নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মুখত ঘা হৈছে, একো খাব পৰা নাই? তেন্তে এই ৪টা প্রতিকাৰ-

নিয়মীয়া বাৰ্তা, ২৫ নৱেম্বৰঃ গৰম আহাৰ খাওতে, দাত কামোৰ খালে বা কোনো তৰলজাত দ্ৰব্য খাওতে মুখৰ ভিতৰত যদি পোৰে, বা ঘা লাগে তেন্তে সেই কষ্ট এতিয়াৰে পৰা ৪ টা ঘৰুৱা উপায়েৰে কৰক সমাধান।

লগতে পঢ়কঃ  কাইলৈ বন্ধ থাকিব বেংক! যাৱতীয় কাম কৰি লওক আজিয়েই…

এলোভেৰাৰ ৰস বা এলোভেৰা জেল মুখৰ ঘাত লগালে দ্রুত হাৰত সকাহ পোৱা যায়! এলোভেৰাৰ ৰস বা এলোভেৰা জেল হ’ল প্রাকৃতিক এন্টিচেপ্টিক যাৰ এন্টিফিংগাল, এন্টিবেক্টেৰিয়েল, এন্টিভাইৰেল উপাদানে দ্রুতভাৱে ঘা লগা অংশ থিক কৰে।

তুলসি পাত পানীত টিয়াই ৰাখি সেই পানী দিনে অন্তত তিনি-চাৰিবাৰ খালে মুখৰ ভিতৰৰ অংশ শীঘ্ৰে শুকাব।

এক চামুচ নাৰিকলৰ গাখীৰৰ সৈতে সমান পৰিমাণে মৌজুল মিহলি কৰি দিনে অন্তত তিনি-চাৰিবাৰ মুখৰ ঘা লগা অংশত প্রলেপ লগালে সোনকালে সুফল পোৱা যায়।

জ্বালা-যন্ত্রণা হ্ৰাস কৰাবলৈ টি-বেগ অত্যন্ত কার্যকৰী এটি উপাদান। এটি টি-বেগ ঠাণ্ডা পানীত কিছুক্ষণ ভিজাই ৰাখি তাক ঘা লগা ঠাইত লগাওক। দেখিব জ্বালা-যন্ত্রণা আৰু মুখৰ ক্ষত— দুয়োটায়ে ঠিক হৈছে।

You might also like