নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চন্দ্রৰ কক্ষপথৰ পৰা ‘অৰিয়ন’ যানে প্রেৰণ কৰিলে পৃথিৱীৰ আলোকচিত্র

নিয়মীয়া বাৰ্তা, ২৩নৱেম্বৰ:  চন্দ্রৰ কক্ষপথত প্রৱেশ কৰিছে মার্কিন মহাকাশ গৱেষণা সংস্থা নাছাই প্রেৰণ কৰা আর্টেমিছ–১এ৷ চন্দ্রযান অৰিয়ন পৃথিৱীৰ উপগ্রহৰ কক্ষপথত প্রৱেশ কৰাৰ পিছতে প্রথম আলোকচিত্র প্রেৰণ কৰিছে৷ চন্দ্রপৃষ্ঠৰ পৰা ৮০ মাইল উচ্চতাত অৱস্থান কৰিছে আর্টেমিছ–১ বা অৰিয়ন মহাকাশ যানে৷ চন্দ্রৰ কক্ষপথৰ পৰা পৃথিৱীৰ আলোকচিত্র প্রেৰণ কৰিছে অৰিয়ন যানে৷ এই আলোকচিত্র ইতিমধ্যে সংবাদ মাধ্যমক মুকলি কৰি দিছে নাছাই৷ আকাশত নীল গোলাকাৰ বলৰ দৰে অৱস্থান কৰা পৃথিৱীৰ এই আলোকচিত্র নাছাই মুকলি কৰি দিয়াৰ লগে লগে বিষয়টোক লৈ চর্চা চলিছে৷

You might also like