সম্পাদকীয় : ৰাইজৰ কংগ্রেছ!
এতিয়া বিধানসভাত শতিকাপুৰণি দলটোৰ খিলঞ্জীয়া জনপ্রতিনিধিৰ সংখ্যা তেনেই নগণ্য৷ বড়ো, কার্বি, ডিমাচা, ৰাভা, কোচ ৰাজবংশী, মিচিং, তিৱা, মৰাণ, মটক, চুতীয়া আদিৰো জনপ্রতিনিধি দলটোত নাই
অসমৰ ক্ষমতাত একেৰাহে দীর্ঘকাল মুখ্যমন্ত্রীৰ আসনত অধিষ্ঠিত হৈয়ে প্রয়াত মুখ্যমন্ত্রী তৰুণ গগৈয়ে আৰম্ভ কৰিছিল ‘ৰাইজৰ পদূলিত ৰাইজৰ চৰকাৰ’ কার্যসূচী৷ ৰাজ্যৰ চৰকাৰী প্রশাসন ব্যৱস্থাক তৃণমূল পর্যায়ৰ লোকসকলৰ মাজলৈ লৈ যোৱাৰ লক্ষ্যৰে এনে কার্যসূচী গ্রহণ কৰিছিল প্রাক্তন মুখ্যমন্ত্রীগৰাকীয়ে৷
প্রায় দুই দশক পূর্বে ক্ষমতাত থকাৰ সময়ছোৱাত প্রয়াত মুখ্যমন্ত্রীগৰাকীৰ এনে চৰকাৰী কর্মসূচীৰ আধাৰত তেওঁৰ সাংসদ পুত্র তথা প্রদেশ কংগ্রেছৰ সভাপতি গৌৰৱ গগৈয়ে আৰম্ভ কৰিছে– ‘ৰাইজৰ পদূলিত ৰাইজৰ কংগ্রেছ’ কার্যসূচী৷ ৰাজ্যৰ বিধানসভা নির্বাচনলৈ মাজত মাথোঁ তিনি মাহ বাকী৷ দিছপুৰৰ মচনদ দখলৰ বাবে আকৌ আৰম্ভ হৈছে শাসক–বিৰোধী ৰাজনৈতিক দলসমূহৰ মাজত ক্ষমতাৰ যুঁজ৷
নির্বাচনী ৰণত ক্ষমতা দখলৰ জোখাৰে শক্তি আহৰণৰ বাবেই কংগ্রেছে ডিব্রুগড়ত ৬ নৱেম্বৰৰ পৰা আৰম্ভ কৰিছে ৰাইজৰ পদূলিত ৰাইজৰ কংগ্রেছ কার্যসূচী৷ বিগত প্রায় ১০ বছৰে অসম আৰু দেশৰ ক্ষমতাৰ পৰা বিচ্যুত হৈ শতিকাপুৰণি কংগ্রেছ দলৰ সাংগঠনিক ভেটি থৰক–বৰক হৈছে৷ ধাৰাবাহিক নির্বাচনী বিপর্যয়ৰ বাবে দলটোৰ তৃণমূল পর্যায়ৰ নেতা–কর্মীয়েই নহয়, দলটোৰ বহুসংখ্যক জ্যেষ্ঠ নেতাই দলত্যাগ কৰিছে৷
চৰকাৰ পৰিৱর্তনৰ ধাৰা গণতান্ত্রিক ব্যৱস্থাত নতুন কথা নহয়৷ সর্বসাধাৰণ ৰাইজৰ প্রত্যাশা পূৰণ অবিহনে গণতান্ত্রিক ব্যৱস্থাত ক্ষমতা দখলৰ ধাৰাবাহিকতা ৰক্ষা কৰাটো কোনো ৰাজনৈতিক দলৰ বাবে সহজসাধ্য নহয়৷ ২০০১ৰ বিধানসভা নির্বাচনত অসমত কংগ্রেছে অভূতপূর্ব সাফল্য লাভ কৰাৰ মূলতেই আছিল ৰাজ্যখনৰ খিলঞ্জীয়া জাতি–জনগোষ্ঠীৰ পূর্ণ সমর্থন৷
