ভোগেশ্বৰ বৰুৱাৰ বেদনা
‘আজি মই সুখী৷ ৫৫ বছৰে মই বুকুত কঢ়িয়াই থকা ক্ষোভ, দুখ–বেদনাৰ পৰা আজি মুক্তি পালোঁ৷’ –শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্রৰ প্রেক্ষাগৃহত ৮৫সংখ্যক জন্ম দিৱসত আৱেগিক অর্জুন ভোগেশ্বৰ বৰুৱাই এইদৰে ব্যক্ত কৰিছে তেওঁৰ দীর্ঘদিনীয়া পঞ্জীভূত ক্ষোভ আৰু সন্তুষ্টি৷ ১৯৬৬ৰ বেংকক এছিয়ান গেমছত ৮০০ মিটাৰ দৌৰত স্বর্ণপদক বিজয়ী ভোগেশ্বৰ বৰুৱাৰ জন্মদিন ১৮ বছৰে অভিৰুচি ক্রীড়া দিৱস ৰূপে পালন কৰা হৈছে যদিও চৰকাৰী পর্যায়ত কোনো কার্যসূচী অনুষ্ঠিত হোৱা নাছিল৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰে এইবাৰ প্রথমবাৰৰ বাবে ৰাজ্যৰ ক্রীড়া জগতৰ মহীৰূহগৰাকীৰ জন্ম দিৱসৰ স’তে সংগতি ৰাখি এলানি বিশেষ কার্যসূচী গ্রহণ কৰিছে৷ ‘আমাৰ খেলুৱৈ আমাৰ সন্মান’ শ্লোগানেৰে ভোগেশ্বৰ বৰুৱাৰ জন্মদিন উদ্যাপন কৰি বিশিষ্ট খেলুৱৈগৰাকীক সম্বর্ধনা জ্ঞাপন কৰাৰ লগতে ৰাজ্যৰ ৯৯গৰাকী খেলুৱৈক ক্রীড়া পেন্সন, ১৫৩গৰাকী খেলুৱৈক এককালীন আর্থিক পুৰস্কাৰ প্রদান কৰাৰ লগতে চাকৰিত নিয়োজিত হৈ থকা পদকজয়ী খেলুৱৈসকলক ৫০ হাজাৰ টকাকৈ এককালীন আর্থিক পুৰস্কাৰ আগবঢ়াইছে৷ ইয়াৰ উপৰি ৰাজ্যিক ক্রীড়া নীতি অনুসৰি বক্সিঙৰ ৱর্ল্ড চেম্পিয়ন পদক বিজয়ী যমুনা বড়ো আৰু আর্চাৰীৰ সঞ্জয় বড়োক চৰকাৰী চাকৰিৰ নিযুক্তি–পত্র প্রদান কৰা হৈছে৷ আন্তর্জাতিক পর্যায়ত হিমা দাসৰ সফলতাৰ পাছত টকি’ অলিম্পিকত পদক জয়ী লাভলীনা বৰগোহাঁয়ে পদক লাভ কৰি অসমৰ ইতিহাসত নাম খোদিত কৰাৰ পাছতেই অসমত এক ক্রীড়াৰ অনুকূল পৰিৱেশ গঢ়ি উঠিছে৷ ২০০৭ত বিভিন্ন বাধা–বিঘিনি সত্ত্বেও অসমত ৰাষ্ট্রীয় ক্রীড়া সফলতাৰে অনুষ্ঠিত হোৱাৰ সুযোগত অসমৰ ক্রীড়াৰ আন্তঃগাঁথনি বহু পৰিমাণে উন্নতি হৈছে৷ কিন্তু প্রয়োজনীয় আন্তঃগাঁথনি অবিহনেই ৫ দশক পূর্বে অর্জুন ভোগেশ্বৰ বৰুৱাই আন্তর্জাতিক পর্যায়ত লাভ কৰা সফলতা সহজলভ্য নাছিল৷ চৰকাৰেই নহয়, সমাজৰ অধিকাংশ লোকে ক্রীড়াক অগ্রাধিকাৰ প্রদান কৰাৰ পৰা বিৰত আছিল৷ পঢ়া–শুনা নকৰা একাংশ ছাত্র–ছাত্রীহে যেন ক্রীড়া ক্ষেত্রত আত্মনিয়োগ কৰিছিল সেই ধাৰণাই লৈ আছিল সমাজৰ একাংশ লোকে৷ এনে পৰিস্থিতিৰ মাজতো বিগত সময়ছোৱাত মনালিছা বৰুৱা, দীপাংকৰ ভট্টাচার্য, গিলবার্টচন চাংমা, সুচেন দাস চৌধুৰী, তয়াবুননিছা, শৰৎ দাস, তোচেন বৰা, দেৱাশিস ৰয়, নন্দিনী বৰুৱা, মিঠু বৰুৱা, সুশান্ত বৰা, মাধুর্য বৰুৱা, মল্লিকা বৰুৱা, এলভিছ আলী হাজৰিকা, কৃষ্ণা হাজৰিকা আদি অসমৰ খেলুৱৈয়ে আন্তর্জাতিক পর্যায়ত সুনাম কঢ়িয়াবলৈ সক্ষম হৈছে৷ ৰাজ্যখনৰ ক্রীড়াৰ এক অনুকূল পৰিৱেশ গঢ়ি তুলিবলৈ হ’লে ৰাজ্যখনৰ প্রবীণ খেলুৱৈসকলক উৎসাহিত কৰিবই লাগিব৷
