নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মূত্র পৰীক্ষাৰ ফলাফলতে চিনাক্ত হ’ব মগজুৰ কর্কট

বিশেষ বাৰ্তা, ৮ ফেব্রুৱাৰীঃ কর্কট ৰোগ চিনাক্তৰ বাবে চিকিৎসা বিজ্ঞানী আৰু গৱেষকসকলে বিভিন্ন উপায় উদ্ভাৱন কৰি আছে৷ শেহতীয়াভাৱে চিকিৎসা বিজ্ঞানলৈ যুগান্তকাৰী সফলতাৰে জাপানৰ নায়োগা বিশ্ববিদ্যালয়ৰ বিজ্ঞানী–গৱেষকে মূত্র পৰীক্ষাৰ ফলাফলতে মগজুৰ কর্কট চিনাক্ত কৰিবলৈ সক্ষম হৈছে৷ কেৱল মূত্রৰ নমুনাৰ পৰীক্ষাৰ ফলাফলতে মগজুৰ কর্কট চিনাক্ত কৰিব পৰা সফলতাই বিশ্বৰ কর্কট ৰোগীৰ বাবে আশাৰ বতৰা কঢ়িয়াই আনিছে৷ নায়োগা বিশ্ববিদ্যালয়ৰ গৱেষণাৰ প্রতিবেদন অনুসৰি মগজুৰ কর্কট কিম্বা ব্রেইন টিউমাৰত আক্রান্ত লোকৰ জীৱন ৰক্ষাৰ হাৰ অতি নিম্ন৷ কিয়নো মগজুৰ কর্কট বেছিভাগ মানুহৰেই চিনাক্ত কৰিবলৈ সক্ষম হওঁতে বিলম্ব হয়৷ তদুপৰি কোনো কোনো ৰোগীৰ ব্রেইন টিউমাৰ কিম্বা মগজুৰ কর্কটত কোনো বিশেষ লক্ষণ দেখা নোপোৱাৰ বাবে এই ৰোগবিধ চিনাক্ত কৰাত জটিলতাৰ সৃষ্টি হয়৷ জাপানৰ বিজ্ঞানীসকলে ব্রেইন টিউমাৰ চিনাক্ত কৰাৰ বাবে চলাই অহা গৱেষণাৰ সফলতা অনুসৰি মূত্র পৰীক্ষণ কৰাৰ পাছতে এজন ব্যক্তিৰ ব্রেইন টিউমাৰ সন্দর্ভত ইংগিত লাভ কৰিব পৰা যাব৷ প্রাৰম্ভিক গৱেষণাত যুগান্তকাৰী সফলতা লাভ কৰাৰ পাছত বিজ্ঞানীসকলে এই গৱেষণা আৰু অধিক আগবঢ়াই নিব৷ যিয়ে পৰৱর্তী সময়ত মগজুৰ কর্কট চিনাক্ত কৰাৰ সহজ প্রক্রিয়াটো আৰু অধিক সৰল কৰি তুলিব পাৰিব৷ এই গৱেষণাই ব্রেইন টিউমাৰত আক্রান্তৰ জীৱন ৰক্ষাত সহায়ক হ’ব বুলি প্রতিবেদনত প্রকাশ পাইছে৷

You might also like