নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সুকন্যা : মৎস্যখণ্ডৰ শ্রেষ্ঠ মহিলা উদ্যোগী চুমি বৰদলৈৰে সাক্ষাৎকাৰ

সংহত কৃষি পদ্ধতিৰে অর্থনীতিৰ বুনিয়াদ শক্তিশালী কৰিব পাৰি

সাক্ষাৎগ্রহণ
ড০ ধ্রুৱজ্যোতি শর্মা
ফোনঃ ৯৮৫৪৯–৪৪৭০০

আপুনি আৰু স্বামী দুয়োজনেই উচ্চ শিক্ষিত ব্যক্তি৷ স্নাত্তকোত্তৰ ডিগ্রীধাৰী৷ আপুনি বিদ্যালয়ত আৰু আপোনাৰ স্বামীয়ে মহাবিদ্যালয়ত শিক্ষকতা কৰিছিল৷ কিহৰ তাডনাত দুয়োজনে চৰকাৰী চাকৰি বাদ দি মীন সম্পর্কীয় কাম–কাজলৈ আহিল? নেপথ্য আৰু প্রেক্ষাপট অৱগত কৰিবনে?
মোৰ জন্ম ১৯৭৫ চনত গোলাঘাট জিলাৰ বকিয়াল গাঁৱত৷ দেডতাৰ চাকৰি সূত্রে নগাঁৱত থাকোঁ৷ মৰিগাঁও জিলাৰ কপাহেৰা–শান্তিপুৰ নিৱাসী শ্রী কনক চন্দ্র বৰদলৈৰ লগত দীর্ঘদিনীয়া প্রেম সূত্রে প্রেম বিবাহত আবদ্ধ হওঁ৷ কর্ম আৰু ব্যৱসায় সূত্রে আমি সপৰিয়ালে নগাঁও জিলাৰ বঢ়মপুৰত স্থায়ীভাৱে বসতি কৰি আছোঁ৷ বাস্তৱ জীৱনত পার্থিৱ অথবা ব্যৱহাৰিক কর্ম ক্ষেত্রখনত পোনপটীয়াকৈ মোকামিলা কৰিবলৈ শিক্ষা(Education) অতি প্রয়োজনীয় অংগ৷ সেয়েহে শিক্ষাৰ ক্ষেত্রত সংসৃকত বিষয়ত মই স্নাত্তকোত্তৰ ডিগ্রী আৰু মোৰ স্বামী অংক শাস্ত্রত স্নাত্তকোত্তৰ ডিগ্রী৷ যিহেতু আমাৰ দুয়োৰে প্রেম বিবাহ, পঢ়া–শুনা কালৰে পৰা আমাৰ দুয়োৰে মাজত এটা বিশেষ সংঘবদ্ধ বুজাবুজি আছে৷ আমি তেতিয়াই চিন্তা–চর্চা কৰিছিলো যে নিজেই নিজৰ ভৰিত থিয় দি স্বতন্ত্রভাৱে কাম কৰি যাম৷ আমাৰ কাম–কাজৰ যোগেদি আন দহজনক যাতে আর্থিকভাৱে স্বাৱলম্বী হোৱাত সহায় কৰিব পাৰো৷ সংহত কৃষি পদ্ধতিৰে স্বাৱলম্বনৰ বাট মুকলিয়েই নহয়, কৃষি অর্থনীতিৰ বুনিয়াদ শক্তিশালী কৰাৰ সুযোগ আছে৷ আমাৰ আদিগুৰু সহজ–সৰল খাটিখোৱা কৃষিজীৱী মা–দেডতাৰ ইচ্ছাৰ সপক্ষে তেওঁলোকৰ সপোন বাস্তৱ কৰাৰ উপৰি তেওঁলোকৰ আত্মসন্তুষ্টিৰ হেতু আমি দুয়ো শিক্ষকতা বৃত্তিৰে কর্মজীৱনৰ পাতনি মেলো৷ সুদীর্ঘ ৬টা বছৰ শিক্ষকতাৰ কাম কৰাৰ পাছত আমাৰ মনলৈ অহা এটা নতুন পৰিকল্পনাই আমাৰ মনটো সদায় ব্যতিব্যস্ত কৰে যে আমি ছাত্র–ছাত্রীসকলক আনুষ্ঠানিক শিক্ষা দান কৰি আহিছোঁ ঠিকেই, কিন্তু গাঁৱৰ অতি ভিতৰুৱা অঞ্চলৰ খাটিখোৱা নিৰক্ষৰ কৃষিজীৱী লোকসকলৰ কাৰণে বিশেষকৈ সামাজিকভাৱে সদায় উপেক্ষিতা মহিলাসকলৰ কাৰণে আমি কি কৰিছো নাইবা কিবা কৰিব পাৰো নেকি ইত্যাদি বিষয়বোৰ বিশ্লেষণ কৰি আমি এটা স্থিৰ সিদ্ধান্তত ডপনীত হ’লোঁ যে যিহেতু অসমখন গ্রাম্য অর্থনীতিৰ লগত জডিত আৰু গ্রাম্য অর্থনীতি অতিকৈসম্ভাৱনাপূর্ণ ক্ষেত্রখনেই হ’ল কৃষি বা মীন পালন৷

সেই সময়ত মীনখণ্ডত জডিত হ’বলৈ কোনোবাই বিশেষভাৱে অনুপ্রেৰণা যোগাইছিল নেকি?
প্রথমে যিহেতু মৰিগাঁও জিলাৰ পৰাই মই মীন পালনৰ কাম–কাম আৰম্ভ কৰিছিলোঁ, গতিকে সেই সময়ৰ মীন বিভাগৰ জিলা মীন ডন্নয়ন বিষয়া আতাডৰ ৰহমান ছাৰৰ আঙুলিত ধৰি মৎস্য ক্ষেত্রখনত ভৰি দিওঁ৷ তেওঁ মোৰ মীন ক্ষেত্রখনৰ অনুপ্রেৰণাৰ আদিগুৰু৷ দ্বিতীয়তে, সমন্বিত মীন পালন মৰিগাঁও জিলাৰ ভিতৰত মই পোনপ্রথমে আৰম্ভ কৰিছিলোঁ৷ সেয়েহে গুৱাহাটী দূৰদর্শনৰ মাধ্যমে পোনপ্রথমবাৰৰ বাবে ৰাইজৰ সন্মুখলৈ লৈ যোৱাৰ বাবে মোৰ অনুপ্রেৰণাৰ স্মৰণীয় ব্যক্তি, মোৰ শ্রদ্ধাৰ কর্মগুৰু তুল্য ব্যক্তি ড০ ধ্রৱজ্যোতি শর্মাকএই সুযোগতে সশ্রদ্ধ পণিপাত জনালোঁ৷ তেখেতৰ অনুপ্রেৰণাৰ দ্বাৰাই আজি এই পর্যায়ত ডপনীত হ’বলৈ সাহস কৰিলোঁ৷ তেখেতৰ সমান্তৰালকৈ আন এগৰাকী চিৰনমস্য স্বনামধন্য ব্যক্তি হ’ল ড০ সঞ্জয় শর্মা৷ তেখেতে অতি ব্যস্ততাৰ মাজেৰে মীন পালনৰ কাৰিকৰী আৰু ব্যৱহাৰিক দিশটো বিশেষভাৱে পর্যবেক্ষণ কৰি মীনপালনৰ সমস্যাসমূহ নির্মূল কৰাৰ বাবে আগবঢ়োৱা দিহা–পৰামর্শৰ উপৰি বিভিন্ন সময়ত তেখেত মোৰ অনুপ্রেৰণাৰ নেত্রীস্থানীয় ব্যক্তি৷ আনহাতে মীন পালনৰ ওপৰত কাৰিকৰী আৰু ব্যৱহাৰিক প্রশিক্ষণৰ যোগেদি প্রশিক্ষণপ্রাপ্ত হৈ উন্নতিৰ শীর্ষত ডপনীত কৰোৱা অসম কৃষি বিশ্ববিদ্যালয়ৰ শিক্ষাগুৰুসকল, ৰহা মীন মহাবিদ্যালয়ৰ ডদ্যোগ মাছৰ প্রক্রিয়াকৰণৰ জৰিয়তে মান সংযোজিত ৰুচিব্যঞ্জক খাদ্য প্রস্তুত কৰি দেশৰ লগতে বিদেশৰ বজাৰ দখল কৰিবলৈ ডপযুক্ত কৰি তোলা মোৰ শিক্ষাগুৰুসকল মোৰ অনুপ্রেৰণাৰ স্থল৷ কৃষি বিজ্ঞান কেন্দ্র নগাঁৱৰ মুখ্য বিজ্ঞানী ড০ নিৰঞ্জন ডেকা ছাৰৰ লগতে সহকাৰী বিজ্ঞানীসকলে কাৰিকৰী দিশত যোগোৱা অৱদানৰ শলাগ নলৈ নোৱাৰি৷ তেওঁলোকো মোৰ বাবে অনুপ্রেৰণাৰ অংশ বিশেষ৷ লগতেIIE, IICPT, CIFRI, KVIC, অসম ফিছ্ ফেড্ আদি