নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কিছুমান দেশত গীতাক লৈ ইমান বিতর্ক কিয়?

আপুনাক ঈশ্বৰ স্বৰূপে ধ্যান কৰি৷
এহি মন্ত্র উচ্চাৰিবে মাধৱক স্মৰি৷৷
(ভাগৱত পুৰাণ)

নাৰায়ণ–কৱচ ভাগৱত শাস্ত্রৰ এটি ক্ষুদ্র অংশ৷ আন যিকোনো পুৰাণৰ দৰে ভাগৱত পুৰাণৰ সৈতেও অলেখ অতিকথা Myth) জড়িত হৈছে৷ সেয়ে হ’লেও এই পুৰাণসমূহ অনেক আধ্যাত্মিক তত্ত্বকথাৰো ভঁৰাল৷ ভাগৱত পুৰাণৰ নাৰায়ণ কৱচ নামৰ ক্ষুদ্র অধ্যায়টিতো অতিকথা আৰু তত্ত্বকথাৰ যুগপৎ সমাৱেশ পৰিলক্ষিত হয়৷ ইয়াত বর্ণিত আধ্যাত্মিক তত্ত্বসমূহৰ ভিতৰত সবাতোকৈ মহত্ত্বপূর্ণ তত্ত্ব হৈছে ব্যক্তিয়ে নিজকে ঈশ্বৰ স্বৰূপে ধ্যান কৰাৰ কথাটো৷ এয়া নিঃসন্দেহে সাধনমার্গৰ অতি উচ্চ স্তৰৰ বিষয়৷ সাধাৰণ অৱস্থাত কোনো ব্যক্তিয়ে নিজকে ঈশ্বৰৰ ৰূপত ধ্যান কৰাটো ভাবিব নোৱৰা কথা৷ কিন্তু ভাৰতীয় সনাতন সাধনমার্গত এনে এক অৱস্থাপ্রাপ্ত হোৱাটো সম্ভৱপৰ বুলি কোৱা হৈছে৷ কেৱল কোৱাই নহয়, প্রকাশ্যভাৱে আপোন ব্যক্তিত্বত ঈশ্বৰত্ব আৰোপ কৰি দেখুওৱা হৈছে৷ তাৰেই সর্বোজ্জ্বল দৃষ্টান্ত হৈছে শ্রীমদ্ভগৱদ্গীতা (চমুকৈ গীতা) নামৰ গভীৰতম তত্ত্বজ্ঞানৰ আধাৰস্বৰূপ গ্রন্থখন৷ এই কথা সর্বজনবিদিত যে গীতা শাস্ত্র ভগৱান শ্রীকৃষ্ণৰ মুখেৰে বিবৃত কৰোৱা হৈছে৷ কিন্তু তাৎপর্যপূর্ণ কথা হৈছে, শ্রীমদ্ভাগৱত পুৰাণ আৰু শ্রীমদ্ভগৱদ্গীতাৰ ৰচক প্রকৃতপক্ষে একেজনা ব্যক্তিয়েই৷ তেওঁ হৈছে মহর্ষি বেদব্যাস৷ ব্যাসদেৱে ভাগৱত পুৰাণত নিজকে ঈশ্বৰ স্বৰূপে ধ্যান কৰাৰ কথা কৈছিল৷ কিন্তু গীতা ৰচনা কৰি তেওঁ এই কথা প্রমাণ কৰি দেখুৱালে যে নিজকে ঈশ্বৰৰ পর্যায়লৈ উত্তীর্ণ কৰাটো সম্ভৱপৰ৷ লক্ষণীয়ভাৱে সমস্ত গীতা গ্রন্থ প্রথম পুৰুষত বিবৃত হৈছে৷ গীতাৰ শ্লোকসমূহ চাৰিজন ব্যক্তিৰ মুখেৰে নিঃসৃত হৈছে৷ ভগৱান শ্রীকৃষ্ণৰ অতিৰিক্ত আন তিনিজন বক্তা হৈছে ধৃতৰাষ্ট্র, অর্জুন আৰু সঞ্জয়৷ কিন্তু সকলো তত্ত্ববিষয়ক কথা কৃষ্ণৰ দ্বাৰাই ব্যক্ত কৰোৱা হৈছে৷ মহাকাব্য মহাভাৰতৰ ৰচক হিচাপে গীতাৰ স্রষ্টাও যে মহর্ষি বেদব্যাসেই আছিল, সেই বিষয়ত সন্দেহৰ থল নাই বুলিব পাৰি৷ অর্থাৎ গীতা ৰচনাৰ ক্ষণত ইয়াৰ স্রষ্টাগৰাকীয়ে নিজকে ঈশ্বৰত আৰোপ কৰিবলৈ অথবা নিজকে সেই পৰম সত্তাত বিলীন কৰি দিবলৈ সম্পূর্ণৰূপে সমর্থ হৈছিল৷ সম্ভৱতঃ প্রণালীবদ্ধ ধ্যানৰ জৰিয়তেই তেওঁ এই অসাধ্য সাধন কৰিব পাৰিছিল৷ এই একেজনা জ্ঞানতপস্বীয়েই সৃষ্টিৰ আদিমূল পৰমব্রহ্মক শ্রীকৃষ্ণৰ ৰূপত ধৰাপৃষ্ঠলৈ নমাই আনিছিল আৰু তেওঁৰ চৰিত্রটোকে ৰূপক হিচাপে লৈ পৰৱর্তী কালত গীতা নামৰ অনুপম তত্ত্বগ্রন্থ ৰচনা কৰিছিল৷
