নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পুটিনৰ বিধ্বংসী আক্ৰমণৰ ভয়ত কঁপিছে বাইডেন! ইউক্ৰেইনক নিদিয়ে ৰাছিয়া ধ্বংস কৰিব পৰা ৰকেট, জেলেনস্কিলৈ আঘাত

বিশেষ বাৰ্তা, ৩১ মেঃ ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলডিমিৰ জেলেনস্কিক ডাঙৰ আঘাত হানিলে মাৰ্কিন ৰাষ্ট্ৰপতি জো বাইডেনে। ডনবাছত ৰাছিয়াৰ তীব্ৰ সামৰিক আক্ৰমণৰ মাজতে ইউক্ৰেইনে ওলোটাই আক্ৰমণ কৰিব পৰা ৰকেট প্ৰেৰণ কৰিবলৈ অস্বীকাৰ কৰিছে বাইডেনে। ৰাছিয়াৰ সামৰিক বাহিনীৰ দ্ৰুত অগ্ৰগতিত বাধা দিবলৈ ৰাষ্ট্ৰপতি জেলেনস্কিয়ে আমেৰিকাৰ পৰা একাধিক ৰকেট একেলগে উৎক্ষেপণ কৰিব পৰা প্ৰযুক্তি বিচাৰিছিল। কিন্তু পুটিনৰ পৰা প্ৰবল প্ৰতি আক্ৰমণৰ আশংকাতে বাইডেনে ইউক্ৰেইনলৈ ৰকেট লঞ্চাৰ নিদিয়ে বুলি অনুমান কৰা হৈছে। হোৱাইট হাউছত সাংবাদিকৰ আগত বাইডেনে কয় যে ৰাছিয়াক ঢুকি পাব পৰা ৰকেট ব্যৱস্থা আমি ইউক্ৰেইনক নিদিওঁ। ইতিমধ্যে হাজাৰ হাজাৰ ষ্টিংগাৰ এণ্টি এয়াৰক্ৰাফ্ট মিছাইল আৰু জেভেলিন এণ্টি টেংক মিছাইল ইউক্ৰেইনৰ সেনাক দিছে আমেৰিকাই। ইয়াৰ উপৰিও আমেৰিকাই ইউক্ৰেইনক বহু মাৰাত্মক ড্ৰ’ন যুঁজাৰু বিমানো দিছে। উল্লেখণীয় যে ইউক্ৰেইনক ৰাছিয়াৰ মাটিত আক্ৰমণ কৰিব পৰা অস্ত্ৰ-শস্ত্ৰ প্ৰদান নকৰিবলৈ ৰাছিয়াৰ বৈদেশিক মন্ত্ৰী ছাৰ্গেই লেভৰভে পশ্চিমীয়া দেশসমূহক সকীয়াই দিছিল।

You might also like