নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছলমানৰ সহায় ল’ব মহাৰাষ্ট্রই

নিয়মীয়া বাৰ্তা, ১৮ নৱেম্বৰঃ মুছলিম অধ্যুষিত অঞ্চলত ক’ভিড–১৯ ভেকচিনৰ প্রতি অনীহা দূৰ কৰিবলৈ বলীউডৰ ছুপাৰষ্টাৰ ছলমান খানৰ সহায় ল’ব মহাৰাষ্ট্র চৰকাৰে৷ ৰাজ্যখনৰ স্বাস্থ্যমন্ত্রী ৰাজেশ ট’পে  সংবাদ মাধ্যমক এই কথা জানিবলৈ দিয়ে৷ তেওঁ কয় যে ক’ভিড–১৯ ভেকচিনক সমগ্র বিশ্বই আঁকোৱালি লোৱাৰ সময়তো কিছুমান মুছলিম অধ্যুষিত অঞ্চলত ভেকচিনক লৈ বিভিন্ন সন্দেহ দেখিবলৈ পোৱা গৈছে৷ সেয়ে ছলমান খান আৰু আন ধর্মীয় নেতাৰ সহায়ত চৰকাৰে মুছলিম সম্প্রদায়ক ভেকচিন ল’বলৈ সৈমান কৰাব বিচাৰিছে৷ জনসাধাৰণৰ মাজত চলচ্চিত্র অভিনেতা আৰু ধর্মীয় নেতাৰ যথেষ্ট প্রভাৱ আছে আৰু তেওঁলোকে ক’ভিড–১৯ ভেকচিনক লৈ সজাগতা চলোৱা উচিত৷

ইফালে, নৱেম্বৰৰ শেষলৈ মহাৰাষ্ট্রত সকলো ব্যক্তিৰ প্রথম ড’জ টিকাকৰণ সম্পূর্ণ হ’ব বুলি স্বাস্থ্যমন্ত্রী ৰাজেশ ট’পে উল্লেখ কৰে৷ তেওঁ পুনৰ কয় যে এতিয়ালৈকে ৰাজ্যখনত ১০.২৫ কোটি ভেকচিন ড’জ দিয়া হৈছে৷ ব্যাপক টিকাকৰণ অভিযানৰ জৰিয়তে ভাৰতবর্ষই ক’ভিড–১৯ৰ তৃতীয় ঢৌ প্রতিহত কৰিবলৈ সক্ষম হ’ব বুলি মহাৰাষ্ট্রৰ স্বাস্থ্যমন্ত্রীগৰাকীয়ে আশা প্রকাশ কৰে৷

ইফালে, ক’ভিড টিকাকৰণ অভিযানত অভিনেতা ছলমান খানক জড়িত কৰিব বিচৰা সিদ্ধান্তৰ বিৰোধিতা কৰিছে বিজেপিৰ নেতা ৰাম কাডমে৷ কেইবাখনো ৰাজ্যত হ’বলগীয়া নির্বাচনৰ প্রতি লক্ষ্য ৰাখি এটা বিশেষ সম্প্রদায়ৰ লোকক আকর্ষিত কৰিবলৈ মহাৰাষ্ট্র চৰকাৰে এই সিদ্ধান্ত লোৱা বুলি বিজেপিৰ নেতাগৰাকীয়ে অভিযোগ তুলিছে৷

You might also like