এতিয়া প্রশ্ণ হৈছে, গীতা গ্রন্থ প্রকৃততে পৰমেশ্বৰৰ মুখ–নিঃসৃত বাণী হয়নে? এই প্রশ্ণৰ সম্ভাব্য উত্তৰ দুটা৷ যিসকল ব্যক্তিয়ে বসুদেৱ আৰু দৈৱকীৰ অষ্টম পুত্র কৃষ্ণক পৰমব্রহ্মৰ পৰিপূর্ণতম অৱতাৰ ৰূপে সৰলতাৰে বিশ্বাস কৰে, তেওঁলোকৰ বাবে গীতা স্বয়ং ভগৱানৰ মুখ–নিঃসৃত কথন৷ ইয়াৰ বিপৰীতে যিসকল লোকে যুক্তিবাদত বিশ্বাস কৰা হেতু অৱতাৰী তত্ত্বক অতিকথা হিচাপেহে বিবেচনা কৰে, সেইসকলৰ দৃষ্টিত গীতাত লিপিবদ্ধ সুগভীৰ জ্ঞান কোনো মনুষ্যৰে উর্বৰ মস্তিষ্কপ্রসূত বস্তু৷ মুকলিকৈ ক’বলৈ হ’লে সেইজন মনুষ্য মহর্ষি বেদব্যাস ব্যতিৰেকে আন কোনো নহয়৷ জীৱন আৰু জগৎ সম্বন্ধে সেই যুগৰ সবাতোকৈ তত্ত্বদর্শী ব্যক্তিগৰাকীয়েই আছিল ব্যাসদেৱ৷ মন কৰিবলগীয়া কথা এয়ে যে গীতাৰ স্রষ্টাগৰাকীয়ে বহির্জগতৰ তুলনাত মানুহৰ অন্তর্জগতত অধিকৰূপে আলোকপাত কৰিছিল৷ সেই যুগৰ মানুহে যিবোৰ দার্শনিক প্রশ্ণৰ উত্তৰ বিচাৰি হাবাথুৰি খাই ফুৰিছিল, তেনে সকলো প্রশ্ণৰ উত্তৰ মহর্ষিগৰাকীয়ে পৰমেশ্বৰৰ দৃষ্টিকোণৰ পৰা বিশ্লেষণ কৰি সিবোৰৰ সংকলন কৰিছিল গীতাৰ মাধ্যমে৷
প্রকৃততে সমগ্র মহাভাৰত মহাকাব্যখনেই এক ৰূপকধর্মী সাহিত্যকৃতি৷ কেতিয়াবা এনেকুৱা ভাব হয় যেন গীতাৰ অৱতাৰণাৰ বাবেই মহাভাৰতৰ সৃষ্টি মহাভাৰতৰ ৰূপকধর্মিতাৰ শীর্ষাৰোহণ ঘটিছে গীতাৰ মাধ্যমে৷ যিসকলে গীতা পঢ়িছে, তেওঁলোকৰ বাবে এই কথা অবিদিত নহয় যে মানুহৰ চাৰিত্রিক বিশ্লেষণ এই তত্ত্বসর্বস্ব গ্রন্থখনৰ অন্যতম বিষয়বস্তু৷ ভগৱদ্প্রাপ্তিৰ তিনিটা প্রধান পথ সম্বন্ধে তত্ত্বজিজ্ঞাসুসকলক্ সংহত ধাৰণা দিবলৈ গ্রন্থখনত প্রয়াস কৰা হৈছে৷ অৱশ্যে এই তিনিওৰে ভিতৰত ভক্তিমার্গৰ শ্রেষ্ঠত্বৰ কথা স্পষ্টৰূপে কোৱা হৈছে৷ জ্ঞানমার্গেৰে পৰমেশ্বৰৰ ধাৰণা আয়ত্ত কৰাটো এটা বিশেষ বিন্দুলৈহে সম্ভৱপৰ৷ য’তে জ্ঞানমার্গী পৰিক্রমাৰ অন্ত পৰে, তাতেই সূচনা হয় ভক্তিমার্গৰ৷ গীতাৰ অন্য এক প্রাথমিক তত্ত্বজ্ঞান হ’ল এই যে জীৱমাত্রেই