অনুষ্ঠানসমূহৰ ব্যক্তিসকলকো এই সুযোগতে শ্রদ্ধা জ্ঞাপন কৰিলো যে তেখেতসকলো মোৰ অনুপ্রেৰণাৰ স্থল৷ তদুপৰি মৎস্য ক্ষেত্রখনত বিনাদিধাই মুক্তভাৱে কাম–কাজ কৰিবলৈ উদ্গনি যোগোৱা মোৰ শাহু–মা শ্রীমতী চাৰুমাই বৰদলৈ আৰু শহুৰ দেউতা ৰাতিৰাম বৰদলৈৰ পূর্ণ সহযোগিতাত এই আটাইবোৰ সম্ভৱ হ’ল৷

পোনতে কেনেকৈ আৰম্ভ কৰিলে? মূলধন বিনিয়োগ কেনেকৈ প্রশস্ত কৰিলে জনাবনে?
পোনতে আমি মৰিগাঁৱত সমন্বিত মীন পামখন ভগৱানক সাক্ষী কৰি বহু ঘাত–প্রতিঘাত, বাধা–বিঘিনি আৰু সামাজিক নিষেধাজ্ঞা নেওচি স্বামীৰ পৈতৃক সূত্রে লাভ কৰা কিছু কৃষিভূমিত কাম–কাজ আৰম্ভ কৰিলোঁ৷ প্রথমে আমি থলুৱা মাছ পালনৰ পৰিকল্পনা কৰি আঁৰি মাছ ডৎপাদন, চিতল, মোৱা মাছ, পুঠি মাছ, কাৱৈ মাছ, শিঙি–মাগুৰ মাছ, গৰৈ মাছ আদি স্থানীয়ভাৱে কম খৰচত সংগ্রহ কৰি প্রতিপালন কৰাৰ ব্যৱস্থা কৰিলোঁ৷ লগতে পিছৰ পর্যায়ত ধানৰ লগত মীন পালন, হাঁহৰ লগত মীন পালন, সংমিশ্রিত মীন পালন, গাহৰি পালন, কুকুৰা পালন ইত্যাদি নতুন সংযোজন কৰি পূর্ণগতিত কাম আৰম্ভ কৰিলোঁ৷ মীন বিভাগৰ বিভাগীয় বিষয়া ড০ ধ্রুৱজ্যোতি শর্মা আৰু ড০ সঞ্জয় শর্মা ছাৰৰ লগত যোগাযোগ কৰিলোঁ৷ তেওঁলোকে বাতৰি কাকতত মীন পালনৰ ওপৰত যথেষ্ট লিখা–মেলা কৰি থাকে৷ সেই সূত্রে তেখেতসকলক লগ পালো৷ সমন্বিত মীন পালনৰ কাৰিকৰী দিশত তেওঁলোকে আমাক যথেষ্ট সহায় কৰি আহিছে৷ এইখিনিতে মই ডল্লেখ কৰিব লাগিব যে বিভিন্ন সময়ত বিভিন্ন বিভাগৰ সমল ব্যক্তিক লগ পাইছিলোঁ৷ বিশেষকৈ কৃষি বিভাগৰে কওক, মীন বিভাগৰে কওক, পশুপালন বিভাগৰে কওক, কৃষি বিজ্ঞান কেন্দ্রৰে কওক তেওঁলোকৰ নামবোৰ লিপিবদ্ধ কৰিলে যথেষ্ট ঠাই আৰু সময়ৰ প্রয়োজন হ’ব৷ মুঠতে ডক্ত ব্যক্তিসকলৰ ডদ্গনিমূলক দিহা–পৰামর্শই মোক যথেষ্ট ডৎসাহিত