সম্পাদকীয় : বিজেপিৰ বংগ বিজয়
দেশৰ পাঁচখন ৰাজ্যৰ শেহতীয়া বিধানসভা নির্বাচনৰ সদ্যঘোষিত নির্বাচনী ফলাফলত বিজেপিয়ে পশ্চিমবংগত একক সংখ্যাগৰিষ্ঠতা লাভ কৰিবলৈ সক্ষম হোৱাটো নিশ্চয়কৈ এটা ঐতিহাসিক ঘটনা৷ ৰাজ্যখনৰ ৩৪ বছৰীয়া বাঁও সাম্রাজ্য ভাঙি পেলাই ২০১১ চনত মমতা বেনাৰ্জী নেতৃত্বাধীন তৃণমূল কংগ্রেছেও ৰাজ্যখনত ইমানদিনে শাসন চলোৱাৰ পিছত সেই ভেটি খহাই পেলোৱা যি নির্বাচনী বিজয়, সেয়া লক্ষণীয়৷ যোৱা বছৰৰ আগষ্টত ৰাজ্যখনলৈ আহিছিল প্রধানমন্ত্রী নৰেন্দ্র মোদী৷ দমদম চেন্ট্ৰেল জে’ল ময়দানত বক্তব্য প্রদান কৰিবলৈ আহি তেওঁ গভীৰ প্রত্যয়েৰে কৈছিল– ‘আমি শ্যামাপ্রসাদৰ বাংলা নির্মাণ কৰিম’৷ তাৰ প্রায় আঠ মাহ পিছতেই দুপতীয়া ঘাঁহফুলক আঁতৰাই পদুম ফুলে পশ্চিমবংগত৷ যোৱা বছৰটো আছিল শ্যামাপ্রসাদ মুখাৰ্জীৰ ১২৫সংখ্যক জন্মবর্ষিকী৷ নতুনকৈ পুনৰ চর্চালৈ আহে ভাৰতীয় জনসংঘৰ প্রতিষ্ঠাপকগৰাকী৷ ১৯৫১ চনত প্রতিষ্ঠিত হৈছিল জনসংঘ৷ এই জনসংঘই আজিৰ ভাৰতীয় জনতা পাৰ্টীৰ বীজ৷ সেইবাবেই শ্যামাপ্রসাদক কোৱা হয় ‘বিজেপিৰ জনক’৷ সেই মানুহগৰাকীৰ সপোনকে যেন পূৰণ কৰিলে বিজেপিয়ে৷ তেওঁৰ প্রধান সপোন আছিল ‘এক দেশ, এক নিচান, এক বিধান৷’ সেই সপোন পূৰণৰ প্রক্রিয়া অৱশ্যে ইতিমধ্যেই আৰম্ভ হৈছে৷ বিজেপিয়ে দেশৰ শাসনভাৰ লোৱাৰ পিছৰ পৰা পর্যায়ক্রমে সেই সপোন পূৰোৱাৰ কাম চলাই আছে৷ ২০১৯ চনত সংবিধানৰ ৩৭০নং ধাৰা বাতিল কৰা হয়৷ জম্মু আৰু কাশ্মীৰক ভাৰতৰ পৰা বহুখিনি সুকীয়া সত্তা প্রদান কৰা এই ধাৰা বিলুপ্তিৰ পিছত জম্মু আৰু কাশ্মীৰক কেন্দ্রীয়শাসিত অঞ্চলৰ মর্যাদা দিয়া হয়৷ ভাৰতীয় মূল সুঁতিৰ সৈতে মিলি পৰে জম্মু আৰু কাশ্মীৰ৷ সেয়াই আছিল শ্যামাপ্রসাদৰ সপোন৷ তেওঁ বাৰে বাৰে কৈছিল যে এই ধাৰা বাহাল থাকিলে ভৱিষ্যতলৈ সমস্যা বাঢ়িবহে, নকমে৷ তেওঁ কেৱল বত্তৃণতাই দিয়া নাছিল, এই ধাৰা বাতিলৰ দাবীত জম্মু আৰু কাশ্মীৰত অভিযানো আৰম্ভ কৰিছিল৷ ৩৭০নং ধাৰাৰ বিলোপ সাধন আৰু পার্মিটৰাজ বন্ধ কৰাৰ দাবীত ১৯৫৩ চনৰ ১১ মে’ত পঞ্জাবৰ উধমপুৰত সভা কৰাৰ পিছতেই তেওঁ কাশ্মীৰ অভিমুখে ৰাওনা হয়৷ তাতেই তেওঁক গ্রেপ্তাৰ কৰা হয়৷ ২৩ জুনত তেওঁৰ ৰহস্যজনভাৱে মৃত্যু হয়৷ পিছে এই ৰহস্যৰ ভেদ আজিও নোলাল৷ ১৯৫০ চনত নেহৰু মন্ত্রীসভাৰ পৰা পদত্যাগ কৰিছিল তেওঁ৷ তাৰ পিছতেই জন্ম দিয়ে ভাৰতীয় জনসংঘৰ৷ ১৯৫২ চনৰ মে’ মাহত অনুষ্ঠিত লোকসভা নির্বাচনত দক্ষিণ কলকাতাৰ পৰা বিপুল ভোটত জয়ী হয় তেওঁ৷ তাৰ ইমান বছৰৰ পিছত বিজেপিৰ একক সংখ্যাগৰিষ্ঠতা অর্জন যেন সেই বিজয়েৰে এক সবৃহৎ সম্প্রসাৰণ৷ সুদীর্ঘ সময় ধৰি পশ্চিমবংগৰ ৰাজনীতিত বিজেপিয়ে প্রৱেশ কৰিব পৰা নাছিল৷ ২০১৬ চনৰ ৰাজ্যৰ বিধানসভা নির্বাচনত বিজেপিয়ে লাভ কৰিছিল মাথোঁ তিনিখন আসন৷ তাৰ পিছত ২০১৯ চনৰ লোকসভা নির্বাচনত ১৮খন আসন লাভ কৰাটোৱেই আছিল যেন ৰাজ্যখনত বিজেপিৰ অভ্যুত্থান৷ ২০২১ চনৰ বিধানসভা নির্বাচনত বিজেপিয়ে লাভ কৰে ৭৭খন আসন৷ এইবাৰ একক সংখ্যাগৰিষ্ঠতা৷ এইবাৰৰ পশ্চিমবংগ বিধানসভা নির্বাচনৰ আন এটা লক্ষণীয় দিশ হ’ল যে সুদীর্ঘ কাল ধৰি ৰাজ্যখনৰ শাসনত থকা আন এটা শক্তি বাঁওপন্থীৰ অৱস্থান যেন নিশকতীয়া হৈ পৰিল৷ এসময়ত দীর্ঘদিন ধৰি ৰাজ্যখনৰ শাসন চলোৱা বাঁওপন্থী দলৰ পৰা এইবাৰৰ নির্বাচনত মাথোঁ এগৰাকী প্রাৰ্থীহে জয়ী হ’বলৈ সক্ষম হৈছে৷ ৰাজ্যখনত সুদীর্ঘ ৩৪ বছৰ ধৰি শাসন চলিছিল বাঁওপন্থীয়ে৷ ১৯৭৭ চনৰ ২১ জুনত ৰাজ্যখনৰ মুখ্যমন্ত্রী হিচাপে শপতগ্রহণ কৰে জ্যোতি বসুৱে৷ পশ্চিমবংগত সেইবাৰেই প্রথম বাঁওমর্চাৰ চৰকাৰ গঠন হয়৷ ইটোৰ পিছত সিটো নির্বাচনত জয়লাভেৰে সুদীর্ঘ ২৩ বছৰ শাসন চলোৱাৰ পিছত বার্ধক্যজনিত কাৰণত তেওঁ ২০০০ চনৰ ৫ নৱেম্বৰত মুখ্যমন্ত্রিত্বৰ দায়িত্বৰ পৰা অৱসৰ গ্রহণ কৰে৷
সুলেখক তথা ৰাজনীতিক বুদ্ধদেৱ ভট্টাচার্যৰ হাতত মুখ্যমন্ত্রীৰ দায়িত্ব তুলি দিয়ে তেওঁ৷ দহ বছৰ পশ্চিমবংগৰ মুখ্যমন্ত্রিত্বৰ দায়িত্ব চম্ভালে ভট্টাচার্যই৷ ২০১১ চনৰ ২০ মে’ত পশ্চিমবংগৰ ক্ষমতা দখল কৰে তৃণমূল কংগ্রেছে৷ সেইসূত্রে ৰাজ্যখনৰ মুখ্যমন্ত্রী হয় দলটোৰ মুৰব্বী মমতা বেনাৰ্জী৷ তাৰ পিছত একেৰাহে ২০১৪ চনৰ লোকসভা নির্বাচনৰ উপৰি ২০১৬ আৰু ২০২১ চনৰ বিধানসভা নির্বাচনতো বিপুল ভোটত জয়ী হৈ ৰাজ্যখনৰ ক্ষমতাত বাহাল থাকে তেওঁ৷ মমতা বেনাৰ্জীৰ মুখ্যমন্ত্রিত্বৰ কালতেই বিজেপিয়ে ধীৰে ধীৰে ৰাজ্যখনত খোপনি পুতিবলৈ আৰম্ভ কৰে৷ অৱশ্যে কেন্দ্রত ক্ষমতা দখলৰ ক্ষেত্রতো বিজেপিৰ অগ্রগতি আছিল মন্থৰ৷ একক সংখ্যাৰ সাংসদেৰে নিজৰ অৱস্থিতিৰ প্রমাণ দিয়া দলটোৱে পিছলৈ দেশৰ শাসনভাৰ ল’বলৈ সক্ষম হয়৷ পশ্চিমবংগৰ ক্ষেত্রতো একেই মন্থৰ গতি দেখিবলৈ পোৱা যায়৷ এইবাৰ অভূতপূর্বভাৱে ৰাজ্যখনত বিজেপিয়ে একক সংখ্যাগৰিষ্ঠতা লাভ কৰে যদিও বিদায়ী মুখ্যমন্ত্রী মমতা বেনাৰ্জীৰ আচৰণে সকলোকে আচৰত কৰি তুলিছে৷ গণতান্ত্রিক প্রক্রিয়াৰে অনুষ্ঠিত নির্বাচনটোৰ ফলাফলক মানি ল’বলৈ অস্বীকাৰ কৰিছে দীর্ঘদিনীয়া অভিজ্ঞতাৰে পুষ্ট ৰাজনীতিকগৰাকীয়ে৷ আনকি, মুখ্যমন্ত্রী পদৰ পৰা পদত্যাগ কৰিবলৈও অমান্তি হৈছে৷ তেওঁৰ এনে আঁকোৰগোজ স্থিতিৰ বাবেই হয়তো ৰাজ্যখনত নির্বাচনোত্তৰ হিংসাৰ সৃষ্টি হৈছে৷ লক্ষণীয়ভাৱে বিৰোধীপক্ষৰ ভালেমান নেতায়ো তেওঁৰ এই স্থিতিক সমর্থন জনাইছে৷ মমতা বেনাৰ্জীৰ আঁকোৰগোজ স্থিতি আৰু তাত একাংশ বিৰোধী নেতৃত্বই সাৰ–পানী যোগোৱাৰ ফলত ৰাজ্যখনত যুযুধান পৰিস্থিতিৰ সৃষ্টি হৈছে৷ ই দলীয় নেতা–কৰ্মীসকলৰ মাজত উত্তেজনা বৃদ্ধিত অৰিহণা যোগাইছে৷ ফলত, প্রতিপক্ষৰ সৈতে সৃষ্টি হৈছে মুকলি সংঘাত৷ ৰাজ্যিক বিজেপিৰ ফালৰ পৰা প্রকাশ কৰা মতে নির্বাচনোত্তৰ হিংসাত তেওঁলোকৰ দুগৰাকী কৰ্মীৰ মৃত্যু হৈছে৷ শেহতীয়াকৈ ৰাজ্যিক বিজেপিৰ শীর্ষ নেতা শুভেন্দু অধিকাৰীৰ ব্যক্তিগত সহায়কগৰাকীক মাজনিশা কোনো দুর্বৃত্তই ৰাজআলিতে বাটত আগচি ধৰি গুলীয়াই হত্যা কৰাৰ দৰে ঘটনাও ঘটিবলৈ পাইছে৷ এনে ক্ষেত্রত হিংসা–প্রতিহিংসাই যদি ৰাজ্যখনক অস্থিৰ কৰি তুলিব পৰা পৰিস্থিতিৰ সৃষ্টি কৰে, তেন্তে স্বাভাৱিকতেই তাৰ ফল ভুগিব লাগিব সাধাৰণ জনতাই৷ এনে অস্থিৰ পৰিস্থিতিৰ সৃষ্টি কৰিব পৰা কাম নকৰি গণতন্ত্রৰ প্রতি শ্রদ্ধাশীল হৈ যদি মমতা বেনাৰ্জীয়ে আঁকোৰগোজালি ত্যাগ কৰিলেহেঁতেন, তেনেহ’লে ৰাজ্যখনৰ পৰিস্থিতি সুস্থিৰ হৈ থাকিলহেঁতেন আৰু তেওঁ অধিক বন্দিতহে হ’লহেঁতেন৷ তেওঁৰ এই আচৰণে নিজৰ ক্ষমতালিপ্সু আৰু একনায়কত্ববাদী মনোভাবকহে যেন প্রকট কৰি তুলিছে৷ এনেক্ষেত্রত বিজেপি নেতৃত্বই কেনেদৰে পৰিস্থিতি চম্ভালিবলৈ সক্ষম হয় সেয়া নিশ্চয় লক্ষণীয় হ’ব৷ প্রতিহিংসা নহয়, শান্তি আৰু সম্প্রীতিৰে ৰাজ্যখনক আগুৱাই নিয়াত যদি আগভাগ লৈ বিজেপিয়ে উন্নয়নমুখী কামেৰে আগবাঢ়ে তেন্তে নিজৰ লগতে দেশৰ–দহৰো মংগল হ’ব৷