নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সম্পাদকীয় : অর্থনৈতিক বুনিয়াদ

অসমৰ খিলঞ্জীয়া লোকসকল নিজ ভূমিতেই সংখ্যালঘু হোৱাৰ দিশত৷ অসমৰ প্রায় ১১খন জিলাত দ্রুত হাৰত বৃদ্ধি পাহছে সন্দেহযুক্ত মুছলমানৰ জনসংখ্যা৷ দ্রুত জনসংখ্যা বৃদ্ধিয়ে অসমীয়া জনজীৱনলৈ যে ভাবুকি কঢ়িয়াই আনিছে, সেই কথা ইতিমধ্যে স্পষ্ট হৈছে৷ চৰকাৰে ইতিমধ্যে বনাঞ্চলকে ধৰি বেদখল কৰি ৰখা মাটিবোৰ উদ্ধাৰৰ বাবে উচ্ছেদ অভিযান চলাই আছে৷ উচ্ছেদ অভিযানৰ পিছত সেই ঠাইসমূহত গছপুলি ৰোপণৰ দৰে মহৎ কার্যসূচী হাতত লোৱা দেখা গৈছে৷ ই সঁচাকৈ ইতিবাচক খবৰ৷

এই উচ্ছেদ–গছপুলি ৰোপণৰ খবৰৰ মাজতেই মুকলিকৈ ছ’চিয়েল মিডিয়াতেই সেই বিশেষ সম্প্রদায়ৰ লোকে খিলঞ্জীয়া লোকক ভাবুকি দিবলৈ আৰম্ভ কৰিছে৷ এই ভাবুকিৰ পিছতেই তেনে লোকৰ বিৰুদ্ধে প্রশাসনে কঠোৰ পদক্ষেপ গ্রহণ কৰা দেখা গৈছে৷ পৰিৱেশ–পৰিস্থিতিলৈ ভালদৰে মন কৰিলে এনে লাগে যেন খিলঞ্জীয়া লোকসকলৰ ভৱিষ্যৎ অনিশ্চিত৷

কিন্তু এনে ভয়–শংকাৰ মাজত থাকিলেই জানো অসমীয়া জাতি জীয়াই থাকিব পৰিস্থিতি, বাস্তৱ পৰিৱেশক একাষৰীয়া কৰি অলীক সপোন আৰু প্রতিশ্রুতিত জাতি এটা জীয়াই নাথাকে বা জীয়াই ৰাখিব নোৱাৰি৷ জাতিক জীয়াই ৰাখিবলৈ প্রতিজন অসমীয়া অর্থনৈতিকভাৱে শক্তিশালী হ’ব লাগিব৷ অর্থনৈতিকভাৱে শক্তিশালী হ’বলৈ অসমৰ অর্থনৈতিক বুনিয়াদ গঢ় লৈ ডঠিছিল মূলতঃ কৃষিৰ ওপৰত৷ কৃষি হ’ল মানৱ সভ্যতাৰ এক চালিকা শক্তি৷ এই চালিকা শক্তিৰ জৰিয়তে মানুহ স্বনির্ভৰশীল হৈ উঠিছিল৷

কিন্তু এতিয়া ক্রমান্বয়ে অসমীয়াই খেতি কৰিবলৈ এৰিছে৷ অসমৰ মাটিবোৰ কিমান উর্বৰা, সেই কথা নজনা ব্যক্তি হয়তো নাই৷ কিন্তু তাৰ পিছতো অধিকাংশ অসমীয়াই খেতি নকৰে বা খেতি কৰি স্বাৱলম্বী হ’ব পৰা পৰিৱেশো গঢ় লৈ উঠা নাই। যদিও দুই–এক ব্যতিক্রম তথাপি সংখ্যাত একেবাৰেই তাকৰ৷ বহু অসমীয়াৰ মাটিও সীমিত৷ পৰিয়াল বৃদ্ধিৰ লগে লগে মাটিৰ ভাগ–বাটোৱাৰা কৰাৰ বাবেও বহল পৰিসৰত খেতি কৰিব নোৱাৰে৷ সেয়ে খেতিত লাভৱান হ’ব নোৱাৰি খেতি নকৰাকৈ মাটিবোৰ পেলাই থয়৷

