নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সন্মুখত UAE : এছিয়া কাপত আজি অভিযানত নামিব টীম ইণ্ডিয়া

বহু জল্পনা–কল্পনাৰ অন্তত সংযুক্ত আৰব আমিৰশ্বাহীত আৰম্ভ হোৱা এছিয়া কাপত আজি অভিযানত নামিব টীম ইণ্ডিয়া৷ ডুবাই ইণ্টাৰনেচনেল ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া মেচখনত টীম ইণ্ডিয়াৰ প্রতিদ্বন্দ্বী হ’ল ইউএই৷

প্রায় ৭ মাহ বিৰতিৰ পিছত পুনৰ টি–২০লৈ উভতি অহা ভাৰতীয় দলটোৱে মেচখনৰ পূর্বে মূল একাদশ গঠনক লৈ বিমোৰত পৰিছে৷ সহঃ অধিনায়ক হিচাপে দলত স্থান লাভ কৰা শুভমন গিলে অভিষেক শর্মাৰ সৈতে ইনিংছ মুকলি কৰাৰ যথেষ্ঠ সম্ভাৱনা আছে৷

ইপিনে, সঞ্জু ছেমছনৰ সলনি জিতেশ শর্মাক উইকেটকীপাৰ হিচাপে মূল একাদশত ৰখাৰ পূর্ণ সম্ভাৱনা আছে৷ দলৰ পৰিকল্পনা অনুযায়ী জিতেশ শর্মাই ষষ্ঠ বা সপ্তম স্থানত বেটিং কৰাৰ সম্ভাৱনা আছে৷ মিডল অর্ডাৰত থাকিব অধিনায়ক সূর্য কুমাৰ যাদৱ, তিলক বার্মা, অলৰাউণ্ডাৰ হার্দিক পাণ্ডিয়া আৰু অক্ষৰ পেটেল৷

ল’ৱাৰ অর্ডাৰত বেটিং শক্তি বৃদ্ধি কৰাৰ বাবে ৰিংকু সিঙক মেচখনত মূল একাদশত লোৱাৰ অধিক সম্ভাৱনা আছে৷

ইপিনে, তাৰকা যশপ্রীত বুমৰাহ আৰু বৰুণ চক্রৱর্তীয়ে পেচ আৰু স্পিন বলিঙৰ দায়িত্ব ল’ব৷ আনহাতে, বাঁওহতীয়া পেচ বলাৰ অর্শদীপ সিং আৰু স্পিনাৰ কুলদীপ যাদৱৰ মাজত মূল একাদশত স্থান লাভৰ বাবে যুঁজ চলিব৷

ডুবাইৰ উইকেট স্পিন সহায়ক হোৱা হেতুকে কুলদীপ যাদৱে মূল একাদশত স্থান লাভ কৰাৰ সম্ভাৱনা আছে৷

ইপিনে, মেচখনত প্রতিপক্ষ সংযুক্ত আৰব আমিৰশ্বাহী দুর্বল যদিও ভাৰতীয় দলটোৱে ঘৰুৱা দলটোক মেচখনত সহজভাৱে ল’ব বিচৰা নাই৷ মেচখন সন্দর্ভত টীম ইণ্ডিয়াৰ অধিনায়ক সূর্য কুমাৰ যাদৱে কয় যে মেচখনত আমি পূর্ণ শক্তিৰে অৱতীর্ণ হ’ম৷ শুভমন গিলে টি–২০ দললৈ প্রত্যাৱর্তন কৰাত মেচখনত সঞ্জু ছেমছনে মূল একাদশত স্থান লাভ কৰাৰ সম্ভাৱনা কম আছে বুলি উল্লেখ কৰি অধিনায়কগৰাকীয়ে লগতে কয় যে দৰাচলতে সঞ্জুৱে দলৰ হৈ ইনিংছ মুকলি কৰে৷

কিন্তু গিলে দললৈ প্রত্যাৱর্তন কৰাত মূল একাদশ দলটো গঠন কৰাত কিছু সমস্যাৰ সৃষ্টি হৈছে যদিও দলৰ স্বার্থত আমি মেচখনত সঞ্জুৰ সলনি গিলক অধিক অগ্রাধিকাৰ দিয়াৰ কথা ভাবিছোঁ৷

খেলৰ সময়ঃ নিশা ৮ বজা৷

You might also like