নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জলবায়ু উৎসাহী প্রকৃতিপ্রেমী

                ২০১৫ চনৰ পেৰিছ জলবায়ু চুক্তিক বিশ্বৰ প্রায় দুশখন দেশৰ ঐতিহাসিক সংকল্প হিচাপে চিহ্ণিত কৰা হৈছিল৷ আমেৰিকাকে ধৰি দেশসমূহে সংকল্প গ্রহণ কৰিছিল যে শতিকাৰ সমাপ্তিত গোলকীয় উষ্ণতা যাতে প্রাক–ঔদ্যোগিক যুগতকৈ ২ শতাংশৰ অধিক নহয়, তাৰ বাবে সন্মিলিত প্রচেষ্টা অব্যাহত ৰখা হ’ব৷ উষ্ণতা বৃদ্ধি যাতে ১.৫ ছেণ্টিগ্রেডৰ অধিক নহয়, তাৰ বাবে আমেৰিকাৰ লগতে উন্নত দেশসমূহৰ সৈতে ভাৰতেও সহযোগিতাৰ প্রতিশ্রুতি দিছিল৷ তদানীন্তন মার্কিন ৰাষ্ট্রপতি বাৰাক অ’বামাই উক্ত চুক্তিত স্বাক্ষৰ কৰি এই সন্মিলিত প্রচেষ্টা সঠিক দিশত আগবাঢ়ি যোৱাৰ আশা জিলিকাই তুলিছিল৷ কিয়নো এই কথা কোনেও অস্বীকাৰ কৰিব নোৱাৰে যে বিশ্বৰ শক্তিশালী দেশ হিচাপে আমেৰিকাই নেতৃত্ব দিয়া ধাৰাৰ সৈতে পর্যায়ক্রমে আন দেশসমূহো মিলি যায়৷ কিন্তু পেৰিছ জলবায়ু চুক্তিয়ে প্রকৃতিপ্রেমী আৰু জলবায়ু সংৰক্ষণ কর্মী–দল–সংগঠন উৎসাহিত কৰিলেও এয়া দীর্ঘস্থায়ী নহ’ল৷ কিয়নো ইয়াৰ দুবছৰৰ পাছত আমেৰিকাৰ নতুন ৰাষ্ট্রপতি হিচাপে দায়িত্ব গ্রহণ কৰিয়েই ড’নাল্ড ট্রাম্পে পেৰিছ চুক্তিৰ পৰা মার্কিন সমর্থন প্রত্যাহাৰ কৰাৰ সিদ্ধান্ত লয়৷

ট্রাম্পৰ এই সিদ্ধান্তৰ প্রধান যুক্তি আছিল যে চীন আৰু আন দেশসমূহৰ উৎপাদন ক্ষমতা ক্রমবর্ধমান হৈ থকাৰ সময়ত আমেৰিকাই নিজৰ ক্ষতি কৰি জলবায়ুৰ সংৰক্ষণৰ স্বার্থত ঔদ্যোগিক–র্থনৈতিক কার্যকলাপ স্তব্ধ হ’বলৈ দিব নোৱাৰে৷ ট্রাম্পৰ সিদ্ধান্তটোৰ ফলত বিগত চাৰিটা বছৰত পৃথিৱীৰ জলবায়ুক কিমান প্রদূষিত কৰিলে, সেয়া সহজেই অনুমেয়৷ ট্রাম্পৰ সিদ্ধান্ত যদি অব্যাহত থাকে, তেন্তে ২০৩৫ চনপর্যন্ত কেৱল আমেৰিকাই জলবায়ুত ৬২৪ নিযুত মেট্রিকটন গ্রীন হাউছ গেছ এৰি দিব৷ সেয়ে জ’ বাইডেন আৰু কমলা হেৰিছৰ বিজয়ৰ পাছত এতিয়া বিশ্বৰ প্রকৃতিপ্রেমী সংগঠনসমূহে গভীৰ আস্থাৰে অপেক্ষা কৰিছে অ’বামাৰ পূর্বৰ সিদ্ধান্ত বাহাল ৰখাৰ ক্ষেত্রত ডেম’ক্রেটিক পার্টীয়ে তৎকালীন পদক্ষেপ গ্রহণ কৰিব৷ কিয়নো ৰিপাব্লিকানৰ সম্পূর্ণ বিপৰীত স্থিতি লৈ ডেম’ক্রেটিক পার্টীয়ে গোলকীয় উষ্ণতা আৰু জলবায়ু পৰিৱর্তনত অধিক গুৰুত্ব প্রদান কৰি আহিছে৷ ইতিমধ্যে যোৱা সপ্তাহত বাইডেনে প্রাক্তন ৰাষ্ট্রপতি অ’বামাই পেৰিছ চুক্তিত দিয়া প্রতিশ্রুতি বাহাল ৰখাৰ ইংগিত দি কৈছে– ‘আমাৰ গ্রহটোক ৰক্ষা কৰাৰ বাবে আমেৰিকাই বিজ্ঞানক গুৰুত্ব দিবই লাগিব৷’

জলবায়ু সন্দর্ভত বাইডেনৰ স্থিতি ভাৰতৰ বাবে সহায়ক হ’ব বুলি আশা কৰা হৈছে৷ বৃহৎ জনসংখ্যাৰ বাবে গ্রীন হাউছ গেছ নিয়ন্ত্রণৰ ক্ষেত্রত ভাৰত যথেষ্ট সমস্যাৰ সন্মুখীন হৈ আহিছে৷ কিয়নো গ্রীন হাউছ গেছ নিয়ন্ত্রণ কৰিবলৈ গৈ যদি অর্থনৈতিক বিকাশৰ গতি হ্রাস কৰা হয়, তেন্তে দৰিদ্রতাৰে ভাৰাক্রান্ত দেশসমূহৰ জনসাধাৰণৰ অৱস্থা অধিক শোচনীয় হৈ পৰিব৷ তৎসত্ত্বেও ভাৰতে পেৰিছ চুক্তিত স্বাক্ষৰ কৰি সহযোগিতাৰ প্রতিশ্রুতি দিছে৷ ভাৰতে সবল যুক্তি প্রদর্শন কৰিছে যে সকলোকে সমানে আগবাঢ়ি যোৱাৰ সুযোগ দি উন্নত দেশসমূহে লোকচানৰ ভাগ বহন কৰিবই লাগিব৷ সেইদৰে নির্গমন হ্রাসৰ উন্নত প্রযুক্তি উন্নত দেশসমূহে সকলোকে যোগান ধৰিব লাগিব৷ বাইডেনে এইক্ষেত্রত কি পদক্ষেপ লয় সেয়া হ’ব লক্ষণীয়৷ কাৰণ পূর্বে উল্লেখ কৰাৰ দৰেই আমেৰিকাই এইক্ষেত্রত এক ধাৰা সৃষ্টিৰ বাবে যদি আগভাগ লয়, তেন্তে অন্যান্য দেশেও পর্যায়ক্রমে ইয়াত চামিল হোৱাৰ সম্ভাৱনা আছে৷

You might also like