হংকঙত সৰ্ববৃহৎ অগ্নিকাণ্ডত ৪৪জনৰ প্ৰাণহানি, ৩০০জন সন্ধানহীন
ডিজিটেল ডেস্ক, ২৭ নৱেম্বৰ : বুধবাৰে নিশা হংকং এক ভয়ংকৰ দুৰ্ঘটনাৰ সাক্ষী হয়। আধুনিক নগৰখনৰ গৌৰৱত আঘাত হানিছে বিগত তিনি দশকৰ ভিতৰত দেশখনত সংঘটিত হোৱা সৰ্ববৃহৎ অগ্নিকাণ্ডই। তাইপোত থকা বহু মহলীয়া অট্টালিকাত অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাৰ পিছত জুই ইটোৰ পিছত সিটো অট্টালিকালৈ সম্প্ৰসাৰিত হয়। এই ঘটনাত এতিয়ালৈকে মৃত্যু হৈছে ৪৪জনৰ। বৃহস্পতিবাৰে পুৱালৈকে প্ৰায় ৩০০জন বাসিন্দাৰ কোনো খা-খবৰ পোৱা হোৱা নাই। সাতটা বহু মহলীয়া অট্টালিকাৰ ভিতৰত এতিয়াও বহু লোক আবদ্ধ হৈ আছে বুলি আশংকা কৰা হৈছে। এইক্ষেত্ৰত মৃতকৰ সংখ্যা আৰু বৃদ্ধি পাব পাৰে বুলি হংকঙৰ অগ্নিনিৰ্বাপক বিভাগে মত প্ৰকাশ কৰিছে।
স্থানীয় সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, এটা ৩২ মহলীয়া ভৱনত নিৰ্মাণ-সংস্কাৰৰ কাম চলি আছিল। তাতে উৰি অহা জুইৰ ফূলিংগই বিপৰ্যয়ৰ সৃষ্টি কৰে। ক্ষণিকতে জুই বিয়পি পৰে কাষৰীয়া সাতটা বহু মহলীয়া অট্টালিকালৈ। মুহূৰ্ততে সমগ্ৰ অঞ্চলটো ক’লা ধোঁৱাই ঢাকি পেলায়।
খবৰ পোৱাৰ লগে লগে ১২৮খন অগ্নিনিৰ্বাপক বাহিনীৰ বাহন ঘটনাস্থলীত উপস্থিত হয়। ইতিমধ্যে ৯০০ৰো অধিক লোকক উদ্ধাৰ কৰি সুৰক্ষিত ঠাইলৈ স্থানান্তৰ কৰা হয়। বিগত ত্ৰিশ বছৰৰ ভিতৰত হংকঙত এনে ধৰণৰ দুৰ্ঘটনা সংঘটিত হোৱা নাছিল বুলি জানিব পৰা গৈছে।