নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অন্তৰ্বাস পিন্ধিব নে নাই, ‘ধৰ্মসংকট’ত অভিনেত্ৰী চাভি

বিশেষ বাৰ্তা, ৩১ মেঃ স্তন কেন্সাৰত আক্রান্ত হোৱাত কৰিবলগীয়া হৈছে অস্ত্রোপচাৰ। কিন্তু তাৰ পাছত কি ধৰণৰ পোছাক পিন্ধিব তাকে লৈ চিন্তাত পৰিছে অভিনেত্রী চাভি মিট্টল। নিজেই ইনষ্টাগ্রামত জনাইছে সেই সমস্যাৰ কথা। নিজৰ ফটোৰে সৈতে অভিনেত্রীগৰাকীয়ে লিখিছে, এফালে চিকিৎসকে তেওঁক পৰামর্শ দিছে টানি ধৰা ‘ব্রা’ পিন্ধিবলৈ, আনফালে ৰেডিঅ’থেৰাপীৰ চিকিৎসকে অন্তর্বাস পিন্ধিবলৈয়ে মানা কৰিছে। সেয়ে বিষয়টোক লৈ ‘ধর্মসংকট’ত পৰিছে অভিনেত্ৰীগৰাকী। অৱশেষত মাজতে থকাৰ সিদ্ধান্ত লৈছে আৰু তেনে ধৰণেই কাপোৰ পিন্ধিছে।অন্তর্বাস পিন্ধিলে কিছু সমস্যাও যে হৈছে সেয়াও স্বীকাৰ কৰিছে। যোৱা সপ্তাহত তেওঁ নিজৰ ফাৰ্মহাউচলৈ গৈছিল। যোৱাৰ সময়ত পিন্ধিছিল ‘স্পোর্টছ ব্রা’। কিন্তু সেই সিদ্ধান্ত খুব সুখকৰ নাছিল। টান অন্তর্বাস পিন্ধাৰ ফলত বিষ আৰু ফুলি যোৱাৰ দৰে সমস্যাই দেখা দিছে। অন্তর্বাস পিন্ধাৰ কাৰণেই যে এই সমস্যা হৈছে তাকে লৈ সম্পূৰ্ণ নিশ্চিত নহয় চাভি। দীঘলীয়া যাত্রাৰ বাবে বা ৰেডিয়েছনৰ পার্শ্বক্রিয়াও হ’ব পাৰে বুলিও ভাবিছে।

You might also like