কৰিলে৷ বর্তমান অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ পৃষ্ঠপোষকতাত মীনমন্ত্রী (ভূতর্পূব মাননীয় শ্রীমান পৰিমল শুক্লবৈদ্য আৰু বর্তমানৰ মীনমন্ত্রী মাননীয় শ্রীমান কৃষেন্দু পাল মহোদয়ৰ মহিলা কৃষকৰ প্রতি থকা আৱেগ–নুভূতি আৰু মহানুভৱতাৰ শলাগ নলৈ নোৱাৰি৷ মূলধন বিনিয়োগৰ ক্ষেত্র যিহেতু আপুনি প্রশ্ণ অৱতাৰণা কৰিছে৷ প্রথমে আমি নিজৰ টকাৰে আৰম্ভ কৰিলোঁ৷ আমি চাকৰি সূত্রে কিছু টকা জমা কৰিছিলোঁ আৰু পৈতৃক জমা টকাৰে প্রাৰম্ভিক কাম–কাজবোৰ কৰিছিলোঁ৷

আপুনি খাদ্য সংসাধন বা মুখ্যতঃ মৎস্য সংসাধনত কেনেকৈ জডিত হ’ল? কোনে দিহা দিছিল জনাবনে?
হয়, এইটো এটা অতি গুৰুত্বপূর্ণ প্রশ্ণ৷ আমি লক্ষ্য কৰিছোঁ যে সময়ৰ লগে লগে মানুহৰ খাদ্যাভ্যাস সলনি হোৱা দেখা যায়৷ মই যেতিয়া বিভিন্ন সময়ত বাহিৰলৈ যাওঁ, তেতিয়া দেখিলো যে মাছৰ পৰা তৈয়াৰী বিভিন্ন ৰুচিব্যঞ্জক খাদ্য বিশেষকৈ মাছৰ আচাৰ, মাছৰ পাপৰ, মাছৰ কাটলেট, মাছৰ ভূজীয়া, মাছৰৰোল, মাছৰ বল, মাছৰ কুৰকুৰে আদি বিভিন্ন সামগ্রী প্রস্তুত কৰি বজাৰত মুকলি কৰি দিওঁ, ফলত বজাৰত যথেষ্ট সমাদৰ পোৱা গৈছে আৰু চাহিদা আশানুৰূপভাৱে বৃদ্ধি পাইছে৷ ইয়াৰ মূল কাৰণ হ’ল– মোৰ সামগ্রীবোৰ ৰাইজে স্বীকৃতি দি আদৰি লৈছে৷ আনহাতে অসমৰ অসমৰ বিভিন্ন ঠাইৰ বজাৰত যিবোৰ শুকান মাছ বিক্রী হয়, সেইবোৰ সাধাৰণতে মুঠেই স্বাস্থ্যসন্মত নহয়৷ তেতিয়া মই চিন্তা কৰিলোঁ যে এই বিষয়টোৰ ওপৰত কিছু কৰিব লগা কাম আছে৷ গতিকে মৰিগাঁও জিলাত থকা মীন পামৰ কামবোৰ মোৰ স্বামীয়ে চোৱাচিতা কৰে আৰু নগাঁও জিলাত বঢ়মপুৰ স্থলীত নতুনকৈ কিনি থোৱা পামখন মই নিজে চোৱাচিতা কৰোঁ৷ ইয়াত মই মৎস্য সংসাধনৰ কাম আৰম্ভ কৰাৰ ডপৰি বিভিন্ন প্রজাতিৰ সৰু–ডাঙৰ মাছ বিজ্ঞানসন্মতভাৱে