নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পোর্ট–আউ–প্রিন্সৰ পৰা ৫৬,০০০ লোকৰ পলায়ন

🔹 কুখ্যাত অপৰাধীৰ নিয়ন্ত্রণত হাইটিৰ ৰাজধানী

পোর্ট–আউ–প্রিন্স, ৪ এপ্রিল : অপৰাধীৰ ৰম্যপুৰীত পৰিণত হোৱা কেৰিবিয়ান ৰাষ্ট্র হাইটিত কেইবাটাও অপৰাধী চক্রই আৰম্ভ কৰা সংঘর্ষৰ লগে লগে ৰাজধানী পোর্ট–আউ–প্রিন্সৰ পৰা পলায়ন কৰিছে প্রায় ৫৬ হাজাৰ লোকে৷ উল্লেখনীয় যে কেইবাসপ্তাহো ধৰি অপৰাধীৰ নিয়ন্ত্রণত আছে হাইটিৰ ৰাজধানী৷ আনকি, ৰাজধানী চহৰখনত কেইবাটাও কুখ্যাত অপৰাধী চক্রৰ হাজাৰ হাজাৰ সদস্যF আহি অস্থিৰতাৰ সৃষ্টি কৰাৰ ফলত দেশখনৰ ৰাজনীতিলৈ আহি পৰিছে অশান্তি৷ শেহতীয়াকৈ বিশ্বৰ সর্বোচ্চ সংস্থা ৰাষ্ট্রসংঘই সদৰী কৰিছে যে হাইটিৰ পৰিস্থিতি অতি ভয়াৱহ৷ ৰাজধানী চহৰৰ পৰা পলায়ন কৰা লোকসকলে গ্রামাঞ্চলত গৈ আশ্রয় লৈছে যদিও এই লোকসকলক নিৰাপদ স্থানত সংস্থাপিত কৰাটো সম্ভৱ নহয় বুলি ৰাষ্ট্রসংঘই ঘোষণা কৰিছে৷ ইফালে, প্রাণৰক্ষাৰ বাবে নিৰীহ জনসাধাৰণে ৰাজধানী চহৰখনৰ পৰা পলায়ন কৰি থকা সময়তে কুখ্যাত অপৰাধী চক্রসমূহে বাণিজ্যিক প্রতিষ্ঠানসমূহত অগ্নিসংযোগ কৰিছে৷ পোর্ট–আউ–প্রিন্সৰ বিদ্যালয়সমূহ জ্বলাই দিছে৷ হাইটিৰ ৰাষ্ট্রীয় আৰক্ষীয়ে পৰহি ৰাষ্ট্রপতি প্রাসাদ সশস্ত্র দুর্বৃত্তৰ আক্রমণৰ পৰা ৰক্ষা কৰে যদিও ইয়াৰ সমীপতে থকা ষ্টেট ইউনিভাৰছিটী অৱ হাইটি হাস্পতালত ভয়াৱহ আক্রমণ সংঘটিত কৰে৷ গুৰুত্বপূর্ণ প্রাসাদটো অপৰাধী চক্রই নিজৰ কমাণ্ড চেণ্টাৰ হিচাপে ব্যৱহাৰ কৰাৰ চেষ্টা চলাইছে৷ ৰাজধানীৰ মূল পথসমূহত সশস্ত্র মাফিয়াই মুক্তমনে ঘূৰি ফুৰা দেখিবলৈ পোৱা গৈছে৷ লক্ষণীয়ভাৱে অপৰাধী চক্রই ৰাজধানী চহৰ দখল কৰি কেনিয়া ভ্রমণ কৰিবলৈ যোৱা প্রধানমন্ত্রী আৰিয়েল হেনৰীক পুনৰ ঘূৰি আহিবলৈ নিদিলে৷ প্রধানমন্ত্রীগৰাকীয়ে বিদেশত থাকিয়েই দেশখনৰ অস্থিৰ পৰিস্থিতিৰ বাবে পদত্যাগ কৰিবলৈ বাধ্য হয়৷ শেহতীয়াকৈ পৰিস্থিতি অধিক জটিল হৈ পৰিছে৷ ৰাষ্ট্রসংঘৰ তৰফৰ পৰা হাইটিত ভয়াৱহ মানৱীয় সংকট সৃষ্টি হোৱা বুলি ঘোষণা কৰিছে৷

You might also like