নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সু–স্বাস্থ্যৰ মহৌষধঃ শাৰীৰিক পৰিশ্রম

-বন্তি বৰঠাকুৰ বৰুৱা

এইটো তুমি ধুৰুপকৈ বুজিবা যে আমি জীৱনৰ যি অৱস্থাতে নাথাকোঁ কিয়, ভগৱানে আমাৰ ওপৰত শ্রম কৰাৰ দায়িত্ব ন্যস্ত কৰিছেই৷ পাবলৈ বিচৰা একো বস্তুকেই বিনাশ্রমে পোৱা নাযায়– ছাৰ ৱাল্টাৰ স্কট৷
শ্রদ্ধাৰ হোমেন বৰগোহাঞিয়ে তেওঁৰ ‘আত্মানুসন্ধান’ নামৰ বহুপঠিত পুথিখনত এনেদৰে উল্লেখ কৰিছে–
‘জীৱনত সুখ আৰু আনন্দৰ এটা প্রধান উৎস হ’ল সু–স্বাস্থ্য আৰু সু–স্বাস্থ্যৰ কাৰণে আন বহুতো বস্তুৰ লগতে এটা প্রধান অপৰিহার্য বস্তু হ’ল শাৰীৰিক পৰিশ্রম৷’
তেওঁ উক্ত পুথিখনৰে আন এঠাইত পুনৰ কৈছে– মই বিশ্বাস কৰোঁ যে শাৰীৰিক পৰিশ্রম নির্মল আনন্দৰ এটা প্রধান উৎস আৰু নৈতিক উৎকর্ষ সাধনৰ এটা প্রধান উপায়৷ সেই কাৰণে প্রত্যেক মানুহেই জীৱিকাৰ কাৰণে বা আনন্দৰ কাৰণে কেৱল ব্যায়াম নহয়, কিবা নহয় কিবা এবিধ শাৰীৰিক পৰিশ্রম কৰা উচিত বুলি মই ভাবোঁ৷ ইহুদীসকলৰ ধর্মশাস্ত্রই শাৰীৰিক পৰিশ্রমক ধর্ম সাধনাৰ এটা অবিচ্ছেদ্য অংগত পৰিণত কৰিছে৷ প্রত্যেক ইহুদীয়ে তেহেলৈ তেওঁ লাগে যিমানেই ডাঙৰ সদাগৰ বা দার্শনিক বা পণ্ডিত নহওক কিয়– নিজৰ জীৱিকা উপার্জনৰ কাৰণে কিবা এবিধ শাৰীৰিক পৰিশ্রম কৰাটো বাধ্যতামূলক আছিল৷’
শৰীৰ নিৰোগী আৰু সবল কৰি ৰাখিবলৈ সকলো বয়সৰ মানুহেই নিয়মিতভাৱে শাৰীৰিক পৰিশ্রম বা ব্যায়াম কৰাটো একান্তই প্রয়োজনীয় কথা৷ সততেই দেখা পোৱা যায় যে দিনৰ দিনটো অফিচৰ টেবুলত বহি কাম কৰাসকলক বেমাৰ–আজাৰে বেছিকৈ আক্রমণ কৰে৷ বিশেষকৈ মধুমেহ, উচ্চ ৰক্তচাপ, মেদবহুলতা আদি ৰোগৰ প্রকোপ এইসকল লোকৰ ভিতৰত বেছি৷ যিসকলে অফিচলৈ যোৱাৰ আগত বা পিছত বাৰীয়ে–ঘৰে কিছু কাম কৰে, তেওঁলোকৰ শৰীৰ সুস্থ হৈ থকাৰ লগতে মনো প্রফুল্লিত হৈ থাকে৷ নিজৰ ঘৰৰ বাৰীখনত কিছুসময় কাম কৰা অভ্যাসৰ ফলত তেওঁলোকে নিজে কৰা সতেজ শাক–পাচলিৰ সোৱাদ ল’বলৈ সক্ষম হয়৷ ফলত বজাৰৰ ৰাসায়নিক সাৰ দিয়া পাচলিৰ পার্শ্বক্রিয়াই তেওঁলোকৰ শৰীৰত প্রভাৱ পেলাব নোৱাৰে৷ বর্তমান সময়ত চহৰবাসী বহুতৰে শাৰীৰিক পৰিশ্রম কৰি খেতি কৰাৰ বাবে এচিকটা মাটিও নাথাকে৷ তেওঁলোকে খোজকঢ়া, চাইকেল চলোৱা নাইবা ব্যায়াম কৰাটো বাধ্যতামূলক কৰিব লাগে৷ শ্রম কৰি জীৱিকা নির্বাহ কৰাসকলে বেলেগকৈ ব্যায়াম কৰাৰ প্রয়োজন নাই৷ কঠোৰ পৰিশ্রম আৰু ইতিবাচক চিন্তাইহে জীৱনলৈ সফলতা আনিব পাৰে৷
বিশ্ব স্বাস্থ্য সংস্থাৰ সমীক্ষা মতে, বিশ্বৰ বহুসংখ্যক শিশু পর্যাপ্ত শাৰীৰিক পৰিশ্রমৰ অভাৱত হূদৰোগত আক্রান্ত হয়৷ আশী শতাংশতকৈ অধিক ছাত্র–ছাত্রী, যিসকলৰ বয়স ১১–১৭ৰ ভিতৰত, তেওঁলোকে নূ্যনতম প্রয়োজনীয় এঘণ্টাও শাৰীৰিক পৰিশ্রম নকৰে৷ বিশ্ব স্বাস্থ্য সংস্থাই ১৪৬খন দেশৰ ১.৬ মিলিয়ন কিশোৰৰ ওপৰত চলোৱা অধ্যয়নৰ পিছত প্রকাশ কৰিছে যে এই বয়সৰ ছাত্র–ছাত্রীসকলে নির্ধাৰিত শাৰীৰিক পৰিশ্রম কৰাৰ প্রয়োজনীয়তা আছে৷ নিয়মিত খেলা–ধূলা, খোজকঢ়া, চাইকেল চালনা আদি শ্রমে শৰীৰৰ হূদযন্ত্র সবল, পেশীৰ দৃঢ়তা বৃদ্ধি কৰাৰ উপৰি হাড় মজবুত কৰে আৰু শৰীৰৰ ওজন নিয়ন্ত্রণত ৰাখে৷ খেলা–ধূলাৰ সুযোগ–সুবিধাই কিশোৰ–কিশোৰীসকলৰ্ শাৰীৰিক আৰু মানসিক স্বাস্থ্য অটুট ৰাখে৷ গতিকে শিশুৰ শাৰীৰিক আৰু মানসিক বিকাশৰ বাবে অভিভাৱকে শিশুসকলক সৰুৰে পৰাই খেলা–ধূলাৰ সুবিধা প্রদান কৰিব লাগে৷
পৰিশ্রমীজনে আলস্যপ্রিয় প্রতিভাধৰকো চেৰ পেলায়৷ হাতৰ ৰেখাই নহয়, কর্মইহে ভাগ্য নির্ণয় কৰে৷ আমি সকলোৱে ঘৰত যিমান পৰা যায় সিমান কাম নিজে কৰাৰ লগতে সন্তানকো সৰুৰে পৰা কাম কৰাৰ অভ্যাস কৰিব পাৰিলে আমি বহুতো বেমাৰৰ পৰা হাত সাৰি থাকিব পাৰিম৷

You might also like