১৯৯৬ত অসম গণ পৰিষদ নেতৃত্বাধীন চৰকাৰখন ক্ষমতাত অধিষ্ঠিত হৈয়ে সীমাহীন দুর্নীতি–নিয়মত নিমজ্জিত হোৱাই নহয়, আলফাবিৰোধী অভিযানৰ নামত গুপ্তহত্যাৰ কলংকিত অধ্যায়ৰ বাবেই খিলঞ্জীয়া লোকসকলে চৰকাৰ পৰিৱর্তনৰ বাবে কংগ্রেছক ঐক্যবদ্ধ সমর্থন আগবঢ়াইছিল৷
প্রায় দুই দশকজোৰা জাতীয়তাবাদী ৰাজনীতিৰ উত্থানৰ পিছত ২০০১ত ক্ষমতালৈ অহা কংগ্রেছ দলে একেৰাহে তিনিটা কার্যকাল ক্ষমতাত থকাৰ অন্তৰালত আছিল খিলঞ্জীয়া জাতি–জনগোষ্ঠীৰ অকুণ্ঠ সমর্থন৷ আনকি ২০১১ৰ বিধানসভা নির্বাচনত ৭৮খন আসন লাভ কৰি অভূতপূর্ব জনাদেশৰ জৰিয়তে তৃতীয়বাৰৰ বাবে ক্ষমতাত অধিষ্ঠিত কংগ্রেছ দলটো বিগত ১০ বছৰত তীব্র ৰাজনৈতিক দুর্যোগৰ সন্মুখীন হৈছে৷
একেৰাহে তিনিটা কার্যকাল ক্ষমতাত থকা কংগ্রেছ দলৰ শোচনীয় অৱস্থাৰ আত্মবিশ্লেষণ যোৱা ১০ বছৰে নকৰিলে দলটোৰ নেতৃত্বই৷ তৰুণ গগৈ মুখ্যমন্ত্রী হৈ থকাৰ সময়ত ‘হু ইজ বদৰুদ্দিন’ বুলি কৈ বাংলাদেশী মূলৰ ধর্মীয় সংখ্যালঘুসকলক সকীয়নি দি খিলঞ্জীয়া লোকসকলৰ মন জয় কৰিবলৈ সক্ষম হৈছিল৷ এতিয়া বাংলাদেশী মূলৰ লোকসকলৰ একচেটিয়া সমর্থনৰ আশাত গৌৰৱ গগৈ নেতৃত্বাধীন কংগ্রেছে ধর্মীয় সংখ্যালঘুৰ তোষামোদৰ ৰাজনীতি প্রবল কৰি তুলিছে৷
নির্বাচনৰ পূর্বে ‘ৰাইজৰ পদূলিত ৰাইজৰ কংগ্রেছ’ কার্যসূচীয়ে বিৰোধী দলটোক কিমান সহায় কৰিব, সেয়া সময়ে ক’ব৷ কিন্তু এনে কর্মসূচীৰ সফলতাৰ অন্তর্নিহিত কাৰণ এতিয়ালৈ দলটোৱে সর্বসাধাৰণ ৰাইজক দেখুৱাব পৰা নাই৷ অসমৰ খিলঞ্জীয়া জাতি–জনগোষ্ঠীৰ আস্থা আৰু বিশ্বাস অবিহনে কোনো ৰাজনৈতিক দলে ক্ষমতা দখলৰ বাবে প্রয়োজনীয় শক্তি আহৰণ কৰিব নোৱাৰে৷ ২০০১ৰ পৰা ২০১৬লৈ কংগ্রেছ দল ক্ষমতাত থকাৰ সময়ত ৰাজ্যখনৰ প্রতিটো জাতি–জনগোষ্ঠীৰ লোকসকলৰ মাজত কংগ্রেছৰ শক্তিশালী ভেটি আছিল৷
বিধানসভালৈ নির্বাচিত কংগ্রেছ জনপ্রতিনিধিসকলৰ্ অধিকাংশই আছিল ৰাজ্যখনৰ খিলঞ্জীয়া জাতি–জনজাতিৰ নেতা৷ এতিয়া বিধানসভাত শতিকাপুৰণি দলটোৰ খিলঞ্জীয়া জনপ্রতিনিধিৰ সংখ্যা তেনেই নগণ্য৷ বড়ো, কার্বি, ডিমাচা, ৰাভা, কোচ ৰাজবংশী, মিচিং, তিৱা, মৰাণ, মটক, চুতীয়া আদিৰো জনপ্রতিনিধি দলটোত নাই৷ ৰাজ্যখনৰ খিলঞ্জীয়া জাতি–জনগোষ্ঠীসমূহ মাজত কংগ্রেছৰ গণভিত্তিত স্পষ্ট খহনীয়া চলি আছে৷
