প্রকৃতিৰ তাণ্ডৱ
ইটোৰ পিছত সিটো সমস্যাই লগ এৰা নাই শ্রীলংকাক৷ কেতিয়াবা যদি প্রতিবাদৰ ফলত দেশৰ অর্থনীতি বিধ্বস্ত হৈছে, কেতিয়াবা আকৌ প্রাকৃতিক দুর্যোগে বিধ্বস্ত কৰিছে দেশখনক৷ শেহতীয়াকৈ দেশখনে প্রাকৃতিক দুর্যোগৰ সৈতে মোকাবিলা কৰিবলগীয়া হৈছে৷ শ্রীলংকাত শেহতীয়া বছৰবোৰত সংঘটিত প্রাকৃতিক দুর্যোগতকৈ এইবাৰৰ দুর্যোগ অধিক ভয়াৱহ৷ নৱেম্বৰ মাহৰ ২৮ তাৰিখে দ্বীপ ৰাষ্ট্রখনৰ পূব উপকূলত হোৱা ঘূর্ণি বতাহ ‘ডিটৱা’ৰ ফলত ব্যাপক বানপানীৰ সৃষ্টি হয়৷ এফালে বানপানী, আনফালে ধাৰাসাৰ বৰষুণ, ভূমিস্খলনে পৰিস্থিতি অধিক ভয়ানক কৰি তুলিছে৷ ৰাষ্ট্রখনত জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হৈছে৷ প্রাপ্ত খবৰ অনুযায়ী এইপর্যন্ত ২০ হাজাৰতকৈ অধিক ঘৰ বিধ্বস্ত হৈছে৷ দেশখনৰ দুর্যোগ ব্যৱস্থাপনা কেন্দ্রই জানিবলৈ দিয়া তথ্য অনুযায়ী কেইবাসহস্ৰ লোকক চৰকাৰী সাহায্য শিবিৰলৈ লৈ যোৱা হৈছে৷ দেশখনত বিদ্যুৎ আৰু খোৱাপানীৰ অভাৱ হৈছে৷ ১৫৯তকৈ অধিক লোকৰ মৃত্যু হৈছে৷ এনে পৰিস্থিতত চুবুৰীয়া দেশখনৰ সংকটৰ সময়ত থিয় দিবলৈ ভাৰতে আৰম্ভ কৰিছে– অপাৰেচন সাগৰ বন্ধু ৷ শ্রীলংকাত থকা পর্যটকসকলক উদ্ধাৰৰ বাবে ইতিমধ্যে হেল্পলাইন নম্বৰ ঘোষণা কৰিছিল৷ ভাৰতৰ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে শ্রীলংকাত মৃতকৰ পৰিয়াললৈ সমবেদনা ঘোষণা কৰিছে৷ লগতে এই কঠিন পৰিস্থিতিত দেশখনৰ সৈতে ভাৰত আছে বুলি কয়৷ সামগ্রিক পৰিস্থিতিৰ প্রতি লক্ষ্য ৰাখি প্রয়োজনত আৰু অধিক সহায়ৰ বাবেও তেওঁ সাজু বুলি মন্তব্য প্রকাশ কৰে৷ অলপতে ইণ্ডোনেছিয়াত ৬.২ ৰিখটাৰ স্কেলত ভূমিকম্পৰ সৃষ্টি হয়৷ এতিয়া বানপানীৰ ফলত প্রায় ৪০০তকৈ অধিক লোক নিৰুদ্দেশ হৈছে৷ এই নিৰুদ্দিষ্ট লোকসকলক উদ্ধাৰৰ বাবে উদ্ধাৰকাৰী দলসমূহে অনুসন্ধান চলাই আছে৷ সুমাত্রা দ্বীপত প্রায় ৫০০তকৈ অধিক লোকৰ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে৷ ক্ষতিগ্রস্ত অঞ্চললৈ সাহায্য প্রেৰণ কৰা হৈছে যদিও এতিয়াও বহু লোকে লাভ কৰা নাই কোনোধৰণৰ সাহায্য৷ যাৰ ফলত মানুহে খাদ্য, বিশুদ্ধ পানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে৷
