কোন দিশে অসম ক্রিকেট
বিগত কেইবছৰমানৰ পৰা অসম ক্রিকেটত কিছুমান নোহোৱা-নোপজা ঘটনা সংঘটিত হ’ব ধৰিছে৷ বিশেষকৈ অসমত মহিলা বিশ্বকাপ ক্রিকেটৰ মেচ অনুষ্ঠিত হোৱাৰ লগতে নিয়মীয়াভাৱে আন্তর্জাতিক ক্রিকেট মেচ অনুষ্ঠিত কৰা হৈছে৷ আইপিএলৰ অন্যতম দল ৰাজস্থান ৰয়েলছৰ হোম গ্রাউণ্ড হিচাপে স্বীকৃতি প্রদান কৰা হৈছে গুৱাহাটীক৷ ইয়াৰ মাজতে অসমৰ দুগৰাকী খেলুৱৈ ক্রমে উমা ছেত্রী আৰু ৰিয়ান পৰাগে ভাৰতীয় দলত স্থান লাভ কৰি ইতিহাস সৃষ্টি কৰিছে৷ অসমৰ পৰা দেৱজিৎ শইকীয়াই ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’ৰ্ডৰ শীর্ষ পদত অধিষ্ঠিত হৈছে৷ কিন্তু ইমানৰ পিছতো অসম ক্রিকেটৰ সাম্প্রতিক অৱস্থাক লৈ উদ্বিগ্ণ হৈ পৰিছে ৰাজ্যখনৰ ক্রিকেট মহল৷ কাৰণ ক্রমান্বয়ে নিম্নগামী হৈছে অসম ক্রিকেট দলসমূহৰ প্রদর্শন৷
শেহতীয়াভাৱে অসমৰ চাৰিগৰাকী ক্রিকেটাৰক মেচ ফিক্সিঙৰ অপৰাধত অসম ক্রিকেট সন্থাই নিলম্বন কৰিছে৷ দলৰ খেলুৱৈসকলক প্রভাৱিত কৰিবলৈ চেষ্টা কৰাৰ অভিযোগত তেওঁলোকক নিলম্বন কৰা বুলি অভিযোগ কৰা হৈছে৷ মুস্তাক আলী ক্রিকেটৰ খেল চলি থকা সময়তে এই চাৰিগৰাকী ক্রিকেটাৰৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছিল৷ এই কাণ্ডই অসমৰ ক্রিকেট ক্ষেত্রখনক লজ্জানত কৰিছে৷ নিয়মীয়াভাৱে আন্তঃৰাষ্ট্রীয় মেচ অনুষ্ঠিত কৰাৰ লগতে ক্রিকেটৰ আন্তঃগাঁথনিৰ উন্নয়নৰ বাবে কোটি কোটি টকা ব্যয় কৰিলেও ৰাজ্যিক সন্থাটোৱে খেলুৱৈ সৃষ্টি আৰু খেলুৱৈ নির্বাচন তথা খেলুৱৈৰ প্রদর্শনৰ প্রতি অলপো মনোযোগ দিয়া নাই যেন লাগে৷ অথচ এটা দশক আগলৈ অসমৰ দলসমূহৰ প্রদর্শন হৈছিল চকুত লগা৷ কিন্তু সম্প্রতি ৰঞ্জি ট্রফী, বিজয় হাজাৰে ট্রফী, ১৯ বছৰ অনূর্ধ্বৰ প্রতিযোগিতাৰ লগতে প্রায় সকলোবোৰ প্রতিযোগিতাতে অসমৰ পুৰুষ দলসমূহ তালিকাৰ শেষৰ ফালে আছে৷ ৰিয়ান পৰাগ আৰু উমা ছেত্রীয়ে ভাৰতীয় দলত স্থান লাভ কৰি নতুন প্রজন্মৰ খেলুৱৈসকলৰ মনোবল বৃদ্ধি কৰিলেও তেওঁলোকৰ উত্তৰসুৰী খেলুৱৈ পৰিলক্ষিত হোৱা নাই ৰাজ্যখনত৷ কিছু বছৰ আগলৈ অসমৰ খেলুৱৈসকলে ১৯ বছৰ অনূর্ধ্বৰ ভাৰতীয় দলত নিয়মীয়াভাৱে স্থান লাভ কৰিছিল৷ কিন্তু শেহতীয়াভাৱে অসমৰ কোনো খেলুৱৈয়ে ভাৰতীয় যুৱ দলত স্থান লাভ নকৰাটো উদ্বেগজনক কাৰণ হিচাপে দেখা দিছে৷