শুকোৱাই স্বাস্থ্যসন্মতভাৱে বনাওঁ৷ সেই শুকান মাছৰ লগত পদিনা, মাছৰ লগত ভোটজলকীয়া, মাছৰ লগত ধনিয়াৰ পাত, মাছৰ লগত নৰসিংহৰ পাত আদি মিহলাই মান সংযোজন কৰোঁ৷ ঠিক সেইদৰে বেলেগ বেলেগ সোৱাদৰ যেনে বাঁহগাজৰ লগত মাছৰ আচাৰ, ভোটজলকীয়াৰ লগত মাছৰ আচাৰ, ওলকচুৰ লগত মাছৰ আচাৰ, বেঙেনাৰ লগত মাছৰ আচাৰ, মাছৰ পাপৰ, মাছৰ কাটলেট, মাছৰ ৰোল, মাছৰ ভূজীয়া, মাছৰ কুৰকুৰে আদিকে ধৰি সর্বমুঠ বিশবিধমান দ্রব্য প্রস্তুত কৰোঁ৷ এইক্ষেত্রত কাৰিকৰী দিহা–পৰামর্শ দিছিল অসম ফিছফেড্ৰ প্রাক্তন মেনেজিং ডাইৰেক্টৰ মোৰ গুৰু ড০ ধ্রুৱজ্যোতি শর্মা ছাৰে৷ ফিছফেডৰ বিপণীত মোৰ আচাৰসমূহ বহুলভাৱে ডপলব্ধ৷

আপুনি মাছৰ পৰা মান সংযোজিত আৰু ৰুচিব্যঞ্জক খাদ্য সামগ্রী প্রস্তুত কৰি সমগ্র দেশতে সুনাম অর্জন কৰিছে৷ কি কি প্রস্তুত কৰে? চাহিদা কেনে?
হয়, মই প্রস্তুত কৰা সকলোবোৰ দ্রব্য জিলা মীন বিভাগ, জিলা কৃষি বিভাগ, ৰহা মীন মহাবিদ্যালয়, অসম মীন বিভাগ, অসম ফিছফেড, জিলা ডদ্যোগ বিভাগ, কৃষি বিজ্ঞান কেন্দ্র আদিৰ পৃষ্ঠপোষকতাত দেশৰ বিভিন্ন ঠাইলৈ প্রদর্শনীৰ বাবে লৈ যোৱা হয়৷ তদুপৰি বিভিন্ন সময়ত ভাৰতৰ বাহিৰৰ দেশবোৰলৈকো মোৰ খাদ্য সামগ্রীবোৰ পঠোৱাৰ ব্যৱস্থা কৰা হয়৷ মোৰ খাদ্য সামগ্রীবোৰ ডুবাই, কার্টাৰ, জাপান আদি বহু দেশলৈ পঠাবলৈ সক্ষম হৈছোঁ৷ চাহিদা বুলি ক’বলৈ গ’লে আমাৰ যথেষ্ট কষ্ট আৰু সময় লাগে৷ যিহেতু মই খাদ্য বস্তু প্রস্তুত কৰোঁ, গতিকে ইয়াৰ গুণগত মানত বিশেষভাৱে চকু দিব লাগে৷ আজিৰ তাৰিখত যিমান চাহিদা আমি সিমানখিনি যোগান ধৰিব নোৱাৰোঁ৷ গতিকে বর্তমানেও এই কামটোত আৰু বহুত জডিত হোৱাৰ সুযোগ আছে৷

দেশৰ পৰিধি ভেদি বিদেশতো আপোনাৰ এনে খাদ্য বিপণন হয়? অকণমান কওকচোন? ক্রেতাৰ চাহিদা কেনে?