জীয়াই থকাৰ স্বার্থত কর্ম কৰিবই লাগিব৷ মানুহৰ ক্ষেত্রত সেই কর্ম হোৱা উচিত কামনাৰহিত৷ গীতাই এই জগতত অতীত, বর্তমান আৰু ভৱিষ্যতত ঘটা আৰু ঘটিবলগীয়া প্রতিটো ঘটনা পূর্বনির্ধাৰিত হৈ থকা বুলি কৈছে৷ অর্থাৎ আধুনিক দৃষ্টিৰে গীতাৰ বিশ্লেষণ কৰিলে প্রতীয়মান হয় যে ইয়াৰ দর্শন এশ শতাংশই নিশ্চয়তাবাদী৷ এতেকে মানুহ বা আন প্রাণীয়ে যি কর্মই নকৰক কিয়, সেই সকলো এক পৰম ইচ্ছা অনুযায়ীয়ে হৈ আছে৷ অর্থাৎ প্রত্যেক প্রাণীয়েই এখন আদি–ন্তহীন মহানাটৰ একো একোটা চৰিত্র মাথোন৷ এই মহাজাগতিক প্রেক্ষাপটৰ বর্ণনা কৰিবলৈ গৈ গীতাৰ স্রষ্টাই পৰোক্ষে এক মহাজীৱনৰ অস্তিত্বও ঘোষণা কৰিছে৷ আধুনিক দৃষ্টিৰে যিবিলাক দার্শনিক প্রশ্ণ দ্বন্দ্বাত্মক ৰূপে পৰিগণিত হৈ আহিছে, তেনে অনেক প্রশ্ণৰ মীমাংসা গীতাত ঐশ্বৰিক কর্তৃত্বৰে লিপিবদ্ধ কৰা হৈছে৷ এতেকে তাত্ত্বিক বিবেচনাৰে গীতাৰ জ্ঞানেই সর্বশেষ জ্ঞান হোৱা উচিত আছিল৷ যি সময়ত গীতা ৰচনা হৈছিল, তেতিয়া গীতাৰ মতসমূহক প্রত্যাহ্বান জনাব পৰা দ্বিতীয় এটা মত এই পৃথিৱীত নাছিল৷ সেয়ে গীতাৰ স্থান আছিল সকলোৰে ওপৰত৷ কিন্তু যি সময়ৰ পৰা ভাৰতৰ বাহিৰতো আৰু এখন পৃথিৱী থকাৰ কথা মানুহে জানিব পাৰিলে, তেতিয়াৰে পৰা ভাৰতীয় চিন্তা–মনীষাৰ সর্বোচ্চ নিদর্শনস্বৰূপ গীতাৰ বিৰুদ্ধবাদী কিছুমান দার্শনিক মতেও মূৰ দাঙি উঠা দেখা গ’ল৷ বিশেষতঃ পাশ্চাত্যৰ জড়বাদী দর্শন যেতিয়া সর্বসন্মতিক্রমে এই সিদ্ধান্তত উপনীত হ’ল যে অনিশ্চয়তাই এই সৃষ্টিৰ সর্বশেষ সত্য, তেতিয়া গীতাৰ আধ্যাত্মিকতা আৰু পশ্চিমৰ জড়বাদৰ সংঘাত অনিবার্য হৈ উঠিল৷ কিয়নো, দুয়োটা ধাৰণা সম্পূর্ণ বিপৰীতমুখী৷ আমি ভাৰতীয়সকলে কিন্তু গীতাৰ নিশ্চয়তাবাদক ৰক্ষণাবেক্ষণ দিবলৈ বিদ্যায়তনিকভাৱে এই পর্যন্ত একো কৰিব পৰা নাই৷ লক্ষণীয় যে এলবার্ট আইনষ্টাইনে ব্যক্তিগতভাৱে এক নিশ্চয়তাবাদী ধাৰণা পোষণ কৰিছিল আৰু তেওঁ দৃঢ়তাৰে কৈছিল–God cannot play the game of dice. কিন্তু তাৰ ঠিক পিছৰ সময়খিনিতে অনিশ্চয়তাবাদী তত্ত্বই বিজ্ঞানী মহলত সবল ৰূপত আত্মপ্রকাশ কৰে৷ সেয়ে হ’লেও মই আজিও বিশ্বাস কৰোঁ যে সাধাৰণ নিশ্চয়তাবাদী আৰু অনিশ্চয়তাবাদী ধাৰণাৰ সিপাৰে এক পৰম নিশ্চয়তাবাদে বিৰাজ কৰিছে. ২০১০ চনত প্রকাশিত মোৰ এটা নিবন্ধত আঙুলিয়াই দিছিলোঁ যে সকলো পর্যবেক্ষিত অনিশ্চয়তাৰ সর্বশেষ লব্ধ মান Resultant) এক পৰম নিশ্চয়তা Absolute cartainty) হোৱাটো সম্ভৱপৰ৷ কিন্তু এই উক্তি সর্বজনগ্রাহ্য যুক্তিৰে প্রতিপন্ন কৰিব পাৰিলেহে গীতাৰ সনাতন চৰিত্র ৰক্ষা পৰিব৷
