নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাৰ্যকাল বৃদ্ধি ভাৰতীয় দলৰ মুখ্য প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়ৰ

বিশেষ বাৰ্তা, ২৯ নৱেম্বৰঃ ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে পুনৰ টীম ইণ্ডিয়াৰ প্ৰশিক্ষক হিচাপে নিযুক্তি দিলে ৰাহুল দ্ৰাবিড়ক। ২০২৩ চনৰ এদিনীয়া বিশ্বকাপৰ পিছত তেওঁৰ চুক্তি শেষ হৈছিল। এতিয়া বিচিচিআইয়ে তেওঁৰ চুক্তি বৃদ্ধি কৰিছে। লগতে জ্যেষ্ঠ পুৰুষ দলৰ মুখ্য প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়ৰ সৈতে ক্ৰীড়া কৰ্মচাৰীৰ চুক্তিও বৃদ্ধি কৰা হৈছে। মুখ্য প্ৰশিক্ষক আৰু সহায়ক কৰ্মচাৰীৰ কাৰ্যকাল কিমান দিন বৃদ্ধি কৰা হৈছে সেই তথ্য বিচিচিআইয়ে দিয়া নাই। বিচিচিআইৰ প্ৰেছ বিজ্ঞপ্তিটোত কোৱা হৈছে যে, “শেহতীয়াকৈ সমাপ্ত হোৱা এদিনীয়া বিশ্বকাপ ২০২৩ৰ পিছত ৰাহুল দ্ৰাবিড়ৰ চুক্তিৰ ম্যাদ উকলি যোৱাৰ পিছত বিচিচিআইৰ সৈতে এক অৰ্থপূৰ্ণ আলোচনা হৈছিল আৰু সকলোৰে সন্মতিসাপেক্ষে চুক্তিখন বৃদ্ধি কৰাৰ সিদ্ধান্ত লোৱা হৈছিল।” প্ৰেছ বিজ্ঞপ্তিটোত আৰু কোৱা হৈছে, “ভাৰতীয় দলটোক গঢ় দিয়াত ৰাহুল দ্ৰাবিড়ৰ ভূমিকাক ব’ৰ্ডে স্বীকৃতি দিছে আৰু তেওঁৰ ব্যতিক্ৰমী পেছাদাৰিতাৰ শলাগ লৈছে। এনচিএৰ মুখ্য প্ৰশিক্ষক আৰু টীম ইণ্ডিয়াৰ ষ্টেণ্ড-ইন মুখ্য প্ৰশিক্ষক হিচাপে ভিভিএছ লক্ষ্মণৰ ভূমিকাকো ব’ৰ্ডে শলাগ লৈছে। ঠিক তেওঁলোকৰ মহান অনফিল্ড অংশীদাৰিত্বৰ দৰেই ৰাহুল দ্ৰাবিড় আৰু ভিভিএছ লক্ষ্মণে ভাৰতীয় ক্ৰিকেটক আগুৱাই লৈ গৈছে। এই নৱ দায়িত্বা লাভৰ পিছত ভাৰতীয় মুখ্য প্ৰশিক্ষকগৰাকীয়ে কয়, ‘ভাৰতীয় দলৰ সৈতে যোৱা দুবছৰ স্মৰণীয়। আমি একেলগে উত্থান-পতন দেখিছো আৰু এই সমগ্ৰ যাত্ৰাত গোটৰ ভিতৰত থকা সমৰ্থন আৰু বন্ধুত্ব আচৰিত ধৰণৰ। ড্ৰেছিং ৰুমত আমি স্থাপন কৰা সংস্কৃতিক লৈ আমি গৌৰৱান্বিত। এই সংস্কৃতি জয় বা দুৰ্ভাগ্য যিয়েই নহওক কিয়, স্থিতিস্থাপক হৈ থিয় দিছে। আমাৰ দলটোৰ যি দক্ষতা আৰু আৱেগ আছে সেয়া আচৰিত আৰু আমি যিটো কথাত গুৰুত্ব দিছো সেয়া হ’ল আপুনি সঠিক প্ৰক্ৰিয়া অনুসৰণ কৰে আৰু আপোনাৰ প্ৰস্তুতিত অটল থাকে, যাৰ প্ৰত্যক্ষ প্ৰভাৱ সামগ্ৰিক ফলাফলত পৰে।” তেওঁ আৰু কয়, “মোৰ ওপৰত আস্থা প্ৰকাশ কৰাৰ বাবে, মোৰ দৃষ্টিভংগীক বৈধতা প্ৰদান কৰাৰ বাবে আৰু এই সময়ছোৱাত সহায় আগবঢ়োৱাৰ বাবে মই বিচিচিআইক ধন্যবাদ জনাইছো।”

#বাৰ্তা ডেস্ক

You might also like