নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পিঞ্জৰাত বাঘৰে ফটো উঠিবলৈ গৈ লটিঘটি দুই যুৱকৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ৮ নৱেম্বৰঃ বাঘৰ পিঞ্জৰাত প্রৱেশ কৰি দুঃসাহসৰ পৰিচয় দিবলৈ গৈছিল দুজন যুৱকে৷ কিন্তু বাঘৰ হুংকাৰ শুনি কথমপি পিঞ্জৰাৰ ভিতৰৰ পৰা পলায়ন কৰি আত্মৰক্ষা কৰিলে যুৱক দুজনে৷ যাৱতীয় নিয়ম মানি থাইলেণ্ডৰ এখন চিৰিয়াখানাত বাঘৰ পিঞ্জৰাত প্রৱেশ কৰিছিল যুৱক দুজনে৷ উদ্দেশ্য আছিল বাঘৰ সৈতে ছবি তোলা৷ ইয়াৰ পিছতে বাঘৰ গর্জন শুনি কোনোমতে পিঞ্জৰাৰ পৰা পলায়ন কৰে যুৱকজনে৷ এই ভিডি’ ভাইৰেল হৈছে ছ’চিয়েল মিডিয়াত৷ ভিডি’টো শ্বেয়াৰ হৈছে ‘আৰণ ১৯৮০৯৬’ নামৰ এটা ইনষ্টাগ্রাম একাউণ্টৰ পৰা৷ থাইলেণ্ডৰ ‘দ্য মিলিয়ন য়ার্ছ ষ্টোন পার্ক এণ্ড ক্র’কোডাইল ফার্মৰ এটা বাঘৰ পিঞ্জৰাত ঘটিছে এই ঘটনা৷ বাঘটো বৃহৎ শিকলি এডালেৰে পিঞ্জৰাৰ ভিতৰত বান্ধি থোৱা অৱস্থাত প্রথমতে শান্ত হৈ আছিল৷ কিন্তু ছবি তোলাৰ স্বার্থত বাঘটোক লাঠীৰে খোঁচা দিয়া হৈছিল৷ প্রথম দুবাৰ বাঘটোৱে বিশেষ প্রতিক্রিয়া দেখুওৱা নাছিল যদিও তৃতীয়বাৰ বিৰক্ত হৈ ভয়ংকৰ ৰূপত গর্জন কৰে৷ গতিকে ত্রাহি মধুসূদন সুঁৱৰি পলায়ন কৰে বাঘৰ সৈতে ছবি উঠিবলৈ যোৱা দুই তৰুণ পর্যটকে৷

You might also like