নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আমেৰিকাৰ বিৰুদ্ধে চীনা হেকাৰৰ ‘ছায়াযুদ্ধ’

বিশেষ বাৰ্তা, ২৬ মেঃ আমেৰিকাৰ বিৰুদ্ধে প্রবল ‘ছায়াযুদ্ধ’ আৰম্ভ কৰিছে চীনে৷ চাইবাৰ জগতত এইবাৰ মুখামুখি দুই মহাশক্তি৷ সূত্রৰ খবৰ অনুসৰি এইবাৰ মার্কিন কম্পিউটাৰবোৰক আক্রমণৰ লক্ষ্য হিচাপে বাচি লৈছে চীন চৰকাৰ তথা দেশখনৰ সেনাৰ সাহায্যপ্রাপ্ত হেকাৰবোৰে৷ ‘দ্য নিউয়র্ক টাইমছ’ৰ প্রতিবেদন অনুসৰি সম্প্রতি এক ৰহস্যময় ক’ডৰ সন্ধান পাইছে মাইক্র’ছফ্ট আৰু মার্কিন চোৰাংচোৱা সংস্থাসমূহে৷ প্রশান্ত মহাসাগৰৰ গুৱাম দ্বীপৰ পৰা আৰম্ভ কৰি মূল মার্কিন ভূ–খণ্ডৰ টেলি কমিউনিকেচন কম্পিউটাৰসমূহত হঠাতে দেখিবলৈ পোৱা গৈছে এই ক’ড৷ মাইক্র’ছফ্টে দাবী কৰা অনুসৰি এয়া চাইবাৰ আক্রমণ৷ ইয়াৰ নেপথ্যত আছে চীন চৰকাৰ আৰু দেশখনৰ সেনাই গঢ়ি তোলা হেকাৰবোৰ৷ অতি কৌশলেৰে এই ক’ডবোৰ স্থাপন কৰা হৈছে৷ ৰাউটাৰ বা ইণ্টাৰনেট কানেকচনত ব্যৱহাৰ কৰা গেজেটৰ মাধ্যমেৰে এই হেকিং কৰা হৈছে৷ ফলত ইয়াক বিচাৰি পোৱাও কঠিন৷ মার্কিন চোৰাংচোৱা সংস্থাৰ মতে গুৱামৰ পৰা এই ছায়াযুদ্ধ আৰম্ভ হৈছে৷ এয়া খুবেই তাৎপর্যপূর্ণ বিষয় যে প্রশান্ত মহাসাগৰৰ গুৱামত মার্কিন সেনাৰ ঘাটি আছে৷ টাইৱানত চীনা সেনাই আক্রমণ কৰিলে গুৱামৰ পৰাই আমেৰিকাই চীন ভূ–খণ্ডত আক্রমণ চলাব পাৰে৷ গতিকে গুৱামৰ যোগাযোগ ব্যৱস্থা ধ্বংস কৰি দিয়াৰ বাবে চীনে এই চাইবাৰ আক্রমণ আৰম্ভ কৰা বুলি ধাৰণা কৰিছে ৱাশ্বিংটন প্রশাসনে৷

You might also like