নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কিয় ট্ৰাম্পে ভাৰতলৈ ওভতালে ৩,০০০ লোকক, জানক সবিশেষ

চলিত বছৰৰ আৰম্ভণিতেই বহুতো ভাৰতীয় অভিবাসীক ভাৰতলৈ ওভতাই পঠিয়াইছে ড’নাল্ড ট্রাম্প প্রশাসনে৷ যোৱা অক্টোবৰ মাহতো ৫৪জন ভাৰতীয়ক তেওঁলোকে বিতাড়িত কৰিছে৷

ৰাজ্যসভাত এক লিখিত প্রশ্ণৰ উত্তৰত বিদেশমন্ত্রী এছ জয়শংকৰে কয় যে চলিত বছৰৰ জানুৱাৰীৰ পৰা এইপর্যন্ত মুঠ ৩,২৫৮জন ভাৰতীয়ক দেশলৈ ওভতাই পঠিয়াইছে ট্রাম্প প্রশাসনে৷

২০০৯ বর্ষৰ পৰা বিতাড়িত ভাৰতীয়ৰ সংখ্যা যোগ কৰিলে ই হয়গৈ ১৯,৮২২জন৷ তেওঁ কয়– ‘২০২৫ বর্ষৰ জানুৱাৰী মাহৰ পৰা বর্তমানপর্যন্ত মুঠ ৩,২৫৮জন ভাৰতীয়ক বিতাড়িত কৰিছে মার্কিন চৰকাৰে৷ ইয়াৰ ভিতৰত ২,০৩২জনক (৬২.৩ শতাংশ) বাণিজ্যিক বিমানেৰে আৰু বাকী ১,২২৬জন (৩৭.৬ শতাংশ) ভাৰতীয়ক মার্কিন ইমিগ্রেচন এণ্ড কাষ্টমছ এনফ’চমেণ্ট (আইচিডি) অথবা মার্কিন কাষ্টমছ এণ্ড ব’ডাৰ প্রটেক্চন (চিবিটি)ৰ চার্টার্ড বিমানেৰে দেশখনে ভাৰতলৈ প্রেৰণ কৰিছে৷’

উল্লেখযোগ্য যে দ্বিতীয়বাৰলৈ হোৱাইট হাউছৰ মুৰব্বী হোৱাৰ পিছৰে পৰাই অভিবাসনক লৈ কঠোৰ স্থিতিত অৱস্থান কৰিছে মার্কিন ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পে৷ যোৱা অক্টোবৰ মাহত ভাৰতলৈ ওভতাই পঠিওৱা হাৰিয়ানাৰ বাসিন্দাসকলে অবৈধ ডংকী পথেৰে আমেৰিকাত প্রৱেশ কৰিছিল বুলি কোৱা হৈছে৷

ডিজিটেল ডেস্ক, ৬ ডিচেম্বৰ

You might also like