নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাশ্মীৰত সন্ত্ৰাসবাদীৰ সৈতে যোগাযোগৰ লক্ষ্যঃ LOCত মোবাইল টাৱাৰ স্থাপন পাকিস্তানৰ

নিয়মীয়া বাৰ্তা, ২০ অক্টোবৰঃ এইবাৰ কাশ্মীৰত প্রবেশ কৰা সন্ত্ৰাসবাদী সৈতে যোগাযোগ ৰক্ষা কৰিবলৈ নতুন পৰিকল্পনা কৰিছে ইছলামাবাদে। সেই উদ্দেশ্যপূৰণ কৰিবলৈ এইবাৰ নিয়ন্ত্রণৰেখা (এলঅচি) ৰ কাষত মোবাইলৰ নতুন টাৱাৰ স্থাপন কৰিছে পাক গুপ্তচৰ সংস্থা আইএছআই-এ। যাতে সন্ত্রাসবাদীৰ সৈতে যোগাযোগ কোনোপধ্যেই বিচ্ছিন্ন কৰিব নোৱাৰে ভাৰত চৰকাৰে।

চলিত বছৰৰ আৰম্ভণিতে কাশ্মীৰত সন্ত্ৰাসবাদী দমনত উল্লেখ্যযোগ্য সাফল্য লাভ কৰিছে ভাৰতীয় সেনাই। সন্ত্ৰাসবাদী ঘাটি উতখাত কৰাৰ সমান্তৰালকৈ সন্ত্রাসবাদী সংস্থাৰ বহু নেতাক নিশেষ কৰিছে সেনাই।

ভাৰতীয় চোৰাংচোৱা সংস্থাৰ সূত্রৰ খবৰ অনুসৰি, পাক অধিকৃত কাশ্মীৰত এই টাৱাৰৰ চিগনেল পাবলৈ ভাৰতৰ নিয়ন্ত্রণৰেখাৰ সমীপত ১৮ টা জিএছএম এন্টেনা স্থাপন হ’ব।

উল্লেখ্য যে পাক অধিকৃত কাশ্মীৰ, গিলগিট-বালটিস্তানৰ নিয়ন্ত্রণৰেখাত বর্তমান মুঠ ২৮ টা মোবাইল টাৱাৰ আছে। সম্প্রতি আৰু ৩৮ টা টাৱাৰ স্থাপনৰ পৰিকল্পনা কৰিছে।

You might also like