নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নতুন আইনঃ এতিয়াৰে পৰা ধৰ্ষণকাৰীক কৰা হ’ব নপুংসক

নিয়মীয়া বাৰ্তা ২৭ নৱেম্বৰঃ  ধৰ্ষণকাৰীৰ বাবে সাৱধান বাণী । এতিয়াৰে পৰা ধৰ্ষণকৰাৰ আগতে দহবাৰ চিন্তা কৰাৰ সময় আহিছে ধৰ্ষণকাৰীসকলে। পাকিস্তানত নতুন এখন আইন আহিছে ধৰ্ষণকাৰী সকলৰ বিৰুদ্ধে। এই ক্ষেত্ৰত কঠোৰ হৈছে চৰকাৰ। এতিয়াৰে পৰা পাকিস্তানত ধৰ্ষণকাৰীক শাস্তি হিচাপে ৰাসায়নিক পদ্ধতি ব্যৱহাৰ কৰি নপুংসক কৰা হ’ব।

ধৰ্ষণকাৰীৰ বিৰুদ্ধে প্ৰণয়ন কৰা এই আইন খনক সৰ্মথন জনাইছে ইমাৰণ খানেও। এই আইন খনৰ আৰু এটা সুবিধা যে যৌন সম্বন্ধীয় যিকোনো গোচৰত খৰতকীয়া ভাৱে বিচাৰ চলোৱা হ’ব।

পাকিস্তানৰ কেন্দ্ৰীয় আইন মন্ত্ৰী ফাৰোগ নাছিমৰ সভাপত্বিত অনুষ্ঠিত হোৱা কেবিনেট সমিতিৰ এক বৈঠকত ধৰ্ষণ প্ৰতিৰোধী (অনুসন্ধান আৰু পৰীক্ষণ) ২০ আৰু অপৰাধ আইন (সংশোধনী) ২০-ক অনুমোদন জনায়।

অৱশ্যে ধৰ্ষণকাৰীৰৰ সন্মতি নোলোৱাকৈ যদি ৰাসায়নিক পদ্ধতিৰে নপুংসক কৰা হয়, তেতিয়া ধৰ্ষণকাৰীয়ে ইয়াৰ বিৰুদ্ধে আদালতৰ সন্মুখত প্ৰত্যাহ্বান জনাব পাৰে বুলি আইন মন্ত্ৰীজনে জানিবলৈ দিয়ে।

You might also like