মন কৰিবলগীয়া যে ঊনবিংশ আৰু বিংশ শতাব্দীৰ কালছোৱাত ভাৰতীয় চিন্তা পৰম্পৰাৰ অমূল্য সম্পদ গীতা পৃথিৱীৰ বিভিন্ন ভাষালৈ অনূদিত হৈছে৷ কিন্তু সকলো মানুহে গীতাৰ মহত্ত্ব একে ধৰণে অনুধাৱন কৰিব পৰা নাই৷ অৱশ্যে দৃষ্টিভংগীৰ এনে তাৰতম্য ইয়াৰ নিশ্চয়তাবাদী দর্শনৰ পৰা উদ্ভূত নহয়৷ গীতাৰ যি অপব্যাখ্যা বিশ্বৰ বিভিন্ন দেশত হৈ আহিছে, তাৰ মূলতে আছে একাংশ মানুহৰ দৃষ্টিভংগীৰ স্থূলতা৷ কিছু বছৰৰ পূর্বে ৰাছিয়াত গীতা নিষিদ্ধ কৰা হৈছিল৷ তাৰো আগে তুৰস্ক আদি দেশতো গ্রন্থখনৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰাৰ বিষয়ে আমি অৱগত৷ পিছে সকলো দেশতে গীতা নিষিদ্ধকৰণৰ কাৰণ একেটাই নহয়৷ সাধাৰণতে গীতাৰ বিৰুদ্ধে উত্থাপিত অভিযোগটো হ’ল– এই গ্রন্থখনে মানুহক যুদ্ধ অথবা হিংসাৰ বাবে প্রণোদিত কৰে৷ কিন্তু এনে অভিযোগ আনোতাসকল এই বিষয়ে অৱগত নহয় যে মহাভাৰতৰ যুদ্ধখন এখন ৰূপকাত্মক যুদ্ধহে– যিখন যুদ্ধ প্রতিজন ব্যক্তিৰ মনৰ মাজত অণুক্ষণ চলি থাকে৷
দ্বিতীয়তে, গীতা নিষিদ্ধকৰণৰ অন্য এক কাৰণ ধর্মীয় সংকীর্ণতাও হ’ব পাৰে৷ আমি এনেদৰে ভবাৰ কাৰণ এয়ে যে গীতাৰ নিচিনা তত্ত্বগধুৰ গ্রন্থ পৃথিৱীৰ আন কোনো ধর্মতে দৃষ্টিগোচৰ নহয়৷ এতেকে গীতাৰ শ্রেষ্ঠত্ব স্বীকাৰ কৰি ল’লে জানোচা প্রাচীন ভাৰতীয় চিন্তা–মনীষাৰ উৎকর্ষক মানি লোৱা হয়, এনে আশংকাৰ বশৱর্তী হৈও কোনো কোনো দেশে গীতা নিষিদ্ধ কৰাটো অসম্ভৱ নহয়৷ কিন্তু হাজাৰ নিষেধাজ্ঞায়ো গীতাৰ গৰিমা লঘু কৰিব পাৰিব বুলি আমি বিশ্বাস নকৰোঁ৷ কেৱল দার্শনিক বিচাৰৰ পৰাই নহয়, সাহিত্যিক দৃষ্টিৰেও গীতা বিশ্ব–সাহিত্যৰ এক অনবদ্য সম্পদ৷ সেয়ে হ’লেও যি কাৰণতে নহওক কিয়, গীতাক কেন্দ্র কৰি সময়ে সময়ে উদ্ভৱ হৈ অহা ভুল বুজাবুজি দূৰ কৰিবৰ নিমিত্তে ভাৰতীয় আধ্যত্মিক সংগঠনসমূহ বিদেশত অধিক তৎপৰ হৈ উঠা বাঞ্ছনীয়৷ এইক্ষেত্রত আন্তর্জাতিক কৃষ্ণ ভাৱনামৃত সংঘ ISKON) এককভাৱে বহুদূৰ অগ্রসৰ হোৱাটো প্রণিধানযোগ্য৷

You might also like