নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২০২৪ত বিদেশী দলৰ শ্ৰীলংকা ভ্ৰমণৰ সূচী প্ৰকাশ শ্ৰীলংকা ক্ৰিকেট ব’ৰ্ডৰ

বিশেষ বাৰ্তা, ২৯ নৱেম্বৰঃ ২০২৪ চনত ভাৰতীয় দলটোৱে শ্ৰীলংকা ভ্ৰমণ কৰিব, য’ত তেওঁলোকে ৬খন হোৱাইট বলৰ মেচ খেলিব লাগিব, য’ত ৩খন এদিনীয়া আৰু ৩খন টি-২০ আন্তঃৰাষ্ট্ৰীয় মেচ অন্তৰ্ভুক্ত। এই হোৱাইট বলৰ শৃংখলা ২০২৪ চনৰ জুলাই মাহত অনুষ্ঠিত হ’ব। শ্ৰীলংকা ক্ৰিকেট ব’ৰ্ডে এই শৃংখলা ঘোষণা কৰে। ২০২৪ চনৰ ভৱিষ্যত ভ্ৰমণ কাৰ্যসূচীৰ ঘোষণা কৰিলে শ্ৰীলংকাই, য’ত ভাৰতীয় দলৰ বিৰুদ্ধে শৃংখলাও অন্তৰ্ভুক্ত কৰা হৈছে। শ্ৰীলংকাৰ ভৱিষ্যত ভ্ৰমণ কাৰ্যসূচীত প্ৰথম স্থান লাভ কৰে জিম্বাবুৱেৰ দলে। ২০২৪ চনৰ জানুৱাৰী মাহত জিম্বাবুৱেৰ দলটোৱে শ্ৰীলংকা ভ্ৰমণ কৰিব। ইয়াৰ পিছত আফগানিস্তানৰ দলটোৱে জানুৱাৰী-ফেব্ৰুৱাৰী মাহত শ্ৰীলংকা ভ্ৰমণ কৰিব। তাৰ পিছত ইয়াৰ পিছত ফেব্ৰুৱাৰী-মাৰ্চ মাহত বাংলাদেশৰ দল আহিব শ্ৰীলংকালৈ। আফগানিস্তান আৰু বাংলাদেশৰ দলে তিনিওটা ফৰ্মেটতে ছিৰিজ খেলিব। ইয়াৰ পিছত জুন আৰু জুলাই মাহত অনুষ্ঠিত হ’ব ২০২৪ চনৰ টি-২০ বিশ্বকাপ। তাৰ পিছত খোদ জুলাই মাহত শ্ৰীলংকাৰ দলটোৱে ভাৰতৰ বিৰুদ্ধে ৩খন এদিনীয়া আৰু ৩খন টি-২০ আন্তঃৰাষ্ট্ৰীয় মেচ খেলিব। আগবাঢ়ি গৈ নিউজিলেণ্ড, ৱেষ্ট ইণ্ডিজ আৰু দক্ষিণ আফ্ৰিকাৰ দলসমূহে শ্ৰীলংকা ভ্ৰমণ কৰিব। নিউজিলেণ্ডে তিনিবাৰকৈ শ্ৰীলংকা ভ্ৰমণ কৰিব। ২০২৩ চনত শ্ৰীলংকাই ভাৰত ভ্ৰমণ কৰিছিল, য’ত দুয়ো দেশৰ মাজত তিনিখন টি-২০ আন্তঃৰাষ্ট্ৰীয় আৰু তিনিখন এদিনীয়া মেচ অনুষ্ঠিত হৈছিল। ভাৰতীয় দলটোৱে দুয়োটা ছিৰিজতে জয়লাভ কৰিছিল।

#বাৰ্তা ডেস্ক

You might also like