নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভূমিস্খলনত ৬৭০জনৰ মৃত্যু : উদ্ধাৰ হোৱা নাই মৃতদেহ

🔹 ৰাষ্ট্রসংঘৰ প্রতিবেদনত শিহৰণকাৰী তথ্য

বিশেষ বাৰ্তা, ২৬ মে’ : পাপুৱা নিউগিনিত প্রাকৃতিক বিপর্যয়ত কমপক্ষেও ৬৭০গৰাকী লোকৰ মৃত্যু হৈছে৷ পাপুৱা নিউগিনিৰ দুর্গম অঞ্চলত সংঘটিত শিল–ভূমিস্খলনৰ ঘটনাত ৬খন গাঁৱত এই লোকসকলৰ মৃত্যু হোৱা বুলি ৰাষ্ট্রসংঘৰ তৰফৰ পৰা সদৰী কৰা হৈছে৷ পাপুৱা নিউগিনিত কর্মৰত আন্তর্জাতিক শৰণার্থী সংস্থাৰ বিষয়ববীয়া ছাৰহান আকটোপৰাকে সদৰী কৰা অনুসৰি শুকুৰবাৰে দেশখনৰ এনগা প্রদেশত সংঘটিত এই ভূমিস্খলনৰ ঘটনাত ৬৭০গৰাকী লোকক শিল-মাটিয়ে পুতি পেলাইছে৷ আৰম্ভণিতে এই ভয়াৱহ প্রাকৃতিক বিপর্যয়ত শতাধিক লোকৰ মৃত্যু হোৱা বুলি আশংকা কৰা হৈছিল৷ আনকি অষ্ট্রেলিয়াৰ চৰকাৰী টেলিভিছনে এই সন্দর্ভত প্রতিবেদনো প্রকাশ কৰিছিল৷ ৰাষ্ট্রসংঘৰ বিষয়ববীয়াগৰাকীয়ে সদৰী কৰা অনুসৰি, শিল–ভূমিস্খলনৰ ফলত সম্পূর্ণৰূপে পোত গৈছে ২০০ বাসগৃহ৷ দুর্গম পার্বত্য অঞ্চলৰ পৰা খহি অহা শিল–ভূমিৰ বিশাল খণ্ডই এই বাসগৃহবোৰ পুতি পেলায়৷  দক্ষিণ–পশ্চিম প্রশান্ত মহাসাগৰীয় দ্বীপ ৰাষ্ট্রখনৰ এনগা অঞ্চল হৈছে অতি দুর্গম৷ ইয়াৰ পর্বতৰ নামনি অঞ্চলত থকা গাঁওবোৰ বিধ্বস্ত হৈছে ভূমিস্খলনত৷ লক্ষণীয়ভাৱে উদ্ধাৰকাৰীয়ে এতিয়াও কোনোধৰণৰ অভিযান সফলতাৰে আগবঢ়াব পৰা নাই৷ ইয়াৰ মূল কাৰণ হৈছে ভূমিস্খলনৰ পিছতো এঢলীয়া অঞ্চলসমূহত বাৰে বাৰে সৃষ্টি হৈছে বিপর্যয়৷ অর্থাৎ যিকোনো মুহূর্ততে অধিক বিপর্যয় সৃষ্টি হ’ব পাৰে বুলি আশংকা প্রকাশ কৰিছে ৰাষ্ট্রসংঘই৷ এই ভূমিস্খলনৰ ফলত সহস্রাধিক লোক স্থানচ্যুত হৈছে৷ স্মর্তব্য যে মুঠ ৬খন গাঁৱত ৪ সহস্রাধিক বাসিন্দা আছে যদিও ইয়াৰ গৰিষ্ঠসংখ্যকৰ ঘৰ বিধ্বস্ত হৈছে ভূমিস্খলনত৷

You might also like