নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘নিউজ লাইভ’ৰ ১৮সংখ্যক বর্ষপূর্তি, সীমা বিশ্বাসলৈ বর্ষশ্রেষ্ঠ অসমীয়া সন্মান

🔹 পীতাম্বৰ দেৱগোস্বামীলৈ জীৱনজোৰা সাধনা বঁটা

ডিজিটেল ডেস্ক, ২২ জানুৱাৰী : সংগ্রাম, সাহস আৰু সাধনাৰ ১৮টা বছৰ অতিক্রম কৰিলে ছেটেলাইট নিউজ চেনেল ‘নিউজ লাইভ’–এ৷ ১৯ বছৰত ভৰি দিয়া সর্বাধিক জনপ্রিয় চেনেলটোৱে অহা ৩১ জানুৱাৰীত ১৮সংখ্যক বর্ষপূর্তি উপলক্ষে দুগৰাকী বৰেণ্য অসমীয়ালৈ আগবঢ়াব সন্মান৷

সেই অনুসৰি জীৱনজোৰা সাধনা বঁটা আগবঢ়োৱা হ’ব আউনীআটী সত্রৰ সত্রাধিকাৰ ড০ শ্রীশ্রী পীতাম্বৰ দেৱগোস্বামীলৈ আৰু প্রসিদ্ধ অভিনেত্রী সীমা বিশ্বাসলৈ আগবঢ়াব বর্ষশ্রেষ্ঠ অসমীয়া সন্মান৷

উল্লেখ্য যে ২০০৮ চনৰ ২১ জানুৱাৰীত আনুষ্ঠানিকভাৱে মুকলি হোৱা নিউজ লাইভে তেতিয়াৰে পৰাই জনসাধাৰণৰ কণ্ঠস্বৰ হৈ ৰাইজে সন্মুখীন হোৱা সমস্যাসমূহ উত্থাপন কৰি ৰাইজৰ কণ্ঠস্বৰ হিচাপে পৰিগণিত হৈ আহিছে৷ অসমৰ সর্বাধিক দর্শক আৰু সর্বাধিক টিআৰপি অর্জন কৰা নিউজ লাইভে অসমীয়া সংস্কৃতি আৰু পৰম্পৰা, সাহিত্য-সংগীত, ক্রীড়া, সাংবাদিকতা আদিৰ দিশত দৃষ্টান্তমূলক অৱদানৰ বাবে প্রতিবছৰে দুগৰাকী বিশিষ্ট ব্যক্তিক সন্মান জনোৱাৰ উদ্দেশ্যে নিউজ লাইভৰ উদ্যোগত প্রদান কৰা হয় জীৱনজোৰা সাধনা বঁটা আৰু বছৰৰ অসমীয়া বঁটা৷

৩১ জানুৱাৰীত শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্র প্রাংগণত থকা শ্রীশ্রী দামোদৰদেৱ অ’ডিটৰিয়ামত বিয়লি অনুষ্ঠিত হ’ব এই বঁটা প্রদান অনুষ্ঠান৷

You might also like