হয়, মোৰ খাদ্য প্রথম অৱস্থাত স্থানীয় বজাৰতে বিপণন কৰিছিলোঁ৷ ইয়াৰ মূল কাৰণ হ’ল মই খাদ্য প্রস্তুত কৰিলো ঠিকেই, কিন্তু মোৰ অজ্ঞাতে খাদ্য প্রস্তুতকৰণত কিবা আসোঁৱাহ থাকিল নেকি? স্থানীয় বিপণী, ৰাইজৰ পৰামর্শ আৰু প্রতিবিধ খাদ্যবস্তুৰ প্রক্রিয়াকৰণৰ অনিচ্ছাকৃত ত্রুটিৰ তথ্য সংগ্রহ কৰি তাক শুধৰণি কৰাৰ প্রচেষ্টা হাতত লৈছিলোঁ৷ তাৰ পিছৰ পর্যায়তহে মোৰ খাদ্য সামগ্রীবোৰ বিশেষভাৱে প্রস্তুত কৰি গুণগত মান সু–নিশ্চিত হ’লেহে বিপণনৰ বাবে মুকলি কৰি দিয়া হয়৷ সেয়েহে বিশ্বৰ বিভিন্ন দেশ বিশেষকৈ ইডৰোপৰ বিভিন্ন দেশলৈ পঠিয়াই সমাদৰ লাভ কৰিবলৈ সক্ষম হওঁ৷ বিদেশৰ যিসকলক গ্রাহকে মোৰ খাদ্য এবাৰ খাই ভাল পাই তেওঁলোকে মোৰ লগত পুনৰ যোগোযোগ কৰে আৰু মই বিভিন্ন ধৰণেৰে পার্চেল কৰি বস্তুবোৰ পঠিয়াই দিওঁ৷ তাৰ পিছত তেঁওলোকৰ পৰা ওচৰ–চুবুৰীয়াই মোৰ বস্তুবোৰ লৈ যায়৷ এনেদৰে মই ভাৰতৰ যিকোনো যোগাযোগকাৰীৰ জৰিয়তে দেশৰ পৰিধি ভেদি বিদেশত বিপণন কৰোঁ৷ অৱশ্যে মই পোনপটীয়াকৈ তাত বিপণন নকৰো যদিও তাত থকা লোকসকলে লৈ গৈ বিপণন কৰে৷ গতিকে এইটো মোৰ বাবে আনন্দ৷

আপুনি মীন পালন বা কৃষিখণ্ডৰ লগত সংপৃক্ত কিবা কামত জডিত হয় নেকি?
নিশ্চয়, কৃষিখণ্ড বা মীনখণ্ডৰ লগত বিশেষকৈ মহিলা সকলক পোনপটীয়াকৈ জডিত কৰোৱাৰ পৰিকল্পনাৰেRangjuli FPC (Morigaon) আৰুKP KALONGPAR HALOWAGAON FPC (Nagaon) নামেৰে দুটাFPC গঠন কৰি প্রায় ১০০০ (এহেজাৰ) জন খেতিয়কক জডিত কৰাই লওঁ৷ মোৰ স্বামীৰ ভ্রূণ পোনা ডৎপাদন কেন্দ্রত ডৎপাদিত গুণগত মানৰ ভ্রূণ পোনা আমি আঙুলি জোখৰ পর্যায়লৈ নিFPC সদস্যসকলৰ মাজত বিতৰণ কৰোঁ৷ এই প্রক্রিয়াৰ জৰিয়তে মাছৰ পোনাৰ গুণগত মান অটুট থকাৰ উপৰি মোৰ লগতেFPCৰ মীন পালকসকল আর্থিকভাৱে লাভৱান হয়৷ ইয়াৰ ডপৰি দুয়োখন জিলাৰ সর্বমুঠ ১৫০০ (পোন্ধৰশ)গৰাকী শিক্ষিত আগ্রহী ডদ্যোগী মহিলাক ৰহা মীন মহাবিদ্যালয়, অসম মীন বিভাগ, জিলা মীন বিভাগ, অসম কৃষি বিশ্ববিদ্যালয়, কৃষি বিজ্ঞান কেন্দ্র,CIFT, CIFRI, IIE, IICPT, অসম ফিছফেড্ আদি চৰকাৰী অথবা বেচৰকাৰী অনুষ্ঠানসমূহৰ সহযোগিতাত মাছৰ বিভিন্ন ৰুচিব্যঞ্জক আচাৰ, বিভিন্ন ফল–মূলৰ সুস্বাদ আচাৰ তৈয়াৰ কৰাৰ প্রশিক্ষণ দিয়া হয়৷ প্রশিক্ষণপ্রাপ্ত মহিলাসকলে বর্তমান নিজাববীয়াকৈ জিলা ডদ্যোগ আৰু প্রশিক্ষণ কেন্দ্রৰ সহযোগিতাত ডদ্যোগ স্থাপন কৰি বহলভাৱে বজাৰ দখল কৰি আর্থিকভাৱে স্বাৱলম্বী হৈছে৷ আনহাতে জিলা কৃষি বিভাগৰ সহযোগিতাত ডদ্যান খেতিৰ জৰিয়তে বিশেষকৈ কল, তামোল, নাৰিকল, নেমু, মধুৰিআম, আম, লেচু, বগৰী আদিৰ খেতি কৰি মাছৰ লগতে পুখুৰীৰ পাৰৰ পৰা অতিৰিক্তভাৱে কিছু টকা ডপার্জন হয়৷ আমি দুয়োখন মীন পামৰ পৰা বছৰি এক বুজন পৰিমাণৰ ডপার্জনৰ যি নিদর্শন অন্য মীনপালকসকলে আমাৰ পথ অনুকৰণ কৰি যথেষ্ট লাভৱান হ’বলৈ সক্ষম হৈছে৷

আপোনাৰ কর্মৰ স্বীকৃতি স্বৰূপে ৰাজ্যিক আৰু ৰাষ্ট্রীয় পর্যায়ত বিভিন্ন বঁটা আৰু পুৰস্কাৰে আপোনাক সমৃদ্ধ কৰিছে৷ অলপমান জনাবনে?
