নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এল নিনোৰ প্রভাৱ ! ভয়াৱহ খৰাঙৰ কবলত জিম্বাব’ৱে

🔹 দেশজুৰি জৰুৰী অৱস্থা ঘোষণা ৰাষ্ট্রপতিৰ

বিশেষ বাৰ্তা, ৫ এপ্রিল : প্রশান্ত মহাসাগৰীয় জলবায়ু পৰিঘটনা এল নিনোৰ প্রভাৱত খৰাং পৰিস্থিতিৰ সৃষ্টি হৈছে আফ্রিকান ৰাষ্ট্র জিম্বাব’ৱেত৷ ‘হর্ন অৱ আফ্রিকা’ৰ বৃহৎ অঞ্চল সামৰি থকা জিম্বাব’ৱেত অনাবৃষ্টিয়ে সৃষ্টি কৰিছে ভয়াৱহ খাদ্য সংকট ৷ বিগত বর্ষটোত কৃষি উৎপাদন অভাৱনীয়ভাৱে হ্রাস পাইছে দেশখনত৷ গতিকে পৰহি দেশখনত চৰকাৰে জৰুৰী অৱস্থা ঘোষণা কৰিছে৷ ভয়াৱহ খৰাং পৰিস্থিতিৰ বাবে দেশখনত সৃষ্টি হোৱা সংকটৰ মোকাবিলা কৰিবলৈ ২০০ কোটি ডলাৰৰ প্রয়োজন বুলি ৰাষ্ট্রপতি এমার্ছন এম নানগাৱাই সংবাদ মাধ্যমৰ আগত উল্লেখ কৰিছে৷ স্মর্তব্য যে ইতিমধ্যে প্রতিৱেশী জাম্বিয়া আৰু মালৱিয়েও খৰাং পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ দেশজুৰি জৰুৰী অৱস্থা ঘোষণা কৰিছে৷ এই দুয়োখন দেশত কেইবা নিযুতো লোক খাদ্য সংকটৰ কবলত পৰিছে৷ জিম্বাব’ৱেত এল নিনোৰ প্রভাৱৰ বাবে যোৱা বর্ষটোত বৃষ্টিপাতৰ হাৰ ২০ শতাংশলৈ অৱনমিত হৈছিল৷ অর্থাৎ ৮০ শতাংশতকৈ বেছি স্বাভাৱিক বৰষুণৰ পৰা বঞ্চিত হ’বলগীয়া হয় দেশখন৷ এনে পৰিস্থিতিত সকলো নাগৰিকৰ বাবে খাদ্যৰ নিৰাপত্তা নিশ্চিত কৰিবলৈ জিম্বাব’ৱে চৰকাৰে চিন্তা–চর্চা কৰিছে৷ দেশজুৰি জৰুৰী অৱস্থা ঘোষণা কৰি কেনেদৰে ক্ষুধা আৰু অনাহাৰৰ পৰা জিম্বাব’ৱেবাসীক ৰক্ষা পৰিব পাৰে, তাক লৈ বিভিন্ন পথৰ সন্ধান কৰা হৈছে বুলিও উল্লেখ কৰে ৰাষ্ট্রপতি এমার্ছনে৷ স্মর্তব্য যে এল নিনোৰ প্রভাৱত আফ্রিকা মহাদেশৰ কেইবাখনো দেশ ভয়াৱহ খৰাঙৰ সন্মুখীন হোৱা বুলি ইতিমধ্যে বিজ্ঞান জার্নালসমূহতো প্রতিবেদন প্রকাশ কৰা হৈছে৷

You might also like