সম্পাদকীয় : দম্ভালি বনাম টিলিকি
শঠা মিতিৰালিক মানি লোৱাটো মূর্খামি আৰু ক্ষতিকাৰকো৷ স্বাভিমান থকা কোনোৱেই অৱদমিত কৰিব খোজা কোনো মিত্রতাৰ চর্তক মানি ল’ব নোৱাৰে৷ এয়া সকলো খামিডাঠ ব্যক্তিৰ ক্ষেত্রত যিদৰে সঁচা, তেনেদৰে মূৰ তুলি চলি থাকিব খোজা যিকোনো আত্মপ্রত্যয়ী ৰাষ্ট্রৰ বাবেও সঁচা৷ শেহতীয়াকৈ ভাৰত-মার্কিন বাণিজ্য চুক্তিক লৈ ভাৰতৰ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে খাতিৰ নকৰা বাবেই মার্কিন ৰাষ্ট্রপতি ড’নাল্ড ট্ৰাম্পৰ অহমিকাত আঘাত লগাত চুক্তিখন সন্দর্ভত এতিয়া এক অনিশ্চয়তাৰ সৃষ্টি হৈছে৷ চুক্তিখনৰ শেহতীয়া স্থিতিক লৈ এই কথা প্রকাশ কৰিছে স্বয়ং আমেৰিকাৰ বাণিজ্য সচিব হাৱার্ড লুটনিকে৷ বাণিজ্য সচিবগৰাকীয়ে কৈছে যে কোনো নীতিগত মতানৈক্যৰ বাবে ভাৰত আৰু আমেৰিকাৰ মাজৰ বাণিজ্য চুক্তিখন ওলমি ৰোৱা নাই, প্রধানমন্ত্রী মোদীয়ে ৰাষ্ট্রপতি ট্ৰাম্পলৈ পোনপটীয়াকৈ এটা ফোনকল নকৰা বাবেহে চুক্তিখন চূড়ান্ত হোৱা নাই৷ ট্ৰাম্পে বিচাৰিছিল মোদীয়ে ফোন কৰি চুক্তিখন সন্দর্ভত খাতিৰ কৰক৷ কিন্তু মোদীয়ে সেই কামটো নকৰা বাবেই ট্ৰাম্পৰ অহমিকাত আঘাত লাগে৷ চুক্তিখনক লৈ আলোচনা সম্পূর্ণ কৰিবলৈ ভাৰতক তিনিটা শুকুৰবাৰৰ সময়সীমা বান্ধি দিয়া হৈছিল মার্কিন যুক্তৰাষ্ট্রৰ ফালৰ পৰা৷ অর্থাৎ মোদীয়ে ট্ৰাম্পলৈ ফোন কৰাৰ বাবে তিনিটা শুকুৰবাৰ ধৰি দিয়া হৈছিল, কিন্তু মোদীয়ে ফোন নকৰিলে৷ যোৱা শুকুৰবাৰটো আছিল এই চর্তৰ অন্তিমটো দিন৷ তাৰ পিছতেই মার্কিন বাণিজ্য সচিবগৰাকীৰ এই ৰাজহুৱা প্রতিক্রিয়া৷ সচিবগৰাকীয়ে কৈছে– ‘চুক্তিখন সম্পূর্ণ হৈয়ে আছিল৷ ট্ৰাম্পে নিজেই বিষয়টো সামৰিব খুজিছিল৷ ইয়াৰ বাবে প্রধানমন্ত্রী মোদীয়ে ৰাষ্ট্রপতি ট্ৰাম্পলৈ মাথোঁ এটা ফোনকল কৰাৰ প্রয়োজন আছিল৷ কিন্তু ভাৰতীয় পক্ষই এই কামটো কৰিবলৈ ইতস্ততঃ বোধ কৰিলে৷ প্রধানমন্ত্রী মোদীয়ে ফোন নকৰিলে৷’ তেওঁ লগতে এই কথাও প্রকাশ কৰে যে সম্প্রতি আমেৰিকাই ভাৰতৰ সৈতে চুক্তি কৰাৰ পৰা পিছ হুঁহকি আহিছে৷ একে সময়তে তেওঁ ভাৰতক প্রলোভিত কৰিবলৈও চেষ্টা কৰে৷ তেওঁ কয় যে ভাৰতে বিলম্ব কৰাৰ বাবেই অন্য ৰাষ্ট্রবোৰে ইয়াৰ সুযোগ গ্রহণ কৰিলে৷ আমেৰিকাই ভাবিছিল ভাৰতৰ সৈতেই প্রথম চুক্তি স্বাক্ষৰিত হ’ব৷ কিন্তু প্রধানমন্ত্রী মোদীয়ে ফোন নকৰা বাবে আমেৰিকাই ইণ্ডোনেছিয়া, ফিলিপাইনছ আৰু ভিয়েটনামৰ সৈতে চুক্তি কৰিলে৷ ব্রিটেইনৰ উদাহৰণ দি বাণিজ্য সচিবগৰাকীয়ে কয় যে সময়সীমা উকলি যোৱাৰ পূর্বে ব্রিটেইনৰ প্রধানমন্ত্রী কীৰ ষ্টার্মাৰে নিজে ট্ৰাম্পলৈ ফোন কৰিছিল আৰু তাৰ পিছদিনাই আমেৰিকাৰ সৈতে চুক্তি স্বাক্ষৰিত হোৱাৰ ঘোষণা কৰিছিল৷ পিছে আমেৰিকাই এইখিনিতেই ভুল কৰিলে৷ ইণ্ডোনেছিয়া, ফিলিপাইনছ, ভিয়েটনাম আদি দেশৰ সৈতে বিশ্বৰ বৃহত্তম গণতন্ত্রৰ দেশ ভাৰতক তুলনা কৰাটো তেওঁলোকৰ হতবুদ্ধিৰ চিন৷ তেওঁলোকে ভাবিছিল যে ভাৰতে ট্ৰাম্পৰ আঙুলি ঠাৰত নাচিব, তেওঁ যি কয় তাকেই বাধ্য ছাত্রৰ দৰে মানিব৷ পিছে সেইখন ভাৰত এতিয়া আৰু নাই৷ বিশ্বৰ চতুর্থ শক্তিশালী দেশখনে এতিয়া নিজৰ সিদ্ধান্ত নিজেই ল’ব পাৰে, তাত কাৰো হস্তক্ষেপ নচলে৷
২০৪৭ চনত ভাৰতক বিশ্বৰ ছুপাৰ পাৱাৰ হিচাপে গঢি তুলিবলৈ হ’লে এই দৃঢ়তা এতিয়াৰ পৰাই প্রদর্শন কৰিবই লাগিব৷ আচলতে প্রধানমন্ত্রী মোদীৰ আত্মবিশ্বাস দেখি নিজকে বিশ্বৰ হর্তা-কর্তা-বিধাতা বুলি ভবা ট্ৰাম্প হয়তো বিচলিত হৈছে৷ কাৰণ আন্তঃৰাষ্ট্রীয় সংবাদ মাধ্যমত প্রকাশ পোৱা বাতৰি মতে, যোৱা বছৰৰ জুলাই মাহত ৰাষ্ট্রপতি ট্ৰাম্পে প্রধানমন্ত্রী মোদীলৈ চাৰিবাৰ ফোন কৰিছিল৷ কিন্তু ট্ৰাম্পৰ ফোন এবাৰো গ্রহণ নকৰিলে মোদীয়ে৷ প্রধানমন্ত্রী মোদীৰ সৈতে হোৱা টেলিফোনিক বার্তালাপক ৰহণ সানি ৰাজহুৱা কৰাৰ আশংকা কৰিছিল প্রধানমন্ত্রীৰ কার্যালয়ে৷ তদুপৰি ‘অপাৰেচন সিন্দূৰ’ৰ সময়ত মধ্যস্থতা কৰি ভাৰত আৰু পাকিস্তানৰ মাজৰ সংঘাত আঁতৰাইছিল বুলি ৰাষ্ট্রপতি ট্ৰাম্পে বাৰে বাৰে কৈ থকাৰ পিছতো প্রধানমন্ত্রী মোদীয়ে তেওঁৰ এই দাবীক পোনছাটেই নস্যাৎ কৰিছিল৷ ইয়াকে লৈ অসন্তুষ্ট হৈ পৰিছিল মার্কিন ৰাষ্ট্রপতিগৰাকী৷ সেইবাবেই এতিয়া চুক্তিৰ দোহাই দি বা ৫০০ শতাংশ শুল্ক আৰোপৰ হুমকি দি ভাৰতক বশ্যতা স্বীকাৰ কৰিবলৈ বাধ্য কৰাৰ ফন্দি পাতিছে আমেৰিকাই৷ ইফালে, বিশ্বৰ বিভিন্ন দেশে বিশেষকৈ ‘বিকছ’ ৰাষ্ট্রকেইখনে মার্কিন ডলাৰৰ আধিপত্যক নস্যাৎ কৰি নিজৰ মাজত বাণিজ্যিক লেনদেন নিজা নিজা মুদ্রাত কৰিবলৈ লোৱাত শংকিত হৈ পৰিছে আমেৰিকা৷ সেইবাবেই অত্যধিক শুল্ক আৰোপেৰে ভাৰত, ৰাছিয়া, চীন, ব্রাজিল আদি দেশক কেঁকোৰা চেপা দিয়াৰ ভাবুকি প্রদান কৰিবলৈও কুণ্ঠাবোধ কৰা নাই আমেৰিকাই৷ কিন্তু ইমানদিনে নিজকে বৰমতা দেখুৱাই আধিপত্য বিস্তাৰ কৰিবলৈ বিচৰা আমেৰিকাৰ সান্দহ খোৱা বালি যে লাহে লাহে তল যাবলৈ ধৰিছে, তাৰ উমান পায়েই ট্ৰাম্পে এনেদৰে ওভতগোৰে নাচিবলৈ লৈছে৷ হিতাহিত জ্ঞানশূন্য হৈ একোখন সার্বভৌম দেশৰ ওপৰত হাতোৰা মেলি দিছে৷ শেহতীয়াকৈ ট্ৰাম্পৰ আগ্রাসী মনোভাবৰ চিকাৰ হৈছে ভেনিজুৱেলা৷ চলিত বর্ষটোৰ এইকেইটা দিনতে ভেনিজুৱেলাত সামৰিক অভিযান, ৰাষ্ট্রপতি নিকোলাছ মাদুৰোক বন্দী কৰা, কলম্বিয়া–ডেনমার্কক ভাবুকি প্রদান কৰা, গ্রীনলেণ্ড দখলৰ হুংকাৰ দিয়া আদিৰে ৰাষ্ট্রপতি ট্ৰাম্পে বিশ্বত উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি কৰিছে৷ এনে পটভূমিত ভাৰতৰ এই দৃঢ স্থিতিয়ে নিশ্চয় ট্ৰাম্পৰ ভেটিত অলপ হ’লেও কঁপনি তুলিছে৷ ফ্রান্সৰ ৰাষ্ট্রপতি ইমানুৱেল মেক্রনে তেওঁৰ ওচৰত কন্দা–কটা কৰা বুলি অলপতে যি অভব্য মন্তব্য কৰিছে মার্কিন ৰাষ্ট্রপতিগৰাকীয়ে, তেনে এক ছবিকেই ভাৰতৰ ক্ষেত্রতো যে তুলি নধৰিলেহঁতেন, তাক কোনে জানে। গতিকে ‘জোকৰ মুখত চূণ দিয়া’ ভাৰতৰ এই কৌশলক নিশ্চয়কৈ শুভবুদ্ধিসম্পন্ন সকলোৱেই স্বীকাৰ কৰিব৷ উল্লেখযোগ্য যে ভাৰতীয় বায়ুসেনা আৰু স্থলসেনাৰ বাবে মার্কিন ঘাতক হেলিকপ্টাৰ ‘আপাচে এ এইচ ৬৪ ই’ ক্রয় কৰাৰ বাবে ভাৰতে প্রাথমিকভাৱে যি সিদ্ধান্ত লৈছিল, শেহতীয়াকৈ তাক বাতিল কৰা হৈছে বুলিও প্রকাশ পাইছে৷ এতিয়াৰে পৰা দেশীয় প্রযুক্তিৰে হেলিকপ্টাৰ নির্মাণ কৰিব ৰাষ্ট্রীয় সংস্থা ‘হিন্দুস্তান এৰ’নটিক্স লিমিটেডে’৷ প্রধানমন্ত্রী মোদীক ট্ৰাম্পৰ ওচৰত ‘নৰেন্দৰ ছাৰেণ্ডাৰ’ বুলি ইতিকিং কৰা বিৰোধী নেতায়ো নিজৰ দেশখনক লৈ গৌৰৱবোধ থাকিলে ভাৰতৰ এই দৃঢ়তাক নিশ্চয় আদৰণি জনাব৷ প্রধানমন্ত্রীৰ এই পদক্ষেপ হ্রস্বকালীন দৃষ্টিভংগীৰে লোৱা নহয়, ইয়াত নিহিত হৈ আছে ‘মেক ইন ইণ্ডিয়া’, ‘আত্মনির্ভৰ ভাৰত’ আদি প্রয়াসৰ দীর্ঘম্যাদী ফচলৰ আত্মবিশ্বাস৷