নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুৰ্গা পূজাক লৈ মহানগৰ যান-বাহন আৰক্ষীৰ বিশেষ নিৰ্দেশনা

নিয়মীয়া বাৰ্তা, ২০ অক্টোবৰঃ সমুখত দুৰ্গাপূজা। দুৰ্গাপূজাক লৈ মহানগৰ যান-বাহন শাখাৰ উপ-আৰক্ষী আয়ুক্ত‌ই জাৰি কৰে কেতবোৰ নীতি নিৰ্দেশনা। ‌ উল্লেখ্য যে, পূজাৰ সময়ত দুগৰাকী লোক উঠিব নোৱাৰিব বাইকত।

যান-যঁটৰ প্ৰতি লক্ষ্য ৰাখি সলনি হ’ব পাৰে মহানগৰীৰ পথ-উপপথসমূহৰ বাহন চলাচলৰ নিয়ম।‌
AT ৰ’ড পাৰ্কিং ফ্ৰী কৰাৰ লক্ষ্য যান-বাহন শাখাৰ।বেলতলাৰ পৰা জয়ানগৰ পথ ওৱান ৱে কৰা হ’ব।জয়ানগৰ-খানাপাৰা অঞ্চলত পাৰ্কিংৰ ব্যৱস্থা কৰা ‌হ’ব। সাধাৰণ লোকে আদাবাৰীৰ পৰা পাণ্ডু হৈ জালুকবাৰী থানাৰ সন্মুখেৰে ওলাব পাৰিব।‌‌ সামগ্ৰী কঢ়িওৱা বাহন দিনৰ ১ বজাৰ পৰা ৰাতিপুৱা ৪ বজালৈ বন্ধ থাকিব।

ৰাতিপুৱা ৪ বজাৰ পৰা ৭ বজালৈ সামগ্ৰী কঢ়িওৱা বাহন প্ৰৱেশ কৰিব পাৰিব। পূৰ্বৰ দৰে চলি থাকিব চিটী বাছসমূহ। মাছখোৱাৰ ASTC বাছসমূহ ISBT লৈ যাব লাগিব।

দেবী বিসৰ্জনৰ বাবে মহানগৰীৰ ৩টা স্থান তৈয়াৰ কৰা হৈছে। বিসৰ্জনৰ দিনটোত কাছাৰী মাছখোৱা সংযোগী মূল পথ বন্ধ থাকিব। আনহাতে পথৰ ওপৰত কোনো পূজা অনুষ্ঠিত কৰিব নোৱাৰিব

You might also like