নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রমোদ বড়োৰ বিজয়

বহু ঘটনা–পৰিঘটনাৰ অন্তত আস্থাৰ ভোটত জয়ী হ’ল প্রমোদ বডো৷ হস্পত্বিাৰে কোকৰাঝাৰস্থিত বিটিচিৰ বিধান পৰিষদত অনুষ্ঠিত সংখ্যাগৰিষ্ঠতা প্রতিপন্নৰ পৰীক্ষাত উত্তীর্ণ হ’ল মুখ্য কার্য্বাহী সদস্যগৰাকী৷ ইয়াৰ সমান্তৰালকৈ ইড পি পি এল–বিজেপি–জি এছ পি মিত্রজোঁটৰ পৰিষদীয় চৰকাৰখনে সাংবিধানিকভাৱে নিজৰ কাম–কাজ কৰাৰ অধিকাৰ লাভ কৰিলে৷ কিন্তু প্রক্রিয়াটো ইমান সহজ আৰু সৰল নাছিল৷ পৰিষদীয় চৰকাৰ গঠনৰ বাবে আৱশ্যকীয় সংখ্যাগৰিষ্ঠতা লাভ নকৰিলেও একক সংখ্যাগৰিষ্ঠ দল হিচাপে নিৰ্বাচনত জয়ী হৈ অহা হাগ্রামা মহিলাৰী নেতৃত্বাধীন বি পি এফে শেষ মুহূর্তলৈকে চৰকাৰ গঠনৰ চেষ্টা ব্যাহত ৰাখিছিল৷ ইয়াৰ বাবে ইড পি পি এল–বিজেপি–জি এছ পিৰ বিজয়ী পাৰিষদসকলক গুৱাহাটী আৰু শ্বিলঙৰ হোটেলত আবদ্ধ কৰি ৰাখ্বিলগীয়া হৈছিল৷ অৱশ্যে পাৰিষদসকলক হোটেলত ৰখাৰ সপক্ষে মিত্রজোঁটৰ দলকেইটাৰ যুক্তি আছিল বেলেগ৷ কিন্তু সেই যুক্তিত সিমান জোৰ নাছিল৷ ৰাজ্য্বাসীয়েও কথাটো নুবুজাকৈ থকা নাছিল৷ যি সময়ত সমষ্টিবাসীৰ সৈতে বিজয়ৰ আনন্দ ভগাই ল’লৈ পাৰিষদসকল নিজৰ নিজৰ সমষ্টিত থাক্বি লাগিছিল, সেই সময়ত তেওঁলোক আছিল নিজ নিজ সমষ্টিৰ পৰা বহু যোজন আঁতৰৰ হোটেলত৷ তেওঁলোকক বিশেষ অনুমতি অবিহনে সাধাৰণ লোকতো দূৰৈৰ কথা, ৰাজনৈতিক দলৰ নেতায়ো সাক্ষাৎ কৰ্বি পৰা নাছিল৷ ইয়াৰ পৰা এটা কথা স্পষ্ট যে পাৰিষদসকলক বিৰোধী অর্থাৎ বি পি এফে চুব নোৱৰাকৈ আঁতৰাই ৰখা হৈছিল৷ মাথোঁ কেইখনমান আসনৰ বাবে সংখ্যাগৰিষ্ঠতা লাভ কৰ্বিলৈ সক্ষম নোহোৱা বি পি এফে তেওঁলোকৰ মাজৰ কোনোবাক নিজৰ ফলীয়া কৰ্বি যাতে নোৱাৰে, তাৰ বাবেই যে সেই পদক্ষেপ লোৱা হৈছিল, সেইটো দিনৰ পোহৰৰ দৰে স্পষ্ট৷ যিয়েই নহওক, সেই বাধা আঁতৰাই মিত্রজোঁটৰ সদস্যসকলে আস্থাৰ ভোটত অংশগ্রহণ কৰি নিজৰ মুৰব্বীগৰাকীক কাংক্ষিত ধৰণে র্ন্বিাচিত কৰে৷ অৱশ্যে বাধা মাথোঁ এইটোৱেই নাছিল৷ পৰিষদৰ ক্ষমতা দখলৰ বাবে চেষ্টাৰ কোনো ত্রুটি নৰখা বি পি এফে ইয়াৰ উপায় হিচাপে ন্যায়ালয়ৰো আশ্রয় লৈছিল৷ ন্যায়ালয়ৰ নির্দেশ অনুসৰিয়েই প্রমোদ ডোৱে আস্থাৰ ভোটৰ সন্মুখীন হ’বলগীয়া হয়৷ ইয়াৰ পিছত বি পি এফে অন্তিমটো অস্ত্র হিচাপে আঞ্চলিকতাবাদৰ অস্ত্রপাট হাতত তুলি লয়৷

