নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

টি-২০ বিশ্বকাপত আজি নামিবিয়াৰে মুখামুখি হ’ব টীম ইণ্ডিয়া

বিস্ফোৰক অ’পেনাৰ অভিষেক শর্মা অবিহনে আজি টি–২০ বিশ্বকাপৰ মেচত ভাগ ল’ব টীম ইণ্ডিয়াই৷ ভাৰত আৰু শ্রীলংকাত যুটীয়াভাৱে চলি থকা আইচিচিৰ সন্মানীয় প্রতিযোগিতাখনৰ কাইলৈ ফিৰোজ শ্বাহ কোটলা ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া গ্রুপ ‘এ’ৰ মেচখনত ঘৰুৱা দল টীম ইণ্ডিয়াই নামিবিয়াৰ মুখামুখি হ’ব৷

মেচখনৰ পূর্বে ভাৰতীয় শিবিৰত এক দুঃখবৰ৷ পেটৰ অসুখত ভুগি থকাৰ বাবে বিস্ফোৰক অ’পেনাৰ অভিষেক শর্মাৰ কাইলৈৰ মেচখনত অংশগ্রহণৰ সম্ভাৱনা নাই৷ পেটৰ সংক্রমণত ভোগা অভিষেকে দুদিন ধৰি চিকিৎসালয়ত ভর্তি হৈ থকা বুলি জানিব পৰা গৈছে৷

অভিষেকৰ অনুপস্থিতিত আজিৰ মেচখনত ভাৰতীয় দলটোৰ মূল একাদশত সঞ্জু ছেমছনে স্থান লাভ কৰাৰ পূর্ণ সম্ভাৱনা আছে৷ ছেমছনে ঈশান কিষণৰ সৈতে দলৰ ইনিংছ মুকলি কৰিব৷ আজিৰ মেচখনত নামিবিয়াক সহজভাৱে ল’ব বিচৰা নাই ভাৰতীয় দলটোৱে৷

অহা দেওবাৰে চিৰবৈৰী পাকিস্তানৰ বিপক্ষে খেলিবলগীয়া হাইভল্টেজ মেচখনৰ প্রতি লক্ষ্য ৰাখি ভাৰতীয় দলটোৱে আজিৰ মেচখনত শক্তিশালী ৰূপত অৱতীর্ণ হ’ব৷ পাকিস্তানৰ মেচখন মনত ৰাখি অনুশীলন আৰম্ভ কৰিছে টীম ইণ্ডিয়াই৷

ভাৰতীয় দলটোৱে মঙলবাৰে অনুশীলন চলায়৷ পেচ বলাৰ আৰু স্পিনাৰে পৃথকে পৃথকে নেটত বলিং কৰে৷ প্রায় দুঘণ্টা ধৰি অনুশীলনত ভাগ লয় সূর্যকুমাৰ নেতৃত্বাধীন ভাৰতীয় দলটোৱে৷ আজিৰ মেচখন সন্দর্ভত টীম ইণ্ডিয়াৰ অধিনায়ক সূর্যকুমাৰে কয় যে প্রথমখন মেচত জয়লাভ কৰাৰ পিছত আমাৰ আত্মবিশ্বাস তুংগত আছে যদিও আজি দুর্বল দল নামিবিয়াক আমি সহজভাৱে ল’ব বিচৰা নাই৷

আমি মেচখনত পূর্ণ শক্তিৰে অৱতীর্ণ হ’ম৷ অৱশ্যে আজিৰ মেচখনত অভিষেক শর্মাই খেলাৰ সম্ভাৱনা নাই৷ তেওঁৰ স্থানত সঞ্জুৱে ইনিংছ মুকলি কৰিব৷ আশা কৰিছোঁ সঞ্জুৱে দীঘলীয়া ইনিংছ খেলিব পাৰিব৷

খেলৰ সময়ঃ নিশা ৭ বজা

ডিজিটেল ডেস্ক, ১২ ফেব্রুৱাৰী

You might also like