নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পাৰপত্রৰ বাবে থানালৈ গৈ গুলীবিদ্ধ মহিলা

বিশেষ বাৰ্তা, ১০ ডিচেম্বৰ : পাৰপত্রৰ তথ্য পৰীক্ষণৰ বাবে থানালৈ গৈ গুলীবিদ্ধ হ’বলগীয়া হ’ল এগৰাকী মহিলা৷ থানাৰ উপ–পৰিদর্শকে ভুলতে চলোৱা গুলী মহিলাগৰাকীৰ মূৰত লাগে৷ ঘটনাস্থলীতে ঢলি পৰে মহিলাগৰাকী৷ পৰহি দুপৰীয়া উত্তৰ প্রদেশৰ আলিগড়ৰ এখন থানাত এই চাঞ্চল্যকৰ ঘটনাটো ঘটিছে৷ মহিলাগৰাকীক তাৎক্ষণিকভাৱে আলিগড়ৰ জৱাহৰলাল নেহৰু মেডিকেল কলেজত ভর্তি কৰোৱা হয়৷ মহিলাগৰাকীৰ অৱস্থা সংকটজনক৷ অভিযুক্ত উপ–পৰিদর্শনজনৰ নাম মনোজ শর্মা৷ ঘটনাৰ পিছৰে পৰা উপ–পৰিদর্শকগৰাকী পলাতক অৱস্থাত আছে৷ সম্পূর্ণ ঘটনাৰ ভিডিঅ’ থানাৰ চিচি টিভি কেমেৰাত বন্দী হৈছে৷ ইছৰাট নামৰ মহিলাগৰাকীয়ে নিজৰ পুত্রক লগত লৈ হাজিৰ হৈছিল থানাত৷ তেতিয়াই সংঘটিত হয় এই ঘটনা৷

You might also like