মৎস্য সংসাধনৰ কাম আৰম্ভ কৰি সফলতা অর্জন কৰাৰ স্বীকৃতি স্বৰূপে ২০২২ চনত ভাৰত চৰকাৰে দমনত আয়োজন কৰা বিশ্ব মৎস্য দিৱসৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা ৰাষ্ট্রীয় কার্যসূচীত ভাৰতৰ শ্রেষ্ঠ মৎস্য সংসাধন ডদ্যোগী মহিলা বঁটাৰে পুৰসৃকত কৰিছিল৷ কৃষি জগতলৈ আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে ২০১৯ চনত নতুন দিল্লীত অনুষ্ঠিত বর্ণাঢ়্য কার্যসূচীত ভাৰতৰ শ্রেষ্ঠ ক্ষমতাশালী মহিলা কৃষক সন্মানেৰে সন্মানিত কৰে৷ খাদ্য প্রক্রিয়াকৰণত আগবঢ়োৱা বৰঙণিৰ স্বীকৃতি স্বৰূপে গুৱাহাটীস্থিত মণিৰাম দেৱান ভৱনত কেন্দ্রীয় ৰাজ্যিক মন্ত্রী মাননীয় শ্রীযুত ৰামেশ্বৰ তেলিৰ ডপস্থিতিত ২০১৮ চনত অসমৰ শ্রেষ্ঠ খাদ্য সংসাধন ডদ্যমিতা বঁটা, ৰহাস্থিত মীন মহাবিদ্যালয়ত মৎস্য দিৱসৰ লগত সংগতি ৰাখি অনুষ্ঠিত কার্যসূচীত ২০১৮ চনত অসমৰ শ্রেষ্ঠ মহিলা মীন পালক বঁটা, কৃষিখণ্ডলৈ আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে ২০১৫ চনত নতুন দিল্লীত অনুষ্ঠিত বর্ণাঢ়্য কার্যসূচীত কেন্দ্রীয় কৃষিমন্ত্রী মাননীয় শ্রীযুত ৰাধামোহন সিং দেৱৰ ডপস্থিতিত ভাৰতৰ শ্রেষ্ঠ মহিলা কৃষক বঁটাৰে পুৰসৃকত কৰিছিল৷ তদুপৰি জিলা ভিত্তিত বহু সৰু–বৰ বঁটাৰে মীন বিভাগ আৰু কৃষি বিভাগৰ দ্বাৰা পুৰসৃকত কৰে৷ গতিকে ডক্ত পুৰস্কাৰসমূহৰ চানেকিৰে আমাৰ প্রতিজন মীন পালক অথবা কৃষক দুগুণ ডৎসাহেৰে নিজ কর্মত মনোনিৱেশ কৰিব বুলি মোৰ বিশ্বাস৷

আপোনাৰ কাম–কাজে বহু শিক্ষিতমহিলাক এনেধৰণৰ কাম–কাজলৈ আকর্ষিত কৰিছে৷ আপুনি তেওঁলোককো সংগঠিত কৰি সহায় কৰাৰ পদক্ষেপ হাতত লৈছে৷ বিতং জনাবনে?