মালয়েছিয়া, থাইলেণ্ডতো এই বানৰ ফলত বহু লোকৰ মৃত্যু হৈছে৷ অঞ্চলসমূহৰ লাখ লাখ শিশুৱে বিদ্যালয়ৰ পৰা আঁতৰি থাকিবলগীয়া হৈছে, চিকিৎসালয়সমূহো বানৰ কবলত পৰিছে৷ ইতিমধ্যে প্রাকৃতিক দুর্যোগৰ ফলত মানৱ জাতি কঠিন প্রত্যাহ্বানৰ সন্মুখীন হৈছে৷ জীৱন আৰু জীৱিকাৰ প্রতি প্রচণ্ড ভাবুকি আহিছে৷ ডিটৱা ঘূর্ণি বতাহৰ প্রভাৱ ভাৰতৰ তামিলনাডুতো পৰা দেখিবলৈ পোৱা গ’ল৷ যোৱা দেওবাৰে তামিলনাডুত ধাৰাসাৰ বৰষুণ দিয়ে৷ যাৰ ফলত জনজীৱন ব্যাহত হয়৷ ছুইছ ৰি ইনষ্টিটিডটে প্রকাশ কৰা এক প্রতিবেদন মতে, ২০২৫ৰ প্রথমার্ধত বিশ্বত মুঠ ১৪৩ বিলিয়ন মার্কিন ডলাৰৰ লোকচান হৈছে ৷ ইয়াৰে ১৩৫ বিলিয়ন ডলাৰ প্রাকৃতিক দুর্যোগৰ ফলত, ৮ বিলিয়ন মানৱসৃষ্ট ঘটনাৰ বাবে লোকচান হৈছে৷ ২০২৫ চনত ভাৰততো প্রাকৃতিক দুর্যোগৰ ফলত হোৱা লোকচানৰ পৰিমাণ যথেষ্ট বেছি৷ ২০২৪–২৫ বর্ষত ৩,০৮০জন লোকে প্রাকৃতিক দুর্যোগৰ বাবে প্রাণ হেৰুৱাইছে৷ যিটো ১১ বছৰৰ ভিতৰত সর্বাধিক৷ ৩ লাখ ৬০ হাজাৰ পৰিয়াল দুর্যোগৰ ফলত ক্ষতিগ্রস্ত হৈছে৷ ১৪.২৪ মিলিয়ন হেক্টৰ কৃষিভূমি দুর্যোগৰ দ্বাৰা প্রভাৱিত হৈছে৷ আভ্যন্তৰীণ নিৰীক্ষণ কেন্দ্রৰ তথ্য অনুসৰি ২০২৪ চনত ভাৰতৰ ১.১৮ লাখতকৈ অধিক লোক প্রাকৃতিক দুর্যোগৰ বাবে স্থানচ্যুত হৈছিল৷ যিটো পূর্বৰ বছৰৰ তুলনাত ৩০ শতাংশ বেছি৷ ২০২২ চনত প্রায় ৩২,০০০, ২০২১ চনত ২২,০০০ লোক স্থানচ্যুত হৈছিল৷ এই পৰিসংখ্যাৰ তুলনাত ২০২৪ চনত যথেষ্ট বেছি৷ ৰাষ্ট্রসংঘৰ এক প্রতিবেদন মতে, অনাগত বর্ষসমূহ পৃথিৱীৰ বাবে আৰু অধিক ভয়ানক হৈ উঠিব৷ প্রাকৃতিক দুর্যোগৰ পৰিমাণ যথেষ্ট পৰিমাণে বৃদ্ধি পাব৷ ২০৩০ চনৰ ভিতৰত বছৰে বছৰে প্রাকৃতিক দুর্যোগ ৫৬০টাকৈ সংঘটিত হ’ব৷ এই প্রাকৃতিক দুর্যোগ অতি বিপর্যয়ৰ কাৰণ হৈ মানৱ জাতিৰ জীৱন আৰু জীৱিকাৰ প্রতি শংকা নমাই আনিব৷ বছৰি হ’বলগীয়া ৫৬০ প্রাকৃতিক দুর্যোগৰ ভিতৰত ভয়াৱহ বান, বনজুই, মহামাৰী, ৰাসায়নিক দুর্ঘটনা আদি প্রধান৷ মন কৰিবলগীয়া যে ২০১৫ চনলৈকে বছৰত ৪০০টা প্রাকৃতিক দুর্যোগৰ ঘটনা সংঘটিত হৈছিল৷ প্রতিবেদন মতে, জলবায়ু পৰিৱর্তনৰ বাবে জলবায়ু সম্বন্ধীয় বিপদ বৃদ্ধি পাইছে৷ আগন্তুক সময়ত জলবায়ু সম্পর্কীয় বিপদৰ পৰা ৰক্ষা পাবলৈ মানুহে মানৱসৃষ্ট সমস্যাসমূহ সমাধান কৰিবই লাগিব৷