কাশ্মীৰৰ নিয়ন্ত্রণ ৰেখাত সেনা বৃদ্ধি পাকিস্তানৰ
নিয়ন্ত্রণ ৰেখা বা এলঅ’চিৰ সিপাৰে ৰাৱালকোড, কোটলি আৰু ভিম্বৰ ছেক্টৰত ইতিমধ্যে ‘কাউণ্টাৰ আনমেনড এৰিয়েল ছিষ্টেম চমুকৈ চি–ইউএএছ’ৰ নতুন ইউনিট স্থাপন কৰিছে পাকিস্তানৰ ফিল্ড মার্শ্বাল আছিম মুনিৰ বাহিনীয়ে৷
বর্তমানৰ প্রচণ্ড শীতকো নেওচি জম্মু আৰু কাশ্মীৰৰ নিয়ন্ত্রণ ৰেখাৰ সিপাৰে সক্রিয় হৈ উঠিছে পাকিস্তানী সেনাবাহিনী৷ ক্রমান্বয়ে বৃদ্ধি পাইছে সেনাৰ সমাৱেশ৷ এটাৰ পিছত এটাকৈ মোতায়েন কৰা হৈছে ড্রোন বিধ্বংসী ইউনিট৷ সামৰিক চোৰাংচোৱা সূত্রৰ উদ্ধৃতিৰে প্রকাশিত খবৰ মতে এলঅ’চিৰ সিপাৰে আছিম মুনিৰৰ বাহিনী এনেদৰে তৎপৰ হৈছে৷
সামৰিক পর্যবেক্ষকসকলে ধাৰণা কৰিছে যে অপাৰেচন সিন্দূৰৰ পৰা লাভ কৰা শিক্ষাৰ পৰাই পাকিস্তানী সেনাই সীমান্তত প্রতিৰক্ষামূলক অৱস্থান মজবুত কৰিবলৈ বিচাৰিছে৷ চোৰাংচোৱা সূত্রই দাবী কৰা মতে মুনিৰ বাহিনীয়ে এলঅ’চিত সমানে সমানে ৩০টাৰো অধিক এণ্টি–ড্রোন ইউনিট মোতায়েন কৰিছে৷
মুৰীত ১২সংখ্যক প্রদাতিক ডিভিজনৰ সদৰ কার্যালয়ৰ তত্ত্বাৱধানত আৰু কোটলি–ভিম্বৰত দায়িত্বপ্রাপ্ত ২৩সংখ্যক পদাতিক ডিভিজনক বিভিন্ন কৌশলগত অৱস্থানত ড্রোন মোতায়েনৰ দায়িত্ব দিয়া হৈছে৷ এই পদক্ষেপ অনুযায়ী এল’চিৰ ওচৰে–পাঁজৰে আকাশ সীমাত নজৰদাৰী আৰু ইলেক্ট্র’নিক যুদ্ধৰ সক্ষমতা বিচাৰ কৰি চোৱাটো পাক বাহিনীৰ অন্যতম উদ্দেশ্য বুলি ধাৰণা কৰা হৈছে৷
উল্লেখযোগ্য যে জম্মুৰ পুঞ্চত এলঅ’চিৰ সিপাৰে পাক্ অধিকৃত কাশ্মীৰৰ ৰাৱালকোটত মোতায়েন কৰা পাকিস্তানী সেনা বাহিনীৰ দ্বিতীয় আজাদ কাশ্মীৰ ব্রিগেদৰ এই তৎপৰতাৰ মূল অভিকেন্দ্র৷
ডিজিটেল ডেস্ক, ২৭ ডিচেম্বৰ