বহু অঞ্চলত খালী মাটি থাকিলেও সেই মাটিত অসমীয়াই খেতি নকৰে৷ তাৰেই যেন সুবিধা লৈ তেনে মাটিত সন্দেহযুক্ত মুছলমানসকল আহি খেতি কৰি বসবাস কৰিবলৈ লয়৷ ঠিক তেনেদৰেই এজন এজনকৈ আহি এক বৃহৎ আৱাসিক এলেকা এটা গঢ় লৈ উঠে৷ সেই ঠাইবোৰত খিলঞ্জীয়াই খেতি কৰিলে তেনে এক পৰিৱেশৰ সৃষ্টি নহ’লে হয়৷ কিন্তু খিলঞ্জীয়া লোকসকলে খেতি নকৰে৷ এইক্ষেত্রত চৰকাৰো কম–বেছি পৰিমাণে জগৰীয়া৷

একবিংশ শতিকাতো অসমত পুৰণিকলীয়া আৰু পৰম্পৰাগত পদ্ধতিৰেই কৃষিকার্য চলি আছে৷ বছৰৰ এটা সময়ত খেতি কৰি আন সময়খিনিত মাটিবোৰ খালী হৈ পৰি থাকে৷ অসমত উপযুক্ত জলসিঞ্চনৰ অভাৱ৷ এইবাৰ বৰষুণৰ পৰিমাণ কম হোৱাৰ বাবে বহু ঠাহত পানীৰ অভাৱত খেতিয়কে সঠিক সময়ত খেতিয়েই কৰিব নোৱাৰিলে৷

অসমৰ দৰে কৃষিপ্রধান ৰাজ্য এখনত খেতিৰ জৰিয়তে অর্থনৈতিক বুনিয়াদ ৰচনা কৰিব নোৱাৰাটো অতিকৈ দুর্ভাগ্যজনক কথা৷ সাম্প্রতিক সময়ত অত্যাধুনিক প্রযুক্তিৰ সহায়ত মর্যাদাপূর্ণ পৰিৱেশ সৃৃষ্টিৰ জৰিয়তে কৃষিক লাভজনক বৃত্তিলৈ নিবলৈ প্রয়াস কৰিব লাগিব৷ কৃষকসকলক স্বাৱলম্বী কৰিব লাগিব৷ অর্থনৈতিকভাৱে জাতিটোক শক্তিশালী কৰিব পাৰিব লাগিব৷

খেতিৰ জৰিয়তে কৃষকসকল স্বাৱলম্বী হ’লে নৱপ্রজন্মও কৃষিৰ প্রতি আকর্ষিত হ’ব৷ কৃষিৰ প্রতি আকর্ষিত হ’লে মাটিবোৰ বহিৰাগতৰ হাতলৈ নগৈ অসমীয়াৰ হাততেই থাকিব৷ আৰু নতুনপ্রজন্মই মাটি–খেতিকেই আপোন কৰি ল’ব৷ নৈৰ পাৰত বা অসমৰ ভিন্ন ঠাইত পৰি ৰোৱা মাটিবোৰত খিলঞ্জীয়াই খেতি কৰিব পাৰে৷ তেনে এক পৰিৱেশ সৃষ্টি কৰিব পাৰিলে নিবনুৱা সমস্যাও হ্রাস পাব৷ এনে এক পৰিৱেশৰ বাবে চৰকাৰৰ যথেষ্টখিনি কৰণীয় আছে৷ কেৱল প্রতিবাদ–আন্দোলন কৰিয়ে জাতি এটা জীয়াই নাথাকে৷ অর্থনৈতিক বুনিয়াদ শক্তিশালী যিকোনো প্রকাৰেই অসমীয়াই কৰিব লাগিব, কাৰণ ভাষা–সংস্কৃতিৰ লগতে জাতিৰ অর্থনৈতিক বুনিয়াদ শক্তিশালী হ’লেহে জাতি এটা অক্ষত ৰূপত থাকিব৷ এহ কথা অসমীয়াই পাহৰি যোৱা উচিত নহয়৷

You might also like