উল্লেখ্য যে ১৯ বছৰ অনূর্ধ্ব ভাৰতীয় দলক টীম ইণ্ডিয়াৰ প্রৱেশদ্বাৰ বুলি কোৱা হয়৷ অসমৰ খেলুৱৈৰ দুর্বল প্রদর্শনৰ কাৰণ অনুধাৱন কৰাৰ সময় আহি পৰিছে৷ এই দায়িত্ব অসম ক্রিকেট সন্থাৰ৷ কাৰণ অসমত প্রতিভাৱান ক্রিকেট খেলুৱৈৰ অভাৱ নাই৷ কেৱল এই খেলুৱৈসকল বিচাৰি উলিওৱাৰ দায়িত্ব পালন কৰিব লাগিব সন্থাটোৱে৷ এই বিষয়ত সন্থাটোৱে বিশেষ মনোযোগ দিয়া নাই যেন লাগে৷ অসমত ক্রিকেটৰ বিকাশৰ লক্ষ্য আৰু উদ্দেশ্যৰে ১৯৪৮ চনত গঠন কৰা হৈছিল অসম ক্রিকেট সন্থা৷ কিন্তু শেহতীয়াভাৱে অসম ক্রিকেট সন্থাই কেৱল ইভেণ্ট মেনেজমেণ্ট আৰু আন্তঃগাঁথনি উন্নয়নকাৰী এটি সংগঠনলৈ ৰূপান্তৰ হোৱা দেখা গৈছে৷ শেহতীয়াভাৱে এখন নতুন সমিতিয়ে অসম ক্রিকেটৰ কার্যভাৰ গ্রহণ কৰিছে৷ এজন অতি অভিজ্ঞ ব্যক্তিক নেতৃত্ব প্রদান কৰা হৈছে৷ তেওঁলোকে সময় থাকোঁতেই এই দিশবোৰৰ প্রতি মনোযোগ দিয়া উচিত৷
অসমৰ বিভিন্ন প্রান্তত অনুষ্ঠিত স্বীকৃতিপ্রাপ্ত প্রতিযোগিতাসমূহলৈ পর্যবেক্ষক হিচাপে সন্থাৰ বিষয়ববীয়াক পঠিয়াব লাগে৷ কিন্তু বহু ক্ষেত্রত তেওঁলোকে হয়তো কর্তব্যত গাফিলতি কৰা পৰিলক্ষিত হৈছে৷ ফলত প্রতিযোগিতাসমূহত উন্নত প্রদর্শন দাঙি ধৰা খেলুৱৈসকলক চিনাক্ত কৰাত তেওঁলোক ব্যর্থ হৈছে৷ তদুপৰি দল গঠনত নির্বাচক কমিটীৰ ভূমিকা যথেষ্ট গুৰুত্বপূর্ণ হৈ পৰে৷ কিন্তু বছৰ বছৰ ধৰি একেখন কমিটীৰ দ্বাৰাই খেলুৱৈ নির্বাচন কৰাই আহিছে অসম ক্রিকেট সন্থাই৷ ফলত উপযুক্ত দল গঠনত তেওঁলোক ব্যর্থ হৈছে আৰু ৰাজ্যখনত ক্রিকেটৰ মান অতিশয় নিম্নগামী হৈছে৷ নির্বাচকৰ দুর্বলতাৰ বাবেই অসমৰ খেলুৱৈয়ে মেচ ফিক্সিঙৰ দৰে অক্ষমণীয় অপৰাধত লিপ্ত হোৱাৰ সুযোগ লাভ কৰিছে৷ এতিয়াও সময় পাৰ হৈ যোৱা নাই৷ এই ক্ষেত্রত অসম ক্রিকেটৰ নেতৃত্বত থকা ব্যক্তিসকলে ক্রিকেট বিশেষজ্ঞ আৰু প্রাক্তন ৰঞ্জি ক্রিকেটাৰসকলৰ পৰামর্শ গ্রহণ কৰি সঠিক পথত আগবাঢ়ি যোৱা সমীচীন হ’ব৷