনলাল শৰ্মাই প্ৰদীপ প্রজ্বলন কৰি খেল উদ্বোধন কৰে। এইখন খেল’ ইণ্ডিয়া গেমছৰ পঞ্চম সংস্কৰণ, যাৰ আয়োজক হৈছে ৰাজস্থান।
দেশৰ বিভিন্ন ২৩২খন বিশ্ববিদ্যালয়ৰ পৰা অহা ৫,০০০ৰো অধিক শিক্ষাৰ্থী এই খেলত অংশগ্ৰহণ কৰিছে। জানিবলগীয়া, এই খেলসমূহ ২৪ নৱেম্বৰ পৰা ৫ ডিচেম্বৰলৈ চলিব। উদ্বোধনী সমাৰোহত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাৰ্তাও পাঠ কৰা হয়। উদ্বোধন উপলক্ষে মুখ্যমন্ত্রী ভজনলাল শৰ্মাই প্ৰধানমন্ত্ৰী মোদী আৰু খেল মন্ত্রী মনসুখ মাণ্ডৱিয়াক ধন্যবাদ জ্ঞাপন কৰে যে ৰাজস্থানক এই গেমছৰ আয়োজকত্ব দিয়া হৈছে।
উদ্বোধনী সমাৰোহত ৰাজস্থানীয় সংস্কৃতিৰ বিভিন্ন আয়োজন প্ৰদৰ্শন কৰা হয় আৰু দেশৰ বহু খ্যাতনামা শিল্পীয়ে অনুষ্ঠানত পৰিৱেশনা আগবঢ়ায়। খেলসমূহ ৭টা চহৰত অনুষ্ঠিত হ’ব— জয়পুৰ, বিকানেৰ, ক’টা, উদয়পুৰ, যোধপুৰ, আজমেৰ আৰু ভৰতপুৰ।
এই খেলত ২৩বিধ খেল, ৫ হাজাৰতকৈ অধিক এথলীট অংশ ল’ব আৰু ৪০০ৰো অধিক স্বৰ্ণপদকৰ বাবে প্ৰতিযোগিতা হ’ব। প্ৰথমবাৰলৈ ৰাজস্থান খেল’ ইণ্ডিয়া ইউনিভাৰ্চিটি গেমছৰ আয়োজক হৈছে। আগতীয়াভাৱে এই গেমছৰ আয়োজক আছিল— ওড়িশা, কৰ্ণাটক, উত্তৰপ্ৰদেশ আৰু উত্তৰ–পূৰ্বাঞ্চলৰ ৰাজ্যসমূহ (চতুৰ্থ সংস্কৰণত যৌথভাৱে)।
উদ্বোধনী সময়ত হাজাৰ হাজাৰ লোক খেলপথাৰত উপস্থিত আছিল। খেলমন্ত্রী মনসুখ মাণ্ডৱিয়া আৰু মুখ্যমন্ত্রী ভজনলাল শৰ্মাই সকলো খেলুৱৈক শুভেচ্ছা জ্ঞাপন কৰে। এইসময়ত খেলুৱৈসহ উপস্থিত সকলো অতিথিক ৰাজস্থানৰ খেলমন্ত্রী কৰ্নেল ৰাজৱৰ্ধন সিং ৰাথাড়ে স্বাগতম জনায়।
ডিজিটেল ডেস্ক, ২৪ নৱেম্বৰ