সম্পাদকীয় : সমস্যাটো ক’ত
এখন দেশৰ ভৱিষ্যৎ শিক্ষা ব্যৱস্থাৰ ওপৰতো নির্ভৰ কৰে৷ সেয়ে শিক্ষা ব্যৱস্থা সন্দর্ভত আলোচনা কৰাটো অতিকৈ প্রয়োজন৷ সম্প্রতি অভিভাৱকসকলে চৰকাৰী বিদ্যালয়তকৈ বেচৰকাৰী বিদ্যালয়তহে সন্তানক নামভর্তি কৰাই দিয়ে৷ বহু লোকে ধাৰণা কৰি লয় যে চৰকাৰী বিদ্যালয়ত নিম্ন মধ্যবিত্ত ল’ৰা–ছোৱালীবোৰেহে পঢ়া–শুনা কৰে৷ বিদ্যালয়ৰ মান উন্নত হ’লেও পৰিৱেশ উন্নত নহয়, শিক্ষকৰ উপস্থিতিৰ হাৰ নিম্ন, ল’ৰা–ছোৱালীক গুৰুত্ব দিয়া নহয়, ভিন্ন কাৰণত পাঠদান ব্যাহত হয়৷ আনফালে, ব্যক্তিগত খণ্ডৰ বিদ্যালয়ক লৈ বহুতৰে ধাৰণা যে ব্যক্তিগত বিদ্যালয়ত পাঠদান ব্যাহত নহয়, ল’ৰা–ছোৱালীক গুৰুত্ব দিয়ে, শিক্ষকৰ উপস্থিতিৰ হাৰ অধিক, শিক্ষাৰ মানো উন্নত৷ আমাৰ সমাজত এনে একে চিন্তাধাৰাই ক্রিয়া কৰি থাকিলেও এটা কথা উল্লেখ কৰিব লাগিব যে পূর্বৰ তুলনাত চৰকাৰী শিক্ষানুষ্ঠান বহুখিনি উন্নত হৈছে, চৰকাৰী স্কুলত শিক্ষক নিযুক্তি দিয়া হৈছে৷ শিক্ষাৰ মানো বহুখিনি উন্নত হৈছে৷ তথাপি আজিপর্যন্ত শিক্ষার্থীৰ সংখ্যা বৃদ্ধি হোৱা নাহ৷ আঢ্যৱন্ত আৰু সচেতন নাগৰিকে নিজৰ সন্তানক ব্যক্তিগত খণ্ডত বিদ্যালয়ত পঢ়ুুৱাই সুখী অনুভৱ কৰে৷ তেওঁলোকে ভাবে যে আমাৰ সন্তানে উন্নত সা–সুবিধা থকা বিদ্যালয়তেই অধ্যয়ন কৰিব৷ পূর্বতে ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ পৰিৱর্তে ৰাজহুৱা খণ্ডৰ বিদ্যালয়তহে অভিভাৱকে সন্তানক পঢ়ুৱাইছিল৷ ৰাজহুৱা খণ্ডৰ বিদ্যালয়ৰ পৰাই উৎকৃষ্ট ফলাফল দেখুৱাবলৈ সক্ষম হৈছিল৷ কিন্তু সময়ৰ গতিত সকলো সলনি হ’ল৷ এতিয়া ৰাজহুৱা খণ্ডৰ বিদ্যালয়তকৈ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ জয়জয়কাৰ৷ ৰাজহুৱা খণ্ডৰ বিদ্যালয় পূর্বৰ দৰে উজলাই তুলিবলৈ চৰকাৰে আন্তঃগাঁথনি, শিক্ষক নিযুক্তিৰ লগতে আৰু বহুখিনি কৰণীয় আছে৷ শিক্ষা বিষয়টো শিক্ষক, শিক্ষার্থী, অভিভাৱকৰ ওপৰত প্রতিষ্ঠিত৷ ইয়াত চৰকাৰে আন্তঃগাঁথনি, পুঁজিৰ যোগান, সমন্বয় ৰক্ষা কৰাতহে অধিক গুৰুত্ব দিব লাগে৷ শিক্ষকক যিমান পাৰি শিক্ষার্থীৰ ভৱিষ্যতৰ বাবে কাম কৰাৰহে দায়িত্ব দিব লাগে৷ অন্য যিকোনো দায়িত্ব তেওঁলোকক দিব নালাগে৷ প্রতিখন বিদ্যালয়ত প্রতিটো বিষয়ৰ শিক্ষক নিযুক্তি দিব লাগে৷ শিক্ষকৰ অভাৱ হ’লে তৎকালেই নিয়োগ কৰিব লাগে৷ অন্য বিষয়ৰ শিক্ষকেৰে বিদ্যালয়ত পাঠদান কৰালে বিদ্যালয়খনৰ মান নিম্ন হয়৷
