নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সন্ত্রাসবাদী আক্রমণৰ ভাবুকি : মুম্বাই আন্তর্জাতিক বিমানবন্দৰত হাইএলার্ট

বিশেষ বাৰ্তা, ৮ ফেব্রুৱাৰীঃ সন্ত্রাসবাদী সংগঠনে আক্রমণৰ ভাবুকি দিয়াৰ পিছতে মুম্বাই ছত্রপতি শিৱাজী মহাৰাজ আন্তর্জাতিক বিমানবন্দৰত হাইএলার্ট জাৰি কৰা হৈছে৷ আৰক্ষী আৰু আন নিৰাপত্তী বাহিনীয়ে বিমানবন্দৰটোত নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়া কৰি তোলাৰ লগতে যাত্রীসকলৰ ওপৰত সূক্ষ্ম নিৰীক্ষণ ৰাখিছে৷ ফোনযোগে ইণ্ডিয়ান মুজাহিদীন নামৰ সন্ত্রাসবাদী সংগঠনটোৱে মুম্বাই বিমানবন্দৰ আক্রমণৰ ভাবুকি প্রদান কৰা বুলি আৰক্ষীয়ে প্রকাশ কৰিছে৷ ভাবুকি দিয়া সন্ত্রাসবাদীটোৱে নিজকে ইৰফান আহমেদ শ্বেখ বুলি প্রকাশ কৰিছে৷ মুম্বাই বিমানবন্দৰলৈ ফোনযোগে ভাবুকি দিয়াৰ পিছতে এই সন্দর্ভত বন্দৰ কর্তৃপক্ষই মুম্বাই আৰক্ষীক অৱগত কৰে আৰু আৰক্ষীয়ে গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰাৰ লগতে বিমানবন্দৰত হাইএলার্ট জাৰি কৰিছে৷

You might also like