নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাত্র ৩০ টকাই সলনি কৰিলে জীৱন! ৰাজমিস্ত্রিৰ পৰা নিশাৰ ভিতৰতে হৈ পৰিল কোটিপতি..কেনেকৈ?

নিয়মীয়া বাৰ্তা ২৭ নৱেম্বৰঃ এজন ৰাজমিস্ত্রি নিশাৰ ভিতৰতে হৈ পৰিল কোটিপতি। অঞ্চলটোৰ এতিয়া চেলিব্রিটি তেওঁ। কিন্তু ইয়াৰ কাৰণ মাত্ৰ ৩০ টকা।

এই টকা দিয়ে লটাৰি জিকি কোটি টকাৰ মুখ দেখিলে এইজন দৰিদ্র ৰাজমিস্ত্রিয়ে।

লগতে পঢ়কঃ নতুন আইনঃ এতিয়াৰে পৰা ধৰ্ষণকাৰীক কৰা হ’ব নপুংসক

পশ্চিমবংগৰ মালদহ জিলাৰ ৰতুয়া ২ নং ব্লকৰ আড়াইডাঙা গাঁৱৰ বাসিন্দা দানিশ‌ আনচাৰী পেচাত এগৰাকী ৰাজমিস্ত্রি। লটাৰিৰ টিকট কটাতো তেওঁৰ দীর্ঘদিনৰ অভ্যাস। কিন্তু পূৰ্বে কেতিয়াও ভাগ্যই তেওঁক লগ দিয়া নাছিল! অৱশেষত কোটি টকাৰ স্বপ্ন দেখা সফল হ’ল দানিছৰ।

কিন্তু কোটি টকাৰ মালিক হোৱাৰ পাছতো ভয়ে লগ এৰা নাই এতিয়া এইজন লোকৰ। যাৰবাবে টকাখিনি লৈ এতিয়া কাষ চাপিছে আৰক্ষীৰ।

উল্লেখ্য যে হঠাৎ কোটিপতি হলেও পৰিশ্রমী তেওঁ। লগতে তেওঁ আগলৈও নিজৰ পেচা ৰাজমিস্ত্রিৰ কামকেই চলায় যাব বুলি জনাইছে।

You might also like