মাথোঁ বিজেপিৰ হিন্দুত্ববাদী ৰাজনীতিৰ ভয়–ভাবুকি দেখুৱাই ধর্মীয় সংখ্যালঘুৰ সমর্থনত কংগ্রেছে ক্ষমতা দখলৰ দিবাস্বপ্ণ দেখিছে৷ ৰাজ্যখনৰ খিলঞ্জীয়া জাতি–জনগোষ্ঠীসমূহ মাজত বাংলাদেশী মূলৰ ধর্মীয় সংখ্যালঘু লোকসকলৰ বিৰুদ্ধে দীর্ঘকাল এক প্রতিবাদী সত্তা জাগ্রত হৈ আছে৷ অসম আন্দোলনৰ পৰা বিগত পাঁচ দশক ধৰি এই সত্তা প্রবল হৈছে৷ ক্ষমতাত থকাৰ সুযোগত বিজেপিয়ে খিলঞ্জীয়া জাতি–জনগোষ্ঠীসমূহ আৱেগ–নুভূতিক অগ্রাধিকাৰ দিয়াৰ লগে লগে দলটোত জনপ্রতিনিধিৰ সংখ্যাও লক্ষণীয়ভাৱে বৃদ্ধি হৈছে৷
এনে অৱস্থাত কংগ্রেছে ৰাজ্যখনত খিলঞ্জীয়া লোকসকলৰ আস্থা আৰু বিশ্বাস লাভ কৰি ক্ষমতা দখলৰ বাবে শক্তি আহৰণ কৰাটো সহজসাধ্য হৈ থকা নাই৷ ৰাজ্যখনত ক্ষমতা দখলৰ বাবে প্রয়োজনীয় ৬৪গৰাকী বিধায়ক–বিধায়িকাৰ প্রয়োজন৷ সাধাৰণতে ৪৫ লাখ ভোট লাভ কৰা দলটোৱে ক্ষমতাত অধিষ্ঠিত হোৱাৰ সুযোগ লাভ কৰে৷ বিজেপিয়ে ইতিমধ্যে ক্ষমতাত থকাৰ সুযোগত ৭০ লাখৰো অধিক হিতাধিকাৰী সৃষ্টি কৰিছে৷
হিতাধিকাৰীৰ এনে আঁচনিক লৈ বিভিন্নজনে সমালোচনা কৰিলেও নির্বাচনী ৰণ জিকাৰ অন্তৰালত এনে আঁচনিয়ে শাসকীয় দলক সহায় কৰি আহিছে৷ এনে অৱস্থাত বিজেপিক ক্ষমতাচ্যুত কৰাটো কংগ্রেছৰ বাবে সহজসাধ্য নহয়৷ মাথোঁ বাংলাদেশী মূলৰ ধর্মীয় সংখ্যালঘুৰ সমর্থনত কংগ্রেছে ক্ষমতা দখল কৰিব নোৱাৰে৷ কংগ্রেছে এনে ৰাজনীতি কৰিবলৈ যিমানেই আগবাঢ়ি যাব, সিমানেই দলটোৰ পৰা খিলঞ্জীয়া জাতি–জনগোষ্ঠীৰ লোকসকল আঁতৰি যাব৷
নির্বাচন আয়োগে পুনৰ নির্ধাৰণ কৰা সমষ্টিত এইবাৰ প্রথমবাৰৰ বাবে বিধানসভা নির্বাচন অনুষ্ঠিত হ’ব৷ পূর্বতে বাংলাদেশী মূলৰ ভোটদাতাই ৰাজ্যখনৰ ৩২টা বিধানসভা সমষ্টিত নির্ণায়ক ভূমিকা লৈছিল যদিও এইবাৰ এনে প্রভাৱ ২২টা সমষ্টিতহে থাকিব৷ সেয়ে কংগ্রেছৰ ধর্মীয় সংখ্যালঘুপ্রীতিৰ ৰাজনীতি ফলদায়ক হ’ব বুলি আশা কৰিব নোৱাৰি৷