লক্ষণীয়ভাৱে বি পি এফৰ এই প্রস্তাৱটোৱে বিটিচি (তমান বি টি আৰ)ৰ কেইবাটাও দল–সংগঠনৰ সমর্থন লাভ কৰে৷ ডো সাহিত্য সভাৰ দৰে অনুষ্ঠানে হাগ্রামা মহিলাৰীৰ প্রস্তাৱক সমর্থন কৰি পৰিষদীয় চৰকাৰখন আঞ্চলিক দলৰ হাতত ৰখাৰ আহ্বান জনায়৷ হাগ্রামা মহিলাৰীৰ প্রস্তাৱ অনুসৰি, পৰিষদীয় চৰকাৰখনৰ পৰা ৰাষ্ট্রীয় দলক আঁতৰাই ৰাখি আঞ্চলিক দল অর্থাৎ ইড পি পি এল, বি পি এফ, জি এছ পি, অগপ আদিৰ প্রতিনিধিৰে গঠন হওক৷ কিন্তু ইড পি পি এলৰ সভাপতি প্রমোদ বডোৱে সেই প্রস্তাৱ প্রত্যাখ্যান কৰি মিত্রজোঁটৰ সপক্ষে নিজৰ মত প্রকাশ কৰে৷ অৱশেষত প্রমোদ বডোৰেই জয় হয়৷
হুলস্থূলীয়া পৰিৱেশৰ মাজত অনুষ্ঠিত আস্থাৰ ভোটত প্রমোদ বডো জয়ী হোৱাৰ লগে লগে পৰিষদীয় চৰকাৰখনে এটা গুৰুত্বপূর্ণ পর্যায় অতিক্রম কৰি আহিবলৈ সক্ষম হ’ল৷ এতিয়া চৰকাৰখনৰ দায়িত্ব হ’ব, নিৰ্বাচনত জনসাধাৰণক দিয়া প্রতিশ্রুতি নিষ্ঠাৰে সৈতে পালন কৰা৷ পৰিষদীয় অঞ্চলটোত সমস্যাৰ শেষ নাই৷ বিকাশৰ প্রশ্ণত ক্ষুদ্র ভূ–খণ্ডটো হু দূৰ যাবলৈ আছে৷ ৰাস্তা–ঘাট, শিক্ষা–ক্রীডা, উদ্যোগ আদি সকলো দিশতে পৰিষদীয় চৰকাৰখনে কাম কৰ্বিলগীয়া আছে৷ লগতে বি টি আৰ চুক্তিখনৰ ৰূপায়ণ হ’ প্রমোদ ডোৰ বাবে কঠিন প্রত্যাহ্বান৷ ইয়াৰ সপক্ষে আৰু বিপক্ষে হু লোক আছে৷ সকলোকে সন্তুষ্ট কৰি চুক্তিখন ৰূপায়ণ কৰ্বি পৰাটো হ’ প্রমোদ ডোৰ ৰাজনৈতিক দক্ষতাৰ পৰিচয়৷ ইয়ে পৰিষদীয় অঞ্চলৰ পৰিৱেশ সলনি কৰি দ্বিও পাৰে৷ গতিকে, চুক্তিখনৰ সমান্তৰালকৈ পৰিষদীয় অঞ্চলত সকলোৰে মাজত আস্থাৰ পৰিৱেশ ঘূৰাই অনা, তাক অধিক প্রভাৱশালী কৰিব পাৰিলে মুখ্য কার্য্বাহী সদস্য প্রমোদ বডোৰ বাবেব অনাগত দিনৰ ৰাজনীতি হুখিনি সহজ হৈ পৰ্বি পাৰে৷ এইক্ষেত্রত তেওঁ নিজকে কিছু পৰিমাণে সৌভাগ্যশালী লিও গণ্য কৰ্বি পাৰে৷ বিটিচি তথা বি টি আৰ চুক্তিৰ অন্যতম বিৰোধী জি এছ পি আৰু দলটোৰ নেতা সাংসদ নৱ কুমাৰ শৰণীয়াক তেওঁ মিত্রজোঁটৰ অংশীদাৰ হিচাপে লাভ কৰিছে৷ প্রমোদ ডোৱে যদি মিত্রজোঁট আৰু ৰাজধর্ম পালন কৰি দলটোক নিজৰ সৈতে দীর্ঘদিনলৈ ৰাখ্বিলৈ সক্ষম হয়, প্রধান বিৰোধী কণ্ঠ এটা তেওঁৰ সপক্ষ থাকি যাব৷ ইয়ে বি টি আৰ চুক্তি ৰূপায়ণ তথা পৰিষদীয় অঞ্চলৰ সকলো জনগোষ্ঠীৰ আশা–আকাংক্ষা পূৰণত পৰিষদীয় চৰকাৰখনৰ বাবে এটা ডাঙৰ প্রাপ্তি হ’ব৷ তিনিটা ভিন্ন মতাদর্শৰ ৰাজনৈতিক দলৰ পৰিষদীয় চৰকাৰখনৰ কাম–কাজলৈ বি টি আৰ তথা অসমবাসীৰ নজৰ কিন্তু সকলো সময়তে থাকিব৷

You might also like