আনফালে, শিক্ষকসকলেও পালমৰা ধৰণে দায়িত্ব সামৰিলে শিক্ষাৰ মান কেতিয়াও উন্নতি নহ’ব৷ বহু সময়ত দেখা যায়– প্রধান শিক্ষকে শিক্ষার্থীৰ মানসিক বিকাশৰ বিষয়টোতকৈ মধ্যাহ্ণ ভোজনৰ আহাৰৰ কথাটোতহে অধিক গুৰুত্ব দিবলগীয়া হয়৷ এনে ভিন্ন সমস্যাৰ মাজেৰে শিক্ষা ব্যৱস্থা আগবাঢ়িলে ৰাজহুৱা খণ্ডৰ বিদ্যালয়বোৰ কেৱল নিম্ন মধ্যবিত্ত পৰিয়ালৰ বাবেহে থাকি যাব৷ সামর্থ্য নথকাৰ বাবেহে যেন তেওঁলোকে ৰাজহুৱা খণ্ডৰ বিদ্যালয়বোৰত পঢ়ুৱাব লগা হৈছে, তেনে এক পৰিৱেশৰ ইতিমধ্যে আৰম্ভ হৈছে৷ মানুহৰ মন–মগজুত এই ধৰণৰ কথা–বতৰাই ক্রিয়া কৰা আৰম্ভ কৰিছে৷ চৰকাৰী বিদ্যালয়ত বিনামূলীয়াকৈ সকলো সুবিধা পোৱাৰ পিছতো নামভর্তি নকৰাৰ কাৰণবোৰ ভাবিলে আচৰিত নালাগেনে? চৰকাৰী বিদ্যালয়সমূহত মেধা শিক্ষক নিযুক্তি দিয়া হৈছে, বহু বিদ্যালয়ৰ আন্তঃগাঁথনি উন্নত হৈছে, কিন্তু অসমৰ অধিকাংশ বিদ্যালয়ত শিক্ষার্থীৰ সংখ্যা বৃদ্ধি পোৱা নাই৷ এজন শিক্ষার্থীক ৪ বছৰতেই লাখ টকা খৰচ কৰি প্রাথমিক শিক্ষা দিবলগীয়া হৈছে৷ শিক্ষা এতিয়া ব্যৱসায়লৈ ৰূপান্তৰ হৈছে৷ এই সুবিধা দিছে চৰকাৰে৷ চৰকাৰী লোকসকলে শিক্ষা ব্যৱস্থাৰ মান উন্নত হোৱা বুলিও কয়, আনফালে নিজৰ সতি–সন্ততিক ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত পঢ়ুৱায়৷ শিক্ষকসকলেও নিজৰ ল’ৰা–ছোৱালীক চৰকাৰী বিদ্যালয়ত পঢ়ুৱাবলৈ সাহস নকৰে৷ ইয়াৰ কাৰণবোৰ নিশ্চয় বিশ্লেষণ কৰাৰ প্রয়োজন আছে৷ ৰাজহুৱা খণ্ডৰ বিদ্যালয়বোৰ উন্নত হ’বলৈ সকলো স্তৰৰ লোকে চৰকাৰী বিদ্যালয়ত ল’ৰা–ছোৱালীক পঢ়ুৱাবই লাগিব৷ তাৰ বাবে যিমানবোৰ আসোঁৱাহ আছে, সকলোবোৰ শুধৰাব লাগিব৷ শিক্ষকৰ অতিৰিক্ত দায়িত্ব, উপযুক্ত বিষয় শিক্ষক, বিদ্যালয়ত ৰাজনীতিমুক্ত পৰিৱেশ, প্রতিখন বিদ্যালয়ৰ আন্তঃগাঁথনি চকুত লগা হ’বই লাগিব৷ শিক্ষকেও নিজৰ বিদ্যালয়খনৰ ফলাফল উন্নত কৰাৰ বাবে যৎপৰোনাস্তি চেষ্টা চলাব লাগিব৷ শিক্ষার্থীসকলক ভাল শিক্ষা দিবলৈ প্রতিজন শিক্ষকেই নিষ্ঠাৱান হ’ব লাগিব৷ ‘উচ্চ আয়ৰ লোকৰ বাবেহে গুণগত শিক্ষা’ তেনে এক পৰিৱেশ যাতে সৃষ্টি নহয়, তাৰ বাবে এতিয়াৰ পৰাই সকলো দায়বদ্ধ হ’ব লাগিব৷ শিক্ষা সকলোৰে বাবে সমান হ’ব লাগিব৷ প্রতিটো শিশুৱে উচিত শিক্ষাৰে আগুৱাই অজ্ঞতা, দুখ–কষ্ট, আলৈ–আহুকালৰ পৰা যাতে মুক্ত হয়, তাৰ পৰিৱেশ সৃষ্টি কৰিব লাগিব৷