পূৰ্ণগতিত অব্যাহত গুৱাহাটী প্ৰেছ ক্লাবৰ নিৰ্বাচনৰ ভোটগণনা
উল্লেখ্য যে মুঠ ১,১০০ ভোটাৰৰ ভিতৰত প্ৰায় ৯৩৮গৰাকী ভোটাৰে ভোটদান সাব্যস্ত কৰে।
গুৱাহাটী প্ৰেছ ক্লাবৰ নিৰ্বাচন কালি সমাপ্ত পৰাৰ পিছত আজি চলি আছে ভোটগণনা। ভোটগণনা শেষ হোৱাৰ লগে লগে ফলাফল ঘোষণা কৰা হ’ব। এই নিৰ্বাচনত জয়ী হোৱা প্ৰাৰ্থীৰ কাৰ্যকাল হ’ব দুবছৰ, অৰ্থাৎ ২০২৫ৰ পৰা ২০২৭ বৰ্ষলৈকে তেওঁলোকে প্ৰেছ ক্লাবৰ নিৰ্দিষ্ট পদত কাৰ্যনিৰ্বাহ কৰিব। উল্লেখযোগ্য যে এইবাৰ উপ-সভাপতি পদত প্ৰদীপ বৰ্মন আৰু মহিলা সংৰক্ষিত আসনত ৰঞ্জিতা ৰাভাই বিনাপ্ৰতিদ্বন্দ্বিতাৰে জয়ী হৈছে।
অন্যান্য পদসমূহত প্ৰতিদ্বন্দ্বিতা আৰু প্ৰাৰ্থীসকল হ’ল-
- সভাপতি: ভুৱন চেতিয়া আৰু খগেন কলিতা
- সাধাৰণ সম্পাদক: অমৰেন্দ্ৰ ডেকা, অপূৰ্ব কাৰ্জী, জোনজ্যোতি দত্ত বৰা আৰু প্ৰাঞ্জল বৰুৱা
- সহকাৰী সাধাৰণ সম্পাদক: কে. জামান চৌধুৰী, শ্বাহ আলম
- সহকাৰী সাধাৰণ সম্পাদক (মহিলা সংৰক্ষিত): পদ্মিনী হাজৰিকা, ৰশ্মিৰেখা শইকীয়া
- কোষাধ্যক্ষ: হীৰকজ্যোতি টাইড, কনক শইকীয়া, ৰণ্টু নেওগ
- সাংগঠনিক সম্পাদক: দীপাংকৰ কলিতা, হেমন্ত শৰ্মা, নয়নজ্যোতি ভূঞা
- সাংস্কৃতিক সম্পাদক: মনোজ দুৱৰা, সমীৰণ বৰঠাকুৰ
- ক্ৰীড়া সম্পাদক: দীপাংকৰ দাস, পীতাম্বৰ নেৱাৰ
উল্লেখ্য যে মুঠ ১,১০০ ভোটাৰৰ ভিতৰত প্ৰায় ৯৩৮গৰাকী ভোটাৰে ভোটদান সাব্যস্ত কৰে।
নিয়মীয়া বাৰ্তা ডেস্ক, ২২ অক্টোবৰ