নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রেমিকাক হত্যা : মৃতদেহ হোৱাটছএপ ষ্টেটাছত প্রচাৰ যুৱকৰ

বিশেষ বাৰ্তা, ৩ ডিচেম্বৰ : চেন্নাইৰ আছিক নামৰ যুৱক এজনে হোৱাটছএপ ষ্টেটাছত প্রেমিকাৰ মৃতদেহ প্রচাৰ কৰাত তীব্র চাঞ্চল্যৰ সৃষ্টি হৈছে৷ হোৱাটছএপ ষ্টেটাছৰ আধাৰতে আৰক্ষীয়ে আছিকক সোধা–পোছা কৰাত প্রেমিকাক হত্যা কৰা বুলি স্বীকাৰ কৰিছে৷ আৰক্ষীয়ে আছিক থকা হোটেলৰ কোঠাত প্রেমিকা ২০ বছৰীয়া নার্ছিং শিক্ষার্থীগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে৷ উল্লেখ্য যে আছিক আৰু প্রেমিকা একেলগে হোটেলৰ কোঠাত আছিল আৰু ইয়াতেই প্রেমিকাক হত্যা কৰা হৈছিল৷ চেন্নাই আৰক্ষীয়ে আছিকক কি কাৰণত হত্যা কৰিছে, এই সন্দর্ভত সোধা–পোছা কৰি আছে৷

You might also like