অধিনায়কত্বত গিলৰ গৌৰৱোজ্জ্বল ইনিংছ… ব্যতিক্ৰমী মাইলষ্ট’ন স্পৰ্শ
গাভাস্কাৰে ১৯৭১ চনত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে আৰু ১৯৭৮–১৯৭৯ চনত একেটা দলৰ বিৰুদ্ধে ৭০০ৰো অধিক ৰান সংগ্রহ কৰিছিল৷
ব্যতিক্ৰমী মাইলষ্ট’ন : মানচেষ্টাৰত চলিত শৃংখলাৰ চতুর্থ শতৰান অর্জন কৰিলে শুভমনে৷ যশস্বী জয়ছোৱাল আৰু সুনীল গাভাস্কাৰৰ পিছত ভাৰতৰ তৃতীয় বেটাৰ হিচাপে তেওঁ এই কৃতিত্ব গঢ়িলে৷ গাভাস্কাৰে ১৯৭১ চনত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে আৰু ১৯৭৮–১৯৭৯ চনত একেটা দলৰ বিৰুদ্ধে ৭০০ৰো অধিক ৰান সংগ্রহ কৰিছিল৷
আনহাতে যোৱা বছৰ ইংলেণ্ডৰ বিৰুদ্ধে ঘৰুৱা মাটিত জয়ছোৱালে ৭০০ৰো অধিক ৰান কৰিছিল৷ চলিত শৃংখলাত গিলে ৭০০ৰ অধিক ৰান সংগ্রহ কৰিছে৷ ভাৰতৰ প্রথমগৰাকী অধিনায়ক হিচাপে বিদেশৰ মাটিত টেষ্ট শৃংখলাত ৭০০ৰ অধিক ৰান কৰাৰো কৃতিত্ব দেখুৱালে শুভমনে৷
এই কৃতিত্ব অর্জন কৰা গাভাস্কাৰৰ পিছত তেওঁ দ্বিতীয় ভাৰতীয় অধিনায়ক৷ আনহাতে বিশ্বৰ অষ্টমগৰাকী টেষ্ট অধিনায়ক হিচাপে এখন টেষ্টত ৭০০ৰ অধিক ৰান সংগ্রহ কৰিলে গিলে৷ ইপিনে আজি বিশ্বৰ তৃতীয়গৰাকী টেষ্ট অধিনায়ক হিচাপে এটা শৃংখলাত ৪টা শতৰান কৰে তেওঁ৷
ইয়াৰ পূর্বে এই অভিলেখৰ গৰাকী আছিল ছাৰ ডন ব্রেডমেন আৰু গাভাস্কাৰ৷ আজি মানচেষ্টাৰত ৩৫ বছৰৰ পিছত ভাৰতীয় হিচাপে টেষ্ট শতৰান কৰিলে তেওঁ৷ ১৯৯০ চনত শতৰান কৰিছিল শচীন তেণ্ডুলকাৰে৷ আনহাতে চাৰিখন দেশৰ মাটিত এখন টেষ্ট শৃংখলাত সর্বাধিক ৰান আছিল গেৰি ছবার্ছৰ (৭২২)৷ সেই অভিলেখো স্পর্শ কৰে গিলে৷
Niyomiya Barta Desk, 28 July, 2025