নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চলিত বর্ষত ছৌদি আৰবৰ পৰা বিতাড়িত ১১ হাজাৰ ভাৰতীয়…

অবৈধ অনুপ্রৱেশকাৰীক বিতাড়ন কৰাৰ বাবে সমগ্র বিশ্বত আমেৰিকাৰ ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পে শিৰোনাম দখল কৰি থকাৰ মাজতে বৈদেশিক পৰিক্রমা মন্ত্রালয়ে এক উদ্বেগজনক তথ্য প্রকাশ কৰিছে৷

সেই অনুসৰি বন্ধু ৰাষ্ট্র বুলি আখ্যা পোৱা ছৌদি আৰবে ২০২৫ বর্ষৰ বর্তমানলৈকে ১১ হাজাৰৰো অধিক ভাৰতীয় লোকক দেশখনৰ পৰা বিতাড়ন কৰিছে৷ সেই অনুসৰি ছৌদি আৰব সর্বাধিক ভাৰতীয়ক বিতাড়ন কৰা দেশ হিচাপে পৰিগণিত হৈছে৷ এই বিতাড়িত লোকসকলৰ অধিকাংশই ব্যক্তিগত প্রতিষ্ঠানত কাম কৰা শ্রমিক আৰু কর্মচাৰী৷

ভিছাৰ নিয়ম উলংঘা, অবৈধ জীৱন-যাপন আৰু স্থানীয় আইন অমান্য কৰাৰ অভিযোগত দেশখনৰ পৰা বৃহৎসংখ্যক ভাৰতীয়ক বিতাড়ন কৰে ছৌদি আৰবে৷ ৰাষ্ট্রীয় সংবাদ পত্রত প্রকাশ পোৱা মতে, ২০২৫ চনত ৮১খন দেশৰ পৰা ২৪,৬০০ৰো অধিক ভাৰতীয়ক বিতাড়ন কৰা হৈছে৷

নিউজ ডেস্ক, ২৮ ডিচেম্বৰ :

You might also like