অর্জুন ভোগেশ্বৰ বৰুৱাৰ জন্মদিনত ৰাজ্য চৰকাৰে অলিম্পিক গেমছ, এছিয়ান গেমছ, কমনৱেল্থ গেমছ, ৰাষ্ট্রীয় ক্রীড়াত পদক জয়ী খেলুৱৈসকলক পেন্সন আগবঢ়োৱাৰ লগতে এককালীন পুৰস্কাৰ প্রদানৰ যি কার্যসূচী গ্রহণ কৰিছে, সেয়া নিতান্তই আদৰণীয়৷ কিন্তু ৰাজ্যখনত ক্রীড়াৰ এক অনুকূল পৰিৱেশ গঢ়িবলৈ হ’লে মাথোঁ খেলপথাৰ নির্মাণ কৰিলেই নহ’ব, ক্রীড়াক ছাত্র–ছাত্রীসকলৰ মাজত জনপ্রিয় কৰাৰ বাবেও পদক্ষেপ গ্রহণ কৰিব লাগিব৷ আমাৰ শিক্ষানুষ্ঠানসমূহৰ ছাত্র–ছাত্রীসকলৰ মাজত ক্রীড়াৰ এক অনুকূল পৰিৱেশ এতিয়াও গঢ়ি উঠা নাই৷ শিক্ষানুষ্ঠানসমূহৰ বার্ষিক কার্যসূচীত এতিয়াও অন্তর্ভুক্ত হয় খেল–ধেমালি প্রতিযোগিতা৷ অর্থাৎ ক্রীড়াক এক ধেমালি অথবা মনোৰঞ্জনৰ কার্যসূচী ৰূপেহে চলি আছে৷ চাৰি দশক পূর্বে ৰাজ্যখনৰ শিক্ষানুষ্ঠানসমূহত ক্রীড়াৰ এক অনুকূল পৰিৱেশৰ জৰিয়তে সুদক্ষ খেলুৱৈ সৃষ্টি কৰাৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে এজনকৈ শাৰীৰিক প্রশিক্ষক নিযুক্তি দিয়াৰ ব্যৱস্থা কৰিছিল৷ এই প্রশিক্ষকসকলে বিদ্যালয়ৰ আগ্রহী ছাত্র–ছাত্রীসকলক বিভিন্ন খেলাৰ প্রাথমিক প্রশিক্ষণো দিছিল৷ সম্প্রতি ৰাজ্যখনৰ ৩৫৬খন শিক্ষানুষ্ঠানতহে আছে শাৰীৰিক প্রশিক্ষক৷ ইয়াৰে প্রায় ৫০জন শাৰীৰিক প্রশিক্ষকে ৰাষ্ট্রীয় প্রশিক্ষক ৰূপে কার্যনির্বাহ কৰি আছে৷ ৰাজ্যখনৰ অধিকাংশ শিক্ষানুষ্ঠানতেই নাই শাৰীৰিক প্রশিক্ষক৷ চুবুৰীয়া মণিপুৰে অসমৰ তুলনাত ক্রীড়াৰ ক্ষেত্রত বহুদূৰ আগবাঢ়ি গৈছে৷ ইয়াৰ মূলতেই হ’ল ৰাজ্যখনত ক্রীড়াৰ আন্তঃগাঁথনিৰ উন্নয়নৰ লগে লগে উন্নত প্রশিক্ষণ৷ বিশেষকৈ গ্রামাঞ্চলৰ প্রতিভাসম্পন্ন খেলুৱৈসকলক উপযুক্ত প্রশিক্ষণৰ জৰিয়তে মণিপুৰে সফলতাৰ মুখ দেখিবলৈ সক্ষম হৈছে৷ অসমৰ গ্রামাঞ্চলতো লাভলীনা বৰগোহাঁই, হিমা দাস, যমুনা বড়োৰ লেখীয়া অসংখ্য প্রতিভা এতিয়াও আছে৷ এনে প্রতিভাৰ আকৰ যুৱক–যুৱতীসকলক্ চিনাক্ত কৰি উপযুক্ত প্রশিক্ষণ প্রদান কৰিলেহে অসমে আশাব্যঞ্জক সফলতা লাভ কৰিবলৈ সক্ষম হ’ব৷ বিগত প্রায় এটা দশকত ৰাজ্যখনৰ ক্রীড়া জগতখনলৈ ক্রমে আশাপ্রদ খবৰ আহিবলৈ আৰম্ভ কৰিছে৷ গ্রামাঞ্চলৰ বহু যুৱক–যুৱতী এতিয়া মুকলিকৈ ওলাই আহিছে৷ আমাৰ সমাজ ব্যৱস্থাত ক্রীড়াৰ প্রতি চলি থকা মনোভাব ইতিবাচক দিশত বহু পৰিমাণে সলনি হৈছে৷ এনে অৱস্থাত গ্রামাঞ্চলৰ সুপ্ত ক্রীড়া প্রতিভাক উলিয়াই আনি উপযুক্ত প্রশিক্ষণত ৰাজ্য চৰকাৰে অধিক গুৰুত্ব দিয়া উচিত৷ ক্রীড়াৰ এক অনুকূল পৰিৱেশ গঢ়ি উঠিলেহে অর্জুন ভোগেশ্বৰ বৰুৱাৰ সপোন দিঠকত পৰিণত হ’ব৷