হয়, সেই বিষয়টো আমাৰ প্রেম কৰা সময়ৰে এটা সপোন আছিল৷ আমি গাঁৱৰ অতি পিছপৰা অঞ্চলৰ মহিলাসকলক সহায় কৰিম৷ মোৰ ইয়ালৈ বহু মহিলা আহে৷ আমি তেঁওলোকক খাদ্য প্রক্রিয়াকৰণৰ কাম–কাজ শিকাওঁ৷ সেই ডদ্দেশ্যে মই এটাTRAINING HALL নির্মাণ কৰিছেছা৷ ইয়াত তেওঁলোকক ব্যৱহাৰিক আৰু তত্ত্ব ভিত্তিত শিক্ষা প্রদান কৰোঁ৷ বিনিময়ত কোনো ধৰণৰ মাচুল ভৰিব নালাগে৷ অকল শিক্ষা প্রদানেই নহয়, তেওঁলোকক সংগঠিত কৰি দুটাFPC, ২৫টাSHG, ১৫টাFIG তৈয়াৰ কৰিছেছা৷ সর্বমুঠ ২০৫০গৰাকী মহিলাক সংগঠিত কৰি শিক্ষা প্রদান কৰি আছো৷ তদুপৰি ৰহা মীন মহাবিদ্যালয়, অসম কৃষি বিশ্ববিদ্যালয়, অসম মীন বিভাগ, জিলা মীন বিভাগ, কৃষি বিজ্ঞান কেন্দ্র,CIFT, KVIC, IIE, CIFRI, বিভিন্নCollege, জিলা প্রশাসন, অসম ফিছফেড আদি চৰকাৰী অথবা বেচৰকাৰী অনুষ্ঠানসমূহে অনুুষ্ঠিত কৰা প্রশিক্ষণলৈ মোক আমন্ত্রণ জনায়৷ মই মহিলাসকলক লৈ প্রশিক্ষণৰ ব্যৱস্থা কৰি দিওঁ৷ প্রশিক্ষাথ্সকলে ডৎপাদন কৰা সামগ্রীসমূহৰ বিপণন মই নিজেই ব্যৱস্থা কৰি দিছোঁ৷ আজিৰ তাৰিখত মই তেওঁলোকক সর্বতোপ্রকাৰে সহায় কৰি আছো আৰু ভৱিষতেও সহায় কৰি যাম৷ মহিলা সবলীকৰণ বিষয়টো আজিৰ তাৰিখত অতি চর্চিত বিষয়৷ গতিকে মহিলা সবলীকৰণৰ ওপৰত মই বিশেষ গুৰুত্ব দি কাম কৰি আছো৷

আপোনাৰ পৰিয়ালৰ বিষয়ে অলপ ক’বনে?
ইতিমধ্যে মোৰ স্বামীৰ বিষয়ে আপোনাক জনাইছেছাৱেই৷ তেওঁ মৰিগাঁৱৰ ফার্মখন চায়৷ তেওঁ মোক সকলো ক্ষেত্রতে সহায় সহযোগিতা, দিহা–পৰামর্শ দি আহিছে৷ বর্তমান তেওঁ মাছৰ পোনা ডৎপাদনত জডিত হৈ আছে৷ মোৰ ল’ৰা দুটা৷ ডাঙৰ ল’ৰাই ৰাজনীতি বিজ্ঞান আৰু ভূগোল বিষয় দুটাত স্নাত্তকোত্তৰ ডিগ্রী লাভ কৰিলে৷ দুটা চৰকাৰী চাকৰি নকৰাৰ সিদ্ধান্ত কৰি ভাৰতৰ প্রশাসনিক সেৱাৰ বাবে প্রস্তুতি চলাই আছে৷ নাজানো কৃতকার্য হয় নে নহয়৷ বর্তমান চেষ্টাৰ ত্রুটি কৰা নাই৷ এইক্ষেত্রত আপোনালোকৰ আশীর্বাদ খুবেই প্রয়োজন, যাতে সফলতা লাভ কৰে৷ আশীর্বাদ কৰিব৷ সৰু ল’ৰাই জীৱ বিজ্ঞান বিষয় প্রধান হিচাপে লৈ স্নাতকৰ ছাত্র৷

You might also like