নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৬ গৰ্ভৱতী মহিলাৰ সৈতে আহিল বন্ধুৰ বিয়াত, ক’লে সকলো গৰ্ভস্থ সন্তানৰ ময়েই পিতৃ

নিয়মীয়া বাৰ্তা, ২৭ নৱেম্বৰঃ জনপ্ৰিয়তা অৰ্জনৰ বাবে মানুহে কি নকৰে। লাইমলাইটত অহাৰ একধৰণৰ তাড়না যেন আধুনিক প্ৰজন্মৰ বাবে এক এৰাব নোৱাৰা বিষয় হৈ পৰিছে। নাইজেৰিয়াৰ এগৰাকী চেলিব্ৰিটি যুৱকে বন্ধুৰ বিয়া খাবলৈ গৈ লগত লৈ যায় ৬গৰাকী গৰ্ভৱতী নাৰী।

বিয়াৰ উগুল-থুগুল পৰিৱেশৰ মাজত হুৰমূৰকৈ সোমাই যোৱা যুৱকগৰাকীয়ে ঘোষণা কৰিলে যে তেওঁ এই গৰ্ভস্থ সন্তানবোৰৰ পিতৃ। বিবাহস্থলীত উপস্থিত থকা আলহী-অতিথিৰ মাজত সৃষ্টি হ’ল বিস্ময় আৰু উৎকণ্ঠা। ফটোগ্ৰাফাৰৰ পৰা আদি কৰি সকলোৱে যুৱকজনক কেন্দ্ৰ কৰি তুলিলে ফটো। হঠাতে চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰা যুৱকগৰাকীয়ে সৃষ্টি কৰা পৰিৱেশৰ মাজত দৰা-কইনা আৰু তেওঁলোকৰ বিবাহ অনুষ্ঠান হৈ গ’ল গৌণ।

টাইমছ নাওৰ প্ৰতিবেদন মতে, পিছলৈ যুৱকজনৰ এই কাণ্ডই বিবাহ অনুষ্ঠানৰ পৰিৱেশ লঘু কৰা বুলি সমালোচিত হ’লেও কোনো ভ্ৰূক্ষেপ নাই তেওঁৰ। অকল বিবাহথলীতে নহয় ছ’চিয়েল মিডিয়াতো ভাইৰেল হৈ পৰে এই ফটো। নাইট ক্লাবৰ মালিক যুৱকজনৰ নাম প্ৰীতি মাইক আৰু তেওঁ আহিছিল নাইজেৰিয়ান অভিনেতা বন্ধু উইলিয়াম উছেম্বাৰ বিয়াত।

উল্লেখ্য ২০১৭ চনত কোনো আপত্তিজনক ফটো পোষ্ট কৰা বাবে মাইক জেললৈও গৈছিল। কিন্তু এইবোৰ বিতৰ্কৰ পিছতো মাইকে নিজে সৰ্বশ্ৰেষ্ঠ জীৱন উদযাপন কৰা বুলি উল্লেখ কৰে।

You might also like