নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সামুদ্রিক ঘূর্ণি মিছাং : ৪ ডিচেম্বৰত শৈক্ষিক প্রতিষ্ঠান বন্ধ

বিশেষ বাৰ্তা, ৩ ডিচেম্বৰ : সামুদ্রিক ঘূর্ণি মিছাঙৰ ভয়াৱহতাৰ প্রতি লক্ষ্য ৰাখি পুডুচেৰী, কাৰাইকাল আৰু য়ানম অঞ্চলত অহা ৪ ডিচেম্বৰত শৈক্ষিক প্রতিষ্ঠানসমূহ বন্ধ ঘোষণা কৰা হৈছে৷ ভাৰতীয় বতৰ বিজ্ঞান বিভাগে সামুদ্রিক ঘূর্ণি মিছাঙৰ প্রভাৱ পুডুচেৰীৰ লগতে তামিলনাডুৰ ওপৰত পৰিব বুলি সকীয়নি প্রদান কৰাৰ পিছতে পুডুচেৰী প্রশাসনে ৪ ডিচেম্বৰত সকলো শৈক্ষিক প্রতিষ্ঠান বন্ধ ঘোষণা কৰিছে৷ আনপিনে, তামিলনাডুৰ মুখ্যমন্ত্রী এম কে ষ্টেলিনে এই সামুদ্রিক ঘূর্ণিৰ প্রভাৱৰ সম্ভাৱনাৰ প্রতি লক্ষ্য ৰাখি চৰকাৰী বিষয়াসকলক ক্ষতিগ্রস্ত হ’ব পৰা অঞ্চলত সূক্ষ্ম নিৰীক্ষণ ৰখাৰ লগতে প্রয়োজনসাপেক্ষে উক্ত অঞ্চলৰ বাসিন্দাক স্থানান্তৰ কৰিবলৈ নির্দেশ দিছে৷ শেহতীয়া তথ্য মতে ঘূর্ণিৰ প্রতি লক্ষ্য ৰাখি তামিলনাডুতো সোমবাৰে শৈক্ষিক প্রতিষ্ঠানসমূহ বন্ধ ঘোষণা কৰিছে৷

You might also like