নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহানগৰ আৰক্ষীৰ সফলতা.. গড়চুকত ড্ৰাগছ-সহ দুই সৰবৰাহকাৰীক আটক

অভিযানত আটক কৰা সৰবৰাহকাৰী দুটাৰ নাম ক্ৰমে তপন শৰ্মা আৰু পৰী বড়ো

গুৱাহাটী মহানগৰীত ড্ৰাগছবিৰোধী অভিযান অব্যাহত ৰখা অৱস্থাত গড়চুক আৰক্ষী আৰু SOG টীমে শুকুৰবাৰে এক উল্লেখযোগ্য সফলতা অৰ্জন কৰিছে। গড়চুকৰ পামহী এলেকাত চলোৱা যৌথ অভিযানত বৃহৎ পৰিমাণৰ ড্ৰাগছসহ দুজন সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে।

দুজন সৰবৰাহকাৰীৰ পৰা উদ্ধাৰ কৰা হয় ড্ৰাগভৰ্তি চাবোন কেচ ২টা। মণিপুৰৰ পৰা ড্ৰাগছখিনি লৈ আহিছিল বুলি প্ৰকাশ পাইছে। এই অভিযানত AS-01GN-0247 নম্বৰৰ এখন হোণ্ডা এমেজ গাড়ী, নগদ ৬৩,০০০ টকা উদ্ধাৰ কৰা হয়। জব্দকৃত ড্ৰাগছৰ বজাৰ মূল্য প্ৰায় ৫ লাখ টকা হব বুলি অনুমান কৰা হৈছে। 

অভিযানত আটক কৰা সৰবৰাহকাৰী দুটাৰ নাম ক্ৰমে তপন শৰ্মা আৰু পৰী বড়ো।

দীৰ্ঘদিন ধৰি মহানগৰীৰ বিভিন্ন প্ৰান্তত ড্ৰাগছৰ ব্যৱসায় চলাই অহা এই দুজন সৰবৰাহকাৰীৰ বিৰুদ্ধে আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে। ড্ৰাগছ নেটৱৰ্ক সম্পূর্ণৰূপে উদ্ঘাটনৰ বাবে অধিক তদন্ত আৰম্ভ কৰিছে গড়চুক আৰক্ষীয়ে।

গুৱাহাটী মহানগৰত ড্ৰাগছ-প্ৰতিৰোধী অভিযান আৰু কঠোৰ হস্তক্ষেপ আগলৈও অব্যাহত থাকিব বুলি সূচনা কৰিছে আৰক্ষী শাখাই।

ডিজিটেল ডেস্ক, ৬ ডিচেম্বৰ

লগতে এইটোও পঢ়ক —- সমাগত বিধানসভা নিৰ্বাচন : মুখ্য়মন্ত্ৰীয়ে দিলে ডাঙৰ বাৰ্তা… সৰ্বত্